স্কুল নহয়, এইবাৰ বন্ধ হ'ব ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়...

স্কুল নহয়, এইবাৰ বন্ধ হ'ব ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়...

author-image
Asomiya Pratidin
New Update
স্কুল নহয়, এইবাৰ বন্ধ হ'ব ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়...

ৰাজ্যত এইবাৰ বিদ্যালয় নহয়, বন্ধ হ'ব ৰাজহ চক্ৰৰ কাৰ্যালয়। কোন জিলাত কোনকেইটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধৰ সিদ্ধান্ত লৈছে চৰকাৰে? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এখন বিশেষ প্ৰতিবেদন...

Advertisment

ৰাজ্যৰ ৰাজহ বিভাগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি, অতি শীঘ্ৰে বন্ধ হব ৰাজ্যখনৰ ৩৬টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। ইতিমধ্যে বন্ধ হব লগা কেইবাটাও ৰাজহ চক্ৰ কাৰ্যালয়লৈ বিভাগটোৰ উচ্চ পদস্থ বিষয়াই এক নিৰ্দেশ প্ৰেৰণ কৰিছে।

এই নিৰ্দেশত কোৱা হৈছে, বন্ধ হব লগা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত কৰ্মৰত কৰ্মচাৰীসকলে সেই জিলাত থকা আন ৰাজহ চক্ৰৰ কাৰ্যালয়ত যোগদান কৰিব লাগিব। অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি, বজালী জিলাত এটা ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বিভাগটোৱে।

সেই সিদ্ধান্ত অনুসৰি বজালীত সৰুপেটা ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰিব। বৰপেটাত পূৰ্বতে থকা বাঘবৰ আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় দুটা বন্ধ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে। বঙাইগাঁও জিলাত দংতল, মাণিকপুৰ, বিশ্বনাথ জিলাৰ হেলেম , চৰাইদেউ জিলাত সাপেখাটি, দৰং জিলাত পথৰুঘাট আৰু পূব মঙলদৈ, ধেমাজি জিলাত গোগামুখ, ধুবুৰী জিলাত আগমণি,চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

ৰাজ্যৰ আন জিলাবোৰত ক্ৰমে, ডিব্ৰুগড়ত ডিব্ৰুগড় পশ্চিম, গোৱালপাৰাত ৰংজুলি, গোলাঘাটত খুমটাই, হাইলাকান্দিত আলগাপুৰ আৰু লালা, যোৰহাটত যোৰহাট পশ্চিম, কামৰূপ মেট্ৰত চন্দ্ৰপুৰ ৰাজহ চক্ৰ এতিয়াৰে পৰা নাথাকিব।

কামৰূপত উত্তৰ গুৱাহাটী, কায়ান,চয়গাওঁ, নগৰবেয়া, চমৰীয়া, কৰিমগঞ্জত বদৰপুৰ, লখিমপুৰত কদম, সোৱণশিৰি, মাজুলীত উজনি মাজুলী, মৰিগাঁৱত মিকিৰভেটাঁ, ভূৰাগাওঁ, নলবাৰীত পশ্চিম নলবাৰী, ঘঘৰাপাৰ, বৰভাগ, বানকুছি, শিৱসাগৰত আমগুৰি, দক্ষিণ শালমাৰাৰ মানকাছৰ, দক্ষিণ শালমাৰা ৰাজহ চক্ৰ কেইটা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

সমজিলা ঘোষণা কৰাৰ পাছত এই ৰাজহচক্ৰ কেইটাৰ বন্ধ কৰি দিয়াৰ সিদ্ধান্তই স্থানীয় অঞ্চলবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বুলিও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাজহ চক্ৰ বিষয়া