'গুৰু পূৰ্ণিমা'ৰ মহিমা...

'গুৰু পূৰ্ণিমা'ৰ মহিমা...

author-image
Asomiya Pratidin
New Update
'গুৰু পূৰ্ণিমা'ৰ মহিমা...

গুৰু পূৰ্ণিমাৰ দিনটো কিয় পালন কৰা হয়। এই দিনটোৰ অন্তৰালত এনে কি মহিমা আছে? এই দিনটোত কি কি কাম কৰিলে জীৱনটো সমৃদ্ধিৰে ভৰি পৰে বুলি ভৱা হয়। এই বিশেষ দিনটোৰ কিছু কথা সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

Advertisment

আজি গুৰু পূৰ্ণিমা অৰ্থাৎ ব্যাস পূৰ্ণিমা। আজি গুৰুক পূজাৰ কৰাৰ দিন। আজিৰ দিনটোতে বেদ ৰচনা কৰা বেদ ব্যাসৰ জন্ম বাৰ্ষিকীও উদযাপন কৰা হয়, সেয়েহে  এই দিনটোক ব্যাস পূৰ্ণিমা বুলিও কোৱা হয়। বেদ ব্যাস আছিল জ্ঞানৰ ভঁৰাল ৷ সেয়ে তেওঁৰ স্মৃতিতেই পালন কৰা হয় গুৰু পূৰ্ণিমাৰ উৎসৱ।

গুৰুক তিনি দেৱতা অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ সমান বুলি গণ্য কৰা হয় । এই পবিত্ৰ দিনটোত গংগাত স্নান কৰিলে ভাল বুলি গণ্য কৰা হয় ৷ লগতে গুৰুক পূজা কৰি তেওঁলোকৰ পদাংক অনুসৰণ কৰিব লাগে । তেনে কৰিলে গুৰুৰ আৰ্শীবাদ লাভ কৰিব পাৰি বুলি জনবিশ্বাস আছে ৷ সেয়ে গুৰু পূৰ্ণিমাৰ দিনা গংগাত গা স্নান কৰিবলৈ বহু সংখ্যক ভক্তই হৰিদ্বাৰত উপস্থিত হয় ।

ভাৰতীয় সংস্কৃতিৰ মতে গুৰুসকলে কৰ্ম যোগৰ আধাৰত জ্ঞানদানত ব্ৰতী থাকে। এই দিনটি ঘাইকৈ ভাৰতনেপাল আৰু ভূটানত পালন কৰা হয় যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বী সকলে এই উৎসৱ পালন কৰে।

হিন্দু আখ্যান অনুসৰি গুৰু পূৰ্ণিমা তিথিত ঋষি পৰাশৰ ঔৰসত আৰু ধীবৰ ৰাজৰ কন্যা সত্যৱতীৰ সন্তান মহাভাৰতৰ প্ৰণেতা বেদব্যাসৰ জন্ম হৈছিল। বেদব্যাসে সম্পূৰ্ণ বেদ আয়ত্ত কৰি ইহঁতৰ নীতি নিয়ম আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি চাৰি ভাগত বিভক্ত কৰিছিল। তাৰপিছত তেওঁ তেওঁৰ চাৰিশিষ্য পাইলা, বৈসম্পায়ন, জৈমিনী আৰু সুমন্তুক প্ৰথমে চাৰি বেদৰ জ্ঞান দিছিল। বেদক বিভক্ত আৰু সম্পাদনা কৰাৰ বাবে তেওঁ বেদব্যাস উপাধি লাভ কৰিছিল। তেওঁ বেদ সমূহক ঋক, সাম, যৰ্যু আৰু অথৰ্ব বেদত বিভক্ত কৰিছিল। ইয়াৰ উপৰিও তেওঁ পুৰাণ সমূহৰ ৰচনা কৰিছিল।

জৈন পৰম্পৰা অনুসৰি গুৰু পূৰ্ণিমাৰ পৰা জৈন সকলৰ পৱিত্ৰ 'চতুৰ্মাস' আৰম্ভ হয়। চতুৰ্মাস হৈছে জৈন সকলে পৱিত্ৰ জ্ঞান কৰা বৰ্ষাকালৰ চাৰিমাহ। জৈন সকলৰ ২৪তম তীৰ্থাংকৰ মহাবীৰে 'কৈৱল্য' অৱস্থা লাভ কৰা পিছত এগৰাকী গন্ধৰ্ব ইন্দ্ৰভূতি গৌতমক তেওঁৰ প্ৰথম শিষ্য হিচাপে গ্ৰহণ কৰিছিল। পিছলৈ ইন্দ্ৰভূতি গৌতম গন্ধৰ্বক গৌতম স্বামী হিচাপে জনা যায়। এইদৰে মহাবীৰ এগৰাকী ত্ৰিনক গোহাত পৰিগণিত হৈছিল আৰু জৈন সকলে এই দিন ত্ৰিনক গোহা পূৰ্ণিমা হিচাপে পালন কৰি আহিছে।

