অসমত বিজেপি! অটল বিহাৰী বাজপেয়ীয়ে তেওঁক পাতিছিল সেনাপতি...

১৯৯৮চনৰ এপ্ৰিল মাহৰ কথা। তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী হঠাতে এটা বিষয়ক লৈ বিবুধিত পৰিছিল। বিষয়টো আছিল কেন্দ্ৰীয় যোগাযোগ বিভাগ সম্পৰ্কীয়।

New Update
hjjjdd

অসমত তেওঁ বিজেপিৰ বীজ ৰোপণ কৰিছিল। সেই দায়িত্ব দিছিল খোদ অটল বিহাৰী বাজপেয়ীয়ে। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তৰংগ বন্ধুৰ তালিকাত অন্যতম এটা নাম আছিল কবিন্দ্ৰ পুৰকায়স্থ। বিজেপিৰ জন্মলগ্নৰ নেতাগৰাকীৰ বিয়োগে আজি সকলো বিজেপি কৰ্মীকে মৰ্মাহত কৰি তুলিছে। অসম বিজেপিৰ পিতামহ স্বৰূপ এইগৰাকী স্থিতপ্ৰজ্ঞ ৰাজনৈতিক নেতাৰ জীৱন পৰিক্ৰমাৰ কিছু দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

১৯৯৮চনৰ এপ্ৰিল মাহৰ কথা। তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী হঠাতে এটা বিষয়ক লৈ বিবুধিত পৰিছিল। বিষয়টো আছিল কেন্দ্ৰীয় যোগাযোগ বিভাগ সম্পৰ্কীয়। ততাতৈয়াকৈ মাতি পঠাইছিল বিভাগীয় মন্ত্ৰীক। মন্ত্ৰীগৰাকীক মাতি নি বাজপেয়ীয়ে সুধিছিল যে, টেলিকম পৰামৰ্শদাতা কমিটিখন সক্ৰিয় হৈ থকা নাই কিয়?

প্ৰধানমন্ত্ৰীৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে উত্তৰ দিছিল যে, এই কাম কৰাৰ কৰ্তৃত্ব বিভাগৰ কেবিনেট মন্ত্ৰীৰহে আছে। তেওঁ সেই বিভাগৰ ৰাজ্যিক মন্ত্ৰীহে। বাজপেয়ীয়ে তেওঁৰ কান্ধত হাত থৈ কৈছিল যে, কেবিনেট মন্ত্ৰীৰ বাবে ৰৈ থাকিব নালাগে। এই কাম আপুনিয়ে কৰক। 

প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে যাৰ কান্ধত অতি বিশ্বাসেৰে হাত থৈছিল তেৱেই আছিল কবিন্দ্ৰ পুৰকায়স্থ। সেই সময়ত বাজপেয়ী চৰকাৰৰ তেওঁ আছিল যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী। মন্ত্ৰীত্ব লাভ কৰাৰ পূৰ্বেই দলৰ সাংগাঠনিক দক্ষতাৰ বাবে পুৰকায়স্থ হৈ পৰিছিল অটল বিহাৰী বাজপেয়ীৰ এগৰাকী অন্তৰংগ বন্ধু।

images (1)

আজি অসম তথা উত্তৰ পূবত বিজেপি যি স্তৰ পাইছেহি তাৰ অন্যতম এডাল শিপা আছিল কবিন্দ্ৰ পুৰকায়স্থ। প্ৰথমে তেওঁ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যকতাৰ লগতে উত্তৰ-পূবৰ ভিন্ন দায়িত্ব পালন কৰিছিল। ১৯৫১চনতে তেওঁ যোগ দিছিল আৰ এছ এছত।

উত্তৰ-পূর্বাঞ্চলত আৰ এছ এছৰ মতাদৰ্শ বিয়পোৱাত তেওঁ যথেষ্ট অৱদান আছে।  ১৯৮০ চনত দলৰ অন্যতম প্রতিষ্ঠাপক সদস্য হিচাপে বিজেপিত যোগদান কৰিছিল ৷ বিজেপিত যোগদান কৰাৰ আগৰে পৰাই সংঘৰ ভিন্ন কামৰ জৰিয়তে তেওঁ কাষ চাপিছিল অটল বিহাৰী বাজপেয়ীৰ।

Budget Railways for 2012-13: Sh. Kabindra Purkayastha: 21.03.2012

বিজেপি গঠন হোৱা পাছতে এদিন কবিন্দ্ৰ পুৰকায়স্থক মাতি পঠাইছিল বাজপেয়ীয়ে। মাতি নি তেওঁক কৈছিল যে, তুমি এতিয়াৰে পৰা দলৰ কাম-কাজ কৰিব লাগিব। অসমৰ দলীয় কাম-কাজ চোৱাৰ দায়িত্ব দিলে। তাৰ পিছতে কবিন্দ্ৰ পুৰকায়স্থৰ সৈতে একেলগে গুৱাহাটীলৈও আহিছিল বাজপেয়ী। 

