/asomiyapratidin/media/media_files/2025/06/08/mYiwmu0UrlG0hcGx3twy.jpg)
অসমত থকা বিদেশীক ততাতৈয়াকৈ বিতাড়ন কৰাৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব অসম চৰকাৰে। বিদেশীক চিনাক্ত কৰি লগে লগে নিজ দেশলৈ পঠাই দিয়াৰ বাবে ১৯৫০চনৰ এখন বিশেষ আইনৰ সহায় লব চৰকাৰে। কালক্ৰমত হেৰাই যোৱা এই আইনখন পুনৰ চৰ্চালৈ আনিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কি এই আইন, কি আছে এই আইনখনত? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...
বিদেশী বহিষ্কাৰ তথা বিতাড়নক লৈ অচিৰেই ৰাজ্য চৰকাৰে এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। যোৱা ৭জুন, ২০২৫ত নলবাৰীত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰিছে যে, অচিৰেই অসমে বিদেশী অনুুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বহিষ্কাৰৰ বাবে পূৰ্বৰ এক বিশেষ আইন পুনৰ প্ৰযোজ্য কৰাৰ চিন্তা কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি আইনৰ অধীনত বিদেশী বহিষ্কাৰৰ বাবে অসমে কাম কৰিব তাৰ সন্দৰ্ভতো বাখ্যা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয় যে, অসমে শেহতীয়াকৈ ১৯৫০চনৰ THE IMMIGRANTS(EXPLUSION FROM ASSAM) ACT, 1950ৰ সহায়ত বিদেশী চিনাক্তকৰণ আৰু বিতাড়ন কৰাৰ চিন্তা-চৰ্চা কৰিছে।
মুখ্যমন্ত্ৰীৰ মুখত এই আইনখনৰ নাম শুনাৰ পাছতে এতিয়া সকলোৰে মনলৈ প্ৰশ্ন আহিছে যে, কি আছিল THE IMMIGRANTS(EXPLUSION FROM ASSAM) ACT, 1950ত। বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ বাবে এই আইনখমে কিদৰে অসমক সহায় কৰিব তাক লৈ ভিন্ন চৰ্চা আৰম্ভ হৈছে।
১৯৫০চনৰ ১মাৰ্চত গৃহীত হৈছিল এই বিশেষ আইনখন। এই আইনখনৰ জৰিয়তে অসমে বিদেশী বহিষ্কাৰ আৰু বিতাড়নৰ ক্ষেত্ৰত লাভ কৰিছিল বিশেষ অধিকাৰ। আইনখনত উল্লেখ আছে যে, কোনো বিদেশীক যদিহে চিনাক্ত কৰা হয়, তেন্তে তেনে বিদেশীক বিতাড়িত কৰিবলৈ বিদেশী ন্যায়াধীকৰণৰ কাষ চপাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে জিলা প্ৰশাসনৰ মুৰব্বীয়েই বিতাড়নৰ বাবে সকলো নিৰ্দেশনা প্ৰদান কৰিব পাৰিব।
এই আইনখনৰ বিষয়ে সৰল বাখ্যা এনেধৰণৰ। যদিহে অসমৰ ধুবুৰী নাইবা ধেমাজিত কোনো বিদেশী নাগৰিক চিনাক্তকৰণ কৰা হয়, তেন্তে তেওক ৰাজ্যৰ পৰা বহিষ্কাৰৰ বাবে কোনো বিদেশী ন্যায়াধীকৰণৰ বাবে বাট চোৱাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে জিলা আয়ুক্ত নাইবা কোনো কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰিত বিষয়াৰ জৰিয়তে ততালিকে তেনে বিদেশ নাগৰিকক বহিষ্কাৰ কৰিব পাৰিব।
এই আইনখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰিত বিষয়াৰ লগতে অসম, মেঘালয় আৰু নাগালেণ্ড চৰকাৰৰ যিকোনো ৰাজপত্ৰিত বিষয়াই বিদেশী নাগৰিকক বিতাড়নৰ বাবে নিৰ্দেশনা প্ৰদানৰ অধিকাৰ প্ৰদান কৰা হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, এই আইনখনৰ পৰা পাকিস্তানৰ অবৈধ নাগৰিকক বিতাড়নৰ প্ৰসংগটো আতৰাই ৰখা হৈছে।
যদিহে পাকিস্তানৰ অন্তৰ্গত কোনো অঞ্চলৰ পৰা বিশেষ পৰিস্থিতিৰ বাবে কোনো লোক অসমত অবৈধ অনুপ্ৰৱেশ কৰে, তেন্তে তেনে নাগৰিকৰ ক্ষেত্ৰত THE IMMIGRANTS(EXPLUSION FROM ASSAM) ACT, 1950এ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। ইয়াৰ পৰিৱৰ্তে এনে ঘটনাৰ বাবে বিদেশী ন্যায়াধীকৰণৰ সহায় লব লাগিব ৰাজ্য চৰকাৰে।
THE IMMIGRANTS(EXPLUSION FROM ASSAM) ACT, 1950ত লগতে উল্লেখ আছে যে, এই আইনখন অমান্য কৰি কোনো লোকে অবৈধ অনুপ্ৰৱেশকাৰীক যদিহে প্ৰশ্ৰয় দিয়ে, তেন্তে ৩বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমণাৰ দৰে শাস্তিৰ সন্মুখীন হব লাগিব। কালক্ৰমত ভিন্ন ঘটনা প্ৰৱাহত প্ৰায় হেৰাই যোৱা এই আইনখন পুনৰ চৰ্চালৈ আনিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
চৰ্চালৈ আহিলেও এই আইনখন পুনৰ প্ৰযোজ্যকৰণৰ প্ৰক্ৰিয়া বৰ বেছি সহজ নহব। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিনিধিয়ে আলোচনা কৰিছে উচ্চতম ন্যায়ালয়ৰ সৈতে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই কথা ঘোষণা কৰি কয় যে, উচ্চতম ন্যায়ালয়ে এই আইনখনক লৈ এক ৰায়দান কৰিছে আৰু এইখন এতিয়াও প্ৰযোজ্য আছে বুলি কৈছে। নাগৰিকত্ব বিধেয়কক লৈ ৰায়দান কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৬(এ)ৰ অধীনত এই আইনখন প্ৰযোজ্য কৰিব পৰা যায় বুলি উল্লেখ কৰিছিল।
এই আইনখনক লৈ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বিদেশী বহিষ্কাৰৰ বাবে বিদেশী ন্যায়াধীকৰণলৈ অসমে বাট চাই থকাৰ কোনো প্ৰয়োজন নাই। এই সন্দৰ্ভত আমি আলাপ-আলোচনা কৰিছো। অনুপ্ৰৱেশকাৰীসকলক ওভতাই পঠোৱা কাৰ্য আইনী প্ৰক্ৰিয়াৰ অধীনত কৰি থকা হৈছে৷ আগন্তুক দিনত আমি আৰু অধিক অনুপ্ৰৱেশকাৰীক ওভতাই পঠোৱাৰ বাবে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।