গুৰু পূৰ্ণিমাত গুৰু সকলৰ উদ্দেশ্যে বিভিন্ন সাংস্কৃতিক তথা ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। গুৰু পূজা এই উৎসৱৰ অন্যতম মূল অনুষ্ঠান। গুৰু শব্দটো 'গু' আৰু 'ৰু' এই দুই শব্দৰ পৰা আহিছে। সংস্কৃত ভাষাত 'গু' মানে অন্ধকাৰ বা অজ্ঞানতা আৰু 'ৰু' মানে অন্ধকাৰ বা অজ্ঞানতা দূৰ কৰোঁতা। অৰ্থাৎ গুৰু মানে অজ্ঞানৰূপী অন্ধকাৰ দূৰ কৰোঁতা।

ভাৰতীয় সংস্কৃতিত গুৰুক জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়।ধৰ্মীয় গুৰুত্বৰ বাহিৰেই এই উৎসৱৰ ভাৰতীয় শিক্ষা-ব্যবস্থাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ। বৌদ্ধ সকলে পাৰম্পৰিক ভাৱে গৌতম বুদ্ধয়ে সাৰনাথত তেওঁৰ প্ৰথম শ্ৰমণ দিয়া দিন হিচাপে এই উৎসৱ পালন কৰে

যোগী পৰম্পৰা অনুসৰি এই উৎসৱ ভগৱান শিৱয়ে প্ৰথম গুৰু হিচাপে যোগ বিদ্যা সপ্তৰ্ষি সকলক প্ৰদান কৰা দিৱস হিচাপে পালন কৰা হয়। তদুপৰি প্ৰাচীন ভাৰতীয় গুৰু শিষ্য পৰম্পৰাত অন্যতম শ্ৰেষ্ঠ গুৰু বেদব্যাসৰ আৱিৰ্ভাৱ তিথি হিচাপে হিন্দু সকলে এই উৎসৱ পালন কৰে। ইয়াৰ লগতে তেওঁ কেইদিন 'আষাঢ় সুধা পদ্যমী' লিখিবলৈ আৰম্ভ কৰিছিল আৰু এই দিনায়ে এই কাব্য শেষ হৈছিল।

হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ লগত আটাইকেইটা ধাৰ্মিক ধৰ্মালম্বী সকলে এই দিন গুৰু তথা শিক্ষকলৈ উছৰ্গা কৰি পালন কৰে। হিন্দু ধৰ্মৰ সাধু, সন্ন্যাসী মহন্ত সকলে তেওঁলোকৰ গুৰুলৈ পূজা আগবঢ়ায়। জৈন সকলে তেওঁলোকৰ পাৰম্পৰিক পৱিত্ৰ চতুৰ্মাস উদযাপন কৰে।

গুৰু শিষ্য পৰম্পৰা পালন কৰা ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ শিক্ষাৰ্থী সকলে গোটেই বিশ্বজুৰি এই উৎসৱ পালন কৰে। এইদিনা বিভিন্ন মন্দিৰত ব্যাস পূজা অনুষ্ঠিত হয়। নেপালত এই দিন শিক্ষক দিৱস হিচাপে পালন কৰা হয়। নেপালৰ শিক্ষানুষ্ঠানত এই দিনা শিক্ষকৰ উদ্দেশ্য বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়।

ইফালে ভাৰতত আজিৰ দিনটোত গুৰু পূৰ্ণিমা উপলক্ষে হৰিদ্বাৰত বহু ভক্তই গংগাত গা স্নান কৰাৰ লগতে বহুতে আকৌ গংগাজল সংগ্ৰহ কৰিবলৈয়ো এই স্থানলৈ আহিছে । এইবাৰ গুৰু পূৰ্ণিমা শনিবাৰে সন্ধিয়া ০৫:৫৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু ২১ জুলাই দেওবাৰে সন্ধিয়া ০৩:৪৬ বজাত শেষ হ’ব। 

বিশ্বাস চলি আহিছে যে, গুৰু পূৰ্ণিমাৰ দিনা যিসকলে গুৰু আৰু ভগৱান বিষ্ণুক ৰীতি-নীতি অনুসৰি পূজা কৰে, তেওঁলোকে মোক্ষ লাভ কৰে আৰু লগতে কেৰিয়াৰ উন্নতিৰ পথো মুকলি কৰে। গুৰু পূৰ্ণিমাৰ দিনা আৰ্তজনক হালধীয়া শস্য, হালধীয়া কাপোৰ আৰু হালধীয়া ৰঙৰ মিঠাই দান কৰিব লাগে। ইয়াৰ ফলত ৰাশিফলত বৃহস্পতি গ্ৰহ শক্তিশালী হয় বুলি কোৱা হয়।

Also Read: ২০০বাৰতকৈ অধিক বাৰ আক্ৰমণ কৰা হুথি বিদ্ৰোহীৰ ওপৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক...

গুৰু পূৰ্ণিমা