অটল বিহাৰী বাজপেয়ীয়ে দিয়া সেই দায়িত্ব নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে পালন কৰি অসম তথা উত্তৰ-পূবত বিজেপিৰ বীজ ৰোপণ কৰিছিল তেওঁ। তাৰ পিছতে চৰকাৰ আহিল, চৰকাৰ গ'ল। ১৯৯১ চনত অসমৰ শিলচৰ সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল তেওঁ 

Pained by the passing of former MP and Union Minister Shri Kabindra  Purkayastha Ji. His commitment to serving society and contribution towards  Assam's progress will always be remembered. He played a vital

১৯৯৮ চনত একেটা সমষ্টিৰ পৰা পুনৰ লোকসভালৈ নিৰ্বাচিত হয়। ২০০৯ চনত শিলচৰৰ পৰা আই এন চিৰ হেভিৱেট প্ৰাৰ্থী সন্তোষ মোহন দেৱ আৰু এ ইউ ডি এফৰ বদৰুদ্দিন আজমলক পৰাস্ত কৰি ১৫ সংখ্যক লোকসভালৈ নিৰ্বাচিত হৈছিল কবিন্দ্ৰ পুৰকায়স্থ । কিন্তু ২০১৪ চনৰ নিৰ্বাচনত তেওঁৰ পক্ষত মোডীৰ ঢৌ থকাৰ পিছতো সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱ (আই এন চি)ৰ হাতত পৰাস্ত হৈছিল।

অসমত বিজেপিক প্ৰতিষ্ঠা কৰাত কবিন্দ্ৰ পুৰকায়স্থৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। দলীয় এগৰাকী অন্যতম সংগঠন হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়তো নাম আছিল তেওঁৰ। এইগৰাকী নেতাক বাদ দি বিজেপিৰ মাত্ৰচিত্ৰ সদায়েই আধৰুৱা। অসম বিজেপিৰ পিতামহ এইগৰাকী নেতাৰ বুধবাৰে সন্ধিয়া ৫.০৬ বজাত শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ । 

CM Assam wishes former MP Kabindra Purkayastha on his 92nd birthday –  Way2Barak

সামাজিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল।  গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণ কবীন্দ্ৰ পুৰকায়স্থৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ ডিচেম্বৰত অবিভক্ত ভাৰতৰ আৰু বৰ্তমান বাংলাদেশৰ অন্তৰ্গত চিলেট জিলাৰ কমাৰশালত ।

প্ৰাপ্ত খবৰ অনুসৰি  বিগত কেইবাদিনো ধৰি তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল । তেওঁ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভেণ্টিলেশ্যনত আছিল । হৃদযন্ত্ৰ, বৃক্ক, শ্বাস-প্ৰশ্বাস আৰু বাৰ্ধক্যজনিত কাৰণত তেওঁ কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল ৷

ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক তথা বিজেপিৰ পিতামহস্বৰূপ কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ৰাজ্যিক বিজেপিয়ে আগন্তুক দুটা দিনৰ সকলো দলীয় কাৰ্যসূচী বাতিল কৰিছে।

Shri Kabindra Purkayastha ji is a stalwart of @BJP4India and founder of BJP  in Assam who is like a father figure to us all. Honoured to visit and seek  the blessings of

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কবিন্দ্ৰ পুৰকায়স্থৰ মৃত্যুৰ বাতৰি পাই মৰ্মাহত হোৱাৰ কথা উল্লেখ কৰে। বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰিছে। দলৰ কঠিন সময়তো সকলোৰে হিতৰ বাবে তেওঁ কৰা ত্যাগৰ কথাও উল্লেখ কৰিলে শ্বাহে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত বাংলা ভাষাত প্ৰকাশ কৰা এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে লিখিছে, তেওঁৰ নেতৃত্বত অসমত ভাৰতীয় জনতা পার্টী তথা ৰাষ্ট্রীয়তাবাদী আদর্শৰ ভেটি স্থাপন হয়, যিয়ে আজি এক বিশাল বটবৃক্ষৰ ৰূপ ধাৰণ কৰিছে । বৰাক উপত্যকা আৰু অসমৰ লগতে দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্রতো শ্রদ্ধেয় পুৰকায়স্থদেৱৰ অৱদান অনবদ্য আৰু অনন্য ।

এনেদৰেই এতিয়া অসম বিজেপিৰ পিতামহক সোৱঁৰণ কৰিছে সকলোৱে। ক্ষমতা নাথাকিলেই দলৰ স্বাৰ্থক দলিয়াই আন দললৈ যোৱা বহু আদৰ্শহীন নেতাৰ বিপৰীতে স্থিতপ্ৰজ্ঞ ৰাজনৈতিক নেতা আছিল তেওঁ। সেয়েহে বিজেপিৰ দুখৰ দিনতো দলটো শক্তিশালী কৰিবলৈ তৃণমূল পৰ্যায়ত সদায়েই সন্মুখৰ পৰা নেতৃত্ব দিছিল কবিন্দ্ৰ পুৰকায়স্থই...

বিজেপি বিজেপি চৰকাৰ বিজেপিৰ সভাপতি বিজেপি সভাপতি