পাপন বিহীন বহাগৰ মঞ্চ! বাকী সকলৰ আখৰা আৰম্ভ...

বহাগ পদুলিমুখত। কুলি-কেতেকীৰ মাতে যেনেকৈ বহাগ অহাৰ বতৰা দিয়ে, তেনেকৈয়ে বহাগ বিহুৰ আগত যেন গায়ক-গায়িকাসকলৰ মাননিৰ প্ৰসংগক লৈ বিৰ্তক হোৱাটো এক পৰম্পৰাত পৰিণত হৈছে।

New Update
পাপন

বহাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত কোন গায়ক-গায়িকাই ক'ত গীত গাব ইতিমধ্যে বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিছুমানৰ মিলা নাই বাজেট। এগৰাকী জনপ্ৰিয় শিল্পীক মঞ্চত উঠাবলৈ সকলো বিহু কমিটিয়ে আশা কৰিছে যদিও ধনবলেৰে দাঙিব পৰা নাই মনে বিচৰা শিল্পীগৰাকীক। এইবেলি বহাগত কোন গৰাকী গায়ক-গায়িকাৰ কিমান দাম? ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

বহাগ পদুলিমুখত। কুলি-কেতেকীৰ মাতে যেনেকৈ বহাগ অহাৰ বতৰা দিয়ে, তেনেকৈয়ে বহাগ বিহুৰ আগত যেন গায়ক-গায়িকাসকলৰ মাননিৰ প্ৰসংগক লৈ বিৰ্তক হোৱাটো এক পৰম্পৰাত পৰিণত হৈছে। বিগত কিছু বছৰৰ পৰা বহাগৰ আগে আগে গায়ক-গায়িকাসকলৰ দৰ দামক লৈ দুটা পক্ষ প্ৰচণ্ড বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা গৈছে।

পূজা, বিহু আদি উৎসৱৰ সময়েতেই অসমৰ গায়ক-গায়িকাসকলে এটা মোটা অংকৰ ধন উপাৰ্জন কৰে। অৱশ্যে আজিকালি বছৰৰ ১২মাহেই কিবা নহয় কিবা উৎসৱ অসমত অনুষ্ঠিত হৈয়ে থাকে। বিশেষকৈ বহাগ বিহুৰ মঞ্চত নিজৰ সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে গায়ক-গায়িকাসকলে কিছু বিশেষ ৰেট বান্ধি দিয়ে। বাদ্যযন্ত্ৰীসকলক লগত লৈ আগতীয়াকৈ আৰম্ভ কৰি দিয়ে অনুশীলন। 

প্ৰতিবছৰৰ দৰে এইবছৰো গায়ক-গায়িকাসকলৰ মাননিক লৈ তীব্ৰ বিৰ্তকৰ সূত্ৰপাত হৈছে। কিছু আছে গায়ক-গায়িকাৰ পক্ষত আৰু অন্য একাংশই গায়ক-গায়িকাসকলে এই লাখ লাখ মাননি নিৰ্ধাৰণক লৈ বিৰোধিতা কৰিছে। বিৰ্তক গৈ এই পৰ্যায় পাইছেগৈ যে, এটা পক্ষই আনটো পক্ষৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিব লগা হৈছে।

এতিয়া আহিছো এই বহাগত গায়ক-গায়িকাসকলৰ মাননিৰ প্ৰসংগলৈ। এইবাৰ বহাগত জুবিন গাৰ্গে  এটা সংগীতানুষ্ঠাৰ বাবে ৭ৰ পৰা ১৫লাখ টকা পৰ্যন্ত লব বুলি চৰ্চা হৈছে যদিও এই সন্দৰ্ভত জুবিনৰ টীমে কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই।  পিছে এইবছৰ বিহুৰ মঞ্চত নাথাকিব পাপন অংগৰাগ মহন্ত । শিল্পীগৰাকীৰ মহাপ্ৰবন্ধকগৰাকীয়ে জনোৱা অনুসৰি এতিয়ালৈ পাপনে ৰখা নাই কোনো বিহুৰ অনুষ্ঠান ।

ইফালে এইবেলি বিহুত শিল্পী জিতুল সোণোৱালৰ মাননিৰ পৰিমাণ হৈছে ২.৫০ ৰ পৰা ৪ লাখ । আনহাতে কণ্ঠশিল্পী দীক্ষুৰ মাননিৰ পৰিমাণ হৈছে ৩ ৰ পৰা ৪.৫০ লাখ টকা । বছৰটোত বহুকেইটা হিট গান ৰাইজৰ উপহাৰ দিয়া আচুৰ্যৰ দাম এইবাৰ বহাগত কিছু বাঢ়িছে। এইবেলি বহাগত আচুৰ্য বৰপাত্ৰৰ মাননি ৭ ৰ পৰা ৮ লাখ টকা ।

দীপলিনা ডেকাই এইবাৰ মাননিৰ পৰিমাণ ৩.৫০ লাখৰ পৰা ৪ লাখ টকা ধাৰ্য কৰিছে । প্ৰিয়ংকা ভৰালীৰ মাননিৰ পৰিমাণ ৪ লাখ পৰা ৫ লাখ টকা । জুবলী বৰুৱাৰ এইবছৰৰ মাননি ৪ লাখৰ পৰা ৪.৫০ লাখ টকা । সুবাসনা দত্তই এইবছৰ মাননি ধাৰ্য কৰিছে ৩ লাখ ৫০ হেজাৰৰ পৰা ৫ লাখ টকা ।

বর্ণালী কলিতাৰ মাননি ৪.৫০ ৰ পৰা ৫ লাখ টকা বুলি জানিব পৰা গৈছে ।  শংকুৰাজ কোঁৱৰৰ মাননিৰ পৰিমাণ গুৱাহাটীৰ ভিতৰত ৬ লাখ টকা আৰু বাহিৰত ৭ ৰ পৰা ৭.৫০ লাখ টকা ।  ৰূপম ভূঞাৰ মাননিৰ পৰিমাণ ২ ৰ পৰা ৩লাখ টকা । ভৃগু কাশ্যপৰ গুৱাহাটীত ২.৫০ ৰ পৰা ৩ লাখ আৰু বাহিৰত ৩ ৰ পৰা ৩.৫০ লাখ টকা ।

 মণ্টুমণিৰ ৩ লাখৰ পৰা ৪.৫০লাখ টকা । এসময়ত নিজৰ দৰদী কন্ঠৰে বছৰটোত বহুকেইটা হিট গান দিয়া উপহাৰ দিয়া মৌচম গগৈৰ এই বহাগত মাননিৰ পৰিমাণ হৈছে ২ লাখ টকাৰ পৰা ৩.৫০ লাখ টকা । আনহাতে  নীল আকাশৰ মাননি ৬ ৰ পৰা ৬.৫০ লাখ টকা বুলি জানিব পৰা গৈছে ।

নৱপ্ৰজন্মৰ অতি প্ৰতিভাৱান কন্ঠশিল্পী দ্বীপান্বিতাৰ মাননি ৩.৫০ ৰ পৰা ৪ লাখ টকা ।  ৰিছা ভৰদ্বাজৰ মাননি ৩.৫০ ৰ পৰা ৪ লাখ টকা । হিট মেচিন হিচাপে খ্যাত প্ৰাণদ্বীপৰ মাননি ৩ পৰা ৪ লাখ । ৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি অৰ্জা অভিশ্ৰুতি বেজবৰুৱাৰ এই বহাগত এখন মঞ্চৰ বাবে ল'ব ৩ ৰ পৰা ৩.৫০ লাখ টকা ।

আনফালে বাবু বৰুৱাৰ এইবাৰৰ মাননি ২ লাখৰ পৰা ২.৫০ লাখ টকা । কুসুম কৈলাশে ৪ ৰ পৰা ৫ লাখ টকা মাননি ধাৰ্য কৰিছে । প্রবীণ বৰাৰ মাননি ৩.৫০ লাখ টকাৰ পৰা ৪.৫০ লাখ টকা । নিলোৎপল বৰাৰ মাননি ৩.৫০ লাখৰ পৰা ৪ লাখ টকা । সান্নিধ্য ভূঞাৰ মাননি ২.৫০ লাখৰ পৰা ৩ লাখ টকা ।

এইবাৰ কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ মাননি ৩.৫০ ৰ পৰা ৫ লাখ টকা । পদ্মনাভ বৰদলৈৰ মাননি ১.৫০ ৰ পৰা ৩.৫০ লাখ টকা । তৰুণ তন্ময়ৰ মাননি ১.৫০ ৰ পৰা ২ লাখ টকা । আনহাতে ময়ুৰী দত্তৰ মাননি ১.৮০ ৰ পৰা ২.৫০ লাখ টকা । একেবাৰে শেষত শেহতীয়াকৈ যথেষ্ট বিৰ্তক হোৱা মৌমিতা মিত্ৰৰ এইবাৰৰ ৰঙালী মঞ্চৰ বাবে দাম ঠিক কৰিছে ২লাখৰ পৰা ২.৫০লাখ টকা।

এনৈকেয়ে এতিয়া ৰঙালীৰ মঞ্চৰ বাবে সাজু হৈছে ৰাজ্যৰ ন-পুৰণি গায়ক-গায়িকাসকল। সকলোৱে আৰম্ভ কৰি দিছে আখৰা। বছৰটোত অধিক আগ্ৰহেৰে এই দিনকেইটাৰ বাবে ৰৈ থকা প্ৰতিগৰাকী ন পুৰণি গায়ক-গায়িকাই ইতিমধ্যেই বহু বিহুমঞ্চৰ বাবে চুক্তিৱদ্ধ হৈছে। তাৰ মাজতে সূত্ৰপাত হৈছে বিৰ্তকও। এনে বিৰ্তকৰ মাজতেই প্ৰতিবাৰেই বিহু মঞ্চবোৰক অধিক প্ৰাণৱন্ত কৰি আহিছে তেওঁলোকে...

জুবিন গাৰ্গ