/asomiyapratidin/media/media_files/2025/07/01/ayaa-2025-07-01-14-39-21.jpg)
এয়া আকাশবাণী গুৱাহাটী- আমাৰ কাণত মৃদুভাৱে গুঞ্জৰিত হোৱা এয়া যেন এক শব্দৰ ঝংকাৰ। আমাৰ মন-মগজুত আলোড়নৰ লগতে এক আৱেগৰ নাম আকাশবাণী গুৱাহাটী ৭৭ বছৰীয়া হ'ল । আজি ৭৮বছৰ বয়সত ভৰি থলে আকাশবাণী গুৱাহাটীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
এয়া আকাশবাণী গুৱাহাটী। এফ এম মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে এম ডব্লিউ ৪১১.৫ মিটাৰত ৭২৯ কিলোহাৰ্জত। এফ এম বেণ্ডৰ ১০১.৬ মেগাহাৰ্জত।' - আমাৰ কাণত মৃদুভাৱে গুঞ্জৰিত হোৱা এয়া যেন এক শব্দৰ ঝংকাৰ। দূৰ-দূৰণিৰ পৰা ভাঁহি অহা এই শব্দকেইটা অসমীয়াৰ কিমান যে প্রাণৰ আপোন! আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্রতিজন শ্রোতাই অনুভৱ কৰে এই শব্দকেইটাৰ প্রতি আত্মিক টান।
আজি ১ জুলাই। আজিৰ দিনটো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে বিশেষ তাৎপর্যপূর্ণ দিন। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্রতিষ্ঠা দিৱস। আকাশবাণী গুৱাহাটীৰ ৭৮ সংখ্যক প্রতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।
আকাশবাণী গুৱাহাটী হ’ল প্ৰচাৰ ভাৰতীৰ অন্তৰ্গত আকাশবাণীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অনাতাঁৰ সম্প্ৰচাৰণৰ ক্ষেত্ৰীয় কেন্দ্ৰ। ১৯২৭ চনৰ ২৩ জুলাই তাৰিখৰ পৰা ভাৰতবৰ্ষত অনাতাঁৰ প্ৰচাৰণ সেৱাৰ পাতনি মেলিছিল। ইণ্ডিয়ান ব্ৰ’ডকাষ্টিং কোম্পানী নামৰ এটা ব্যক্তিগত খণ্ডৰ উদ্যোগত মুম্বাইত ভাৰতৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয় আৰু সেই বছৰৰে ২৬ আগষ্টৰ পৰা কলিকতা কেন্দ্ৰযোগেও সংগঠিত ৰূপত অনাতাঁৰ প্ৰচাৰণ কাৰ্য আৰম্ভ হয়।
ভাৰতে স্বাধীনতা লাভ কৰাৰ এঘাৰ মাহৰ পাছত ১৯৪৮ চনৰ ১ জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয়। আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী নাম দিয়া কেন্দ্ৰটোক ১৯৫৩ চনত আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয়। প্রথমাৱস্থাত আছিল শ্বিলং অসমৰ ৰাজধানী আৰু গুৱাহাটী আছিল সাহিত্য-সংস্কৃতিৰ প্রাণকেন্দ্র।
গুৱাহাটী অনাতাঁৰ কেন্দ্র উদ্বোধন কৰিছিল মৌলানা মহম্মদ তৈয়বুল্লাই আৰু শ্বিলং কেন্দ্র উদ্বোধন কৰিছিল তদানীন্তন মুখ্যমন্ত্রী গােপীনাথ বৰদলৈয়ে। আব্দুল মালিক, ভূপেন হাজৰিকা, বীৰেন্দ্ৰ ৰাম ফুকন, ফণী তালুকদাৰ, সত্য প্ৰসাদ বৰুৱা আদি স্বনামধন্য লোকসকলৰ তত্বাৱধান তথা পৰিচালনাত গুৱাহাটী কেন্দ্ৰটি ঠন ধৰি উঠে।
আৰম্ভণিৰে পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই ভালেসংখ্যক মৰ্যাদাপূৰ্ণ আৰু মনোগ্ৰাহী অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে। অসমৰ শিক্ষা-সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, কৃষি, শিশু, যুৱ-সমাজ, মহিলা, স্বাস্থ্য, ক্ৰীড়া আদি সকলো দিশকে সামৰি পৰিৱেশন কৰা অনুষ্ঠানসমূহ অসমীয়া জাতীয় আৱেগ জড়িত বুলি কোৱা হয়।
ৰাতিপুৱা ভক্তিমূলক গীত বন্দনাৰে আৰম্ভ হোৱা কাৰ্যক্ৰমণিকাত অমৃতবাণী, বিদ্যাৰ্থীৰ অনুষ্ঠান, লোক সংগীতৰ অনুষ্ঠান, গীতিমালিকা, সুগম সংগীতৰ অনুষ্ঠান, অকণিৰ মেল, কল্পতৰু, আইদেউৰ বুলনি, চিত্ৰগীত আদি ভিন্ন স্বাদৰ অনুষ্ঠান অন্তৰ্ভুক্ত। সম্প্ৰতি আকাশবাণী গুৱাহাটীয়ে তিনিটা সম্প্ৰসাৰণসূচীত অনুষ্ঠানসমূহ পৰিৱেশন কৰে। যুৱবাণী, নিয়োগ বাৰ্তা, খেতিৰ দিহা, সমাধান, এই মাহৰ অতিথি, ৰং বিৰং, মাটিৰ গান আদি অনুষ্ঠানবোৰ কেন্দ্ৰটোৰ একো একোটা অনবদ্য অনুষ্ঠান।
আইদেউৰ বুলনি, সাহিত্য চ’ৰা, আজি পুৱা, দেওবৰীয়া নাটক, বুধবৰীয়া নাটক, অকণিৰ মেল, গীতি মালিকা, যুৱবাণী, কল্পতৰু, নতুন দিগন্ত আদি অনুষ্ঠান আৰু বাতৰি ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় আৰু সমাদৃত। জনপ্রিয় কালজয়ী নাটসমূহ প্ৰচাৰ কৰি আকাশবাণী গুৱাহাটী কেন্দ্রই জনমানসত অধিক মৰম আৰু সুকীয়া মর্যাদা লভিবলৈ সক্ষম হৈছে।
আকাশবাণী গুৱাহাটীৰ জনপ্ৰিয় অনুষ্ঠান সমূহৰ ভিতৰত নাটকৰ অনুষ্ঠান টোৱেই অন্যতম। ১৯৪৮ চনৰ ৬ জুলাইত কেন্দ্ৰ টোৱে প্ৰথমখন নাট সত্যনাথ বৰুৱাৰ ধৰালৈ যিদিনা নামিব সৰগ প্ৰচাৰ কৰে। তেওঁলোকে প্ৰচাৰ কৰা কেইখনমান উল্লেখযোগ্য নাটক হৈছে ভোগজৰা, সপোন সন্ধ্যা, বতাহত পতাকা লৰে, সুৰঙ্গৰ শেষত, অথেল', দেউতা ঘৰত কোন আছে, শিপা আদি। ড° ভবেন্দ্ৰ নাথ শইকীয়া, সত্যনাথ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ, প্ৰফুল্ল বৰা, আলী হাইদৰ আদিৰ দৰে যশস্বী নাট্যকাৰ সকলৰ সৃষ্টিৰাজি আৰু প্ৰতিভা সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটীৰ অৱদান অনস্বীকাৰ্য।
আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান শিল্পী সকলৰ গীত বাণীবদ্ধ কৰি ৰাজ্যখনৰ শ্ৰোতাক শুনিবলৈ সুবিধা দি আহিছে। অসমৰ আগশাৰীৰ কণ্ঠশিল্পী যেনে ভূপেন হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, বীৰেন্দ্ৰনাথ দত্ত, দিলীপ শৰ্মা, সুদক্ষিনা শৰ্মা, দিপালী বৰঠাকুৰ, ৰামেশ্বৰ পাঠক, জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, অপূৰ্ব বেজবৰুৱা, পুলক বেনাৰ্জী, অণিমা চৌধুৰী, প্ৰতিমা বৰুৱা পাণ্ডে, ডলী ঘোষ আদিয়ে আকাশবাণীত গীত পৰিৱেশন কৰি জনতাৰ কাষ চাপিব পাৰিছিল।
আকাশবাণী গুৱাহাটী কেন্দ্ৰ অসমৰ এক আপুৰুগীয়া সম্পদ। এই সম্পদক সুৰক্ষিত কৰি ৰখাতো, ৰক্ষণাবেক্ষণ দিয়াতো প্ৰতিজন অসমীয়াৰ পৱিত্ৰ কৰ্তব্য আৰু দায়িত্ব। সাফল্যৰ সোণোৱালী যাত্ৰাৰে আগুৱাই গৈ থাকক এই অনুষ্ঠানটি। দীৰ্ঘজীৱী হওক আকাশবাণী গুৱাহাটী কেন্দ্ৰ...
আকাশবাণী গুৱাহাটীৰ চমু ইতিহাসঃ
১৯৪৮ চনৰ ১ জুলাইত অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অল ইণ্ডিয়া ৰেডিঅ’ৰ শ্বিলং-গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে শ্বিলঙত বিধানসভা ভৱন আৰু গুৱাহাটীত কমিশ্যনাৰৰ বাসভৱনটি অল ইণ্ডিয়া ৰেডিঅ’ৰ বাবে মুকলি কৰি দিয়ে। উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই ভৱনৰ পