চলাহী কথা কোৱা ইউটিউবাৰক PROMO CODEএ লগাইছে লেঠা...

চলাহী কথা কোৱা ইউটিউবাৰক PROMO CODEএ লগাইছে লেঠা...

আৰক্ষীৰ চকুৰ আগতেই, প্ৰশাসনৰ সন্মুখতেই তেওঁলোকে প্ৰচাৰ কৰে জুৱাৰ খেল। অনলাইন এই জুৱা খেলিবলৈ উৎসাহিত কৰে মানুহক। যিখন ৰাজ্যত লটাৰী নিষিদ্ধ, সেইখন ৰাজ্যত এচাম ইউটিউবাৰ ভিডিঅ’ কনটেন্ট বনাই হোৱাটছ এপ যোগে বিক্ৰী কৰে লটাৰীৰ টিকট। বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰিত এই জুৱা খেলি সৰ্বাহাৰা হৈছে বহু লোক। কেইটামান টকাৰ লোভত যিসকলে এই বেআইনী কাম মুকলিকৈ কৰি গৈছে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন তথা চৰকাৰে কেতিয়া ল’ব ব্যৱস্থা। এই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ এক প্ৰতিবেদন...

হঠাৎ সাৰ পালে আৰক্ষী। হয়তো এগৰাকী আৰক্ষী মহিলা জোৱানে এনে কাম কৰাৰ বাবে কোনোবা উচ্চপদস্থ বিষয়াই বহুদিনৰ আগতে ল’ব লগা ব্যৱস্থা পলমকৈ হ’লেও গ্ৰহণ কৰিলে।

সামাজিক মাধ্যমত কনটেন্ট দি তাৰ জৰিয়তে এই মাধ্যমক ধন ঘটাৰ উৎস হিচাপে ব্যৱহাৰ কৰিছিল এইগৰাকী মহিলা জোৱানে। পাপৰি কলিতা নামৰ এই মহিলা জোৱান গৰাকী কুঁহি নামৰ ফেচবুক পেইজটোৰ জৰিয়তে বিভিন্ন বিষয়ক ভিডিঅ প্ৰস্তুত কৰিছিল।

অভিযোগ অনুসৰি, পাপৰি কলিতাই অনলাইন জুৱা ‘ৰামি’  খেলৰ প্ৰচাৰ আৰু প্ৰচলন কৰিছিল তেওঁৰ ভিডিঅসমূহত। সামাজিক মাধ্যমতেই তেওঁ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এগৰাকী আৰক্ষী কামাণ্ডো জোৱানে অনলাইন জুৱাৰ বিজ্ঞাপন প্ৰচাৰ কৰাত মানুহৰ চকু কপাঁলত উঠিছিল। দৰঙৰ খজুৱা বিলত থকা তৃতীয় এ পি টি এফ বি এনৰ জোৱান আছিল পাপৰি। তাৰ পৰা তেওঁ প্ৰথমে বীৰংগনা আৰু পিছত মহিলা কামাণ্ডো হিচাপে যোগদান কৰিছিল।

পাপৰি কলিতাক চাকৰিৰ পৰা নিলম্বিত কৰাৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ মন্তব্য এনেধৰণৰ- অসম আৰক্ষীত কৰ্তব্যৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে তেওঁৰ অনলাইন সামাজিক মাধ্যমক ব্যৱসায়িকভাৱে ধন আহৰণৰ এক অচিলা হিচাপে ব্যৱহাৰ কৰাৰ তথ্য আমাৰ নিয়মীয়া নিৰীক্ষণত ধৰা পৰিছে৷ চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা এনে ব্যৱসায়িক কাম-কাজ নিয়ম বিৰুদ্ধ আৰু এই কৰ্মচাৰীগৰাকীৰ এনে কাৰ্য প্ৰমাণিত হোৱাত তেওঁক তাৎক্ষণিকভাৱে নিলম্বিত কৰা হৈছে আৰু বিভাগীয় তদন্তৰ নিৰ্দেশ জাৰি কৰা হৈছে৷ আৰক্ষী বিভাগৰ লোকসকলক সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰী আৰু বিভাগীয় নিয়ম-নীতি মানি চলাৰ বাবে নিয়মীয়াকৈ সকীয়াই থকা হৈছে আৰু এনেধৰণৰ কাম-কাজত নিয়োজিত নহবলৈ নিৰ্দেশ দিয়া হৈছে৷

পাপৰি কলিতাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল’লে। কুহিঁ নামৰ পেইজটোৰ জৰিয়তে পাপৰিয়ে কৰাৰ দৰেই অসমত বহু ইউটিউবাৰ আৰু ডিজিটেল ক্ৰিয়েটৰ আছে যিসকলে এনে কনটেন্ট প্ৰস্তুত কৰি বিভিন্ন অনলাইন জুৱাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি আহিছে।

আনকি এই সন্দৰ্ভত সচেতন লোকে এজাহাৰো দাখিল কৰিছে। ২৯মে’ ২০২৪ত নুৰ আলম খান নামৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাগৰাকীয়ে বকো থানাত দাখিল কৰিছে এজাহাৰ।  সমাজ ধ্বংসকাৰী এচাম ইউটিউবাৰে ভিডিঅ প্ৰস্তুত কৰি সামাজিক মাধ্যমত অনলাইন গেমৰ জৰিয়তে জুৱা খেলাৰ প্ৰতি আকৰ্ষিত কৰা বুলি উল্লেখ কৰিছে এই এজাহাৰত।

অধিবক্তাগৰাকীয়ে সেই এজাহাৰত ৯জন তেনে ইউটিউবাৰ তথা ডিজিটেল ক্ৰিয়েটৰৰ নাম উল্লেখ কৰিছে। সেইসকল ক্ৰমে-  ইনজামামুল হক, পাশান আলী, ৰহিবুল, আৰিফুজ জামান, ইলিমা বেগম, টুটু খান,  ছানিদুল ইছলাম, নাজিমূল হক আৰু হাজানুৰ।

এজাহাৰকাৰী অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁ দেখা পোৱা এই ইউটিউবাৰ কেইজন স্থানীয় আৰু পৰিচিত। ইয়াৰ উপৰিও অসমজুৰি প্ৰায়ভাগ ইউটিউবাৰে এই কাম কৰি আহিছে, সেয়েহে তেওঁ এজাহাৰত আন আন বুলিও উল্লেখ কৰিছে।

যিসকলৰ নাম তেওঁ এজাহাৰত দিছে তেওঁলোকৰ বিৰু্দ্ধে সকলো তথ্য মজুত কৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ কৰিছে। তেওঁ উল্লেখ কৰিছে যে, ইণ্ডিলাক নামৰ অনলাইন গেমটোৰ প্ৰমট কৰি সেই গেম খেলিবলৈ মানুহক প্ৰলোভিত কৰিছে। এনে অললাইন গেমৰ প্ৰচাৰ কৰি এইসকল ডিজিটেল ক্ৰিয়েটৰে ধন ঘটে আৰু সেই প্ৰচাৰত মোহ গৈ বাকীবোৰে গেম খেলি সাচতীয়া ধন পানীত পেলায়। চতুৰ ডিজিটেল ক্ৰিয়েটৰ সকলে ইয়াকো লিখি দিয়ে যে, আৰ্থিক লোকচান আৰু বিপদৰ বাবে তেওঁলোক জগৰীয়া নহয়।

এই অপৰিচিত ইউটিউবাৰ সকলৰ কথা বাদেই, এনেদৰে অনলাইন জুৱাৰ প্ৰচাৰ কৰি ধন ঘটা তালিকাত নাম আছে বহু বিখ্যাত ইউটিউবাৰ আৰু ডিজিটেল ক্ৰিয়েটৰৰ। হেল্ল দোস্ত বুলি আৰম্ভ কৰা ইউটিউবাৰো এই ধন মোহৰ পৰা বাদ পৰি যোৱা নাই। একাংশই লটাৰীৰ টিকট বিক্ৰী কৰাটো এটা ধন ঘটাৰ ব্যৱসায় হিচাপে লৈছে। আনকি অনলাইন যোগে সেই টিকট বিক্ৰী কৰি ধন জমা নিদিয়াৰ ঘটনাও ঘটিছে। যাৰ বাবে অভিযুক্ত ইউটিউবাৰে ৰাজহুৱাকৈ ক্ষমা বিচাৰিব লগা হৈছে।

যিখন ৰাজ্যত লটাৰী নিষিদ্ধ, সেইখন ৰাজ্যত এয়া সম্ভৱ কেনেকৈ? ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে নিষিদ্ধ লটাৰী খেল। বিক্ৰেতাৰ ৰূপত দুটামান কনটেন্ট বনাই জনপ্ৰিয়তাৰ মুখ দেখা একাংশ ইউটিউবাৰ।

শিক্ষকৰ চাকৰি কৰা ডিজিটেল ক্ৰিয়েটৰে যেতিয়া অনলাইন জুৱা বা গেম খেলিবলৈ আহ্বান জনাই নিজৰ প্ৰম’ কড ব্যৱহাৰ কৰি সেই গেম ডাউনলড কৰিবলৈ কয়, তেনে সময়ত শিক্ষা বিভাগৰ বৰমূৰীয়া সকলে ক’ত চকু মুদি থাকে? তাৰ উদাহৰণ ‘অসম জেট’ নামৰ ইউটিউবাৰগৰাকী। মৰিগাঁৱৰ লাবুমণি আমচং নামৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে ২৩মে, ২০২৪ত তেনে এক কনটেন্ট আপলোড কৰি লিখিছিল-  এই শ্ৰাদ্ধ বা সকাম নিয়মভাগো এক প্ৰকাৰৰ অবিশ্বাস। প্ৰথমে গুগলত যাই ছাৰ্জ কৰক 1xbet আৰু ডাউনলড কৰ...তাৰপাছত ৰেজিটেশ্যন কৰি মোৰ প্ৰম’ কড JET17 use কৰক।

পাপৰি কলিতাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ দৰে এইখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব কেতিয়া। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীয়ে এজাহাৰত উল্লেখ কৰা আন আন সকলৰ ভিতৰত এইসকলো পৰে।

বিকাশ চেত্ৰী নামৰ আনএগৰাকী ইউটিউবাৰৰ ইউটিউবৰ ভিডিঅতো এনে অনলাইন গেম, লটাৰী বা জুৱা জাতীয় খেলৰ বিজ্ঞাপন দেখিবলৈ পোৱা যায়। যি বিজ্ঞাপন কনটেন্টৰ মাজত খোদ ইউটিউবাৰ বা ডিজিটেল ক্ৰিয়েটৰগৰাকীয়ে দিয়ে।

‘মনোজ ভাই’ নামৰ ফেচবুক পেইজটোৰ পৰাও অনলাইন জুৱা খেলি কিমান টকা ঘটিব পাৰি তাৰ প্ৰচাৰ হয়। একেদৰে ‘দেৱলতা’ নামৰ ফেচবুক পেইজটোতো একেই কাৰবাৰ চলে। ‘মানসী’ নামৰ এগৰাকী ডিজিটেল ক্ৰিয়েটৰেও এই অনলাইন জুৱাৰ প্ৰসাৰ, প্ৰচাৰ কৰাৰ উদাহৰণ আছে।

আনহে নালাগে ‘হৰপল’ নামৰ ডিজিটেল পেইজটোৱেও এই অনলাইন জুৱা বা গেমৰ প্ৰচাৰ কৰে। আৰক্ষীয়ে তদন্ত বা অনুসন্ধান কৰিলে এনে বহু সংখ্যক ডিজিটেল ক্ৰিয়েটৰ বা ইউটিউবাৰ ওলাব যিসকলে তেওঁলোকৰ ভিউৱাৰ্ছক এই অনলাইন গেমবোৰ খেলিবলৈ প্ৰৰোচিত কৰে।

পাখী ৰাজবংশী নামৰ যুৱতীগৰাকীৰ কনটেন্টতো তেনে অনলাইন গেমৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ উদাহৰণ আছে। শ্বৌভিক ৰাজখোৱা, হিমাশ্ৰী, ড্ৰিম গাৰ্ল দৰ্শনা, কৰিশ্মা নাথ আদিৰ নামো এই তালিকাত আছে। তাৰমাজতো ইয়াৰ বিপৰীতে জনহিতাৰ্থে ভৱা, সমাজৰ কল্যাণৰ হকে চিন্তা কৰি ভিডিঅ প্ৰস্তুত কৰা ইউটিউবাৰো আছে, যি এই কাম নকৰে।

উপাৰ্জনৰ পথ বিচাৰি নামৰ পেইজটোত অনলাইন গেম তিনিপটি খেলি কেনেকৈ লাখপতি হব পাৰি তাৰ লিংক দিয়া আছে। আৰক্ষীয়ে ব্যৱস্থা ল’লে আৰু স্থানীয় সচেতন লোকে সহযোগ কৰিলে সমাজত জুৱা খেলিবলৈ প্ৰচাৰ চলোৱা এইসকলৰ নাম ৰাজহুৱা হ’ব।

জুৱা নামৰ এই অপব্যাধি এতিয়া অনলাইনযোগে চলে। মুকলিকৈ সেই অনলাইন গেম বোৰৰ প্ৰচাৰৰ অংশীদাৰ হোৱা সকলে পাপৰি কলিতাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ পাছত তেনে প্ৰচাৰ কৰা ভিডিঅ’ ডিলিট কৰাও দেখা পোৱা গৈছে।

অনলাইন জুৱা এক ভয়ানক ব্যাধি হৈ পৰিছে। বলিউদৰ অভিনেতা-অভিনেত্ৰীক তেনে অনলাইন জুৱা এপছৰ সৈতে জড়িত থকা অভিযোগত গ্ৰেপ্তাৰ আৰু তলব কৰাও উদাহৰণ আছে। শেহতীয়াকৈ মহাদেৱ বেটিং এপ কেলেংকাৰী সন্দৰ্ভত ইডিয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতা চাহিল খানক।

অসমৰ এনে কামৰ সৈতে জড়িত সকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে বহুকেইগৰাকী সচেতন লোকে বিভিন্ন থানাত এজাহাৰো দাখিল কৰিছে। প্ৰয়োজনত সেই গোচৰ অনুসন্ধান আৰু তদন্তৰ দায়িত্ব ল’ব লাগে চি আই ডিয়ে।

অনলাইন গেম খেলক আৰু লাখপতি হঁওক বুলি ডিজিটেল ক্ৰিয়েটৰসকলে টকা ঘটে আৰু সেই প্ৰৰোচনাৰ বলি হৈ লোভত বাকীসকলে সেই গেম খেলি সৰ্বস্বান্ত হয়। পাপৰি কলিতাক প্ৰথম অসম কামাণ্ডো বেটিলিয়নৰ অধিনায়কে ২৯মে,২০২৪ত মেমো নম্বৰ- 1st CDO/R/PF/2024/2076 যোগে নিলম্বনৰ জাননী জাৰি কৰিছে।

সেই জাননীত ২৯মে’ৰ পৰা নিলম্বন কৰা লেন্স নায়ক(W)-316 পাপৰি কলিতাই ৰামি গেমৰ প্ৰমোচন ছচিয়েল মিডিয়া, ইনষ্টাগ্ৰাম আদিত কৰা বুলি উল্লেখ কৰা হৈছে। ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, হোৱাটছ এপ আদিত আৰক্ষীৰ পোছাক পিন্ধি ভিডিঅ’ বনাই বিভাগীয় নীতি-নিয়ম ভংগ কৰাৰ বাবে এইগৰাকী আৰক্ষী মহিলা জোৱানক ইয়াৰ পূৰ্বেও ১৪/১২/২০২৩ত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

পাপৰি কলিতাক এই সন্দৰ্ভত যোগাযোগ কৰাত তেওঁ এই বিষয়ে অৱগত নহয় আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কোৱা মহিলা গৰাকী তেৱেই বুলি কি প্ৰমাণ আছে বুলি প্ৰত্যাহ্বান জনাইছে। ১৪/১২/২০২৩ত চৰকাৰী সম্পত্তি (ইউনিফৰ্ম) ব্যৱহাৰ কৰি ভিডিঅ প্ৰস্তুতেৰে ধন আহৰণ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। যিখন জাননীৰ মেমো নং আছিল-  Bn.16/0/2023/6279

চৰকাৰীৰ এই নিৰ্দেশৰ তথ্যই কয় অনলাইন জুৱাৰ এপছ ৰামি প্ৰমোচন কৰাৰ বাবে তেওঁক নিলম্বন কৰাৰ কথাই আৰক্ষী সঞ্চালকে প্ৰধানে নাম উল্লেখ নকৰিলেও সদৰি কৰিছে। পাপৰিৰ পাছত এতিয়া আৰক্ষী তথা প্ৰশাসনৰ দায়িত্ব বাকীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা। নহ’লে সহজ ধনৰ লোভত এনে প্ৰচাৰ আৰু প্ৰসাৰে এটা প্ৰজন্মকে পঙ্গু কৰি পেলাব।

চলাহী কথা কোৱা ইউটিউবাৰক PROMO CODEএ লগাইছে লেঠা...
গান্ধী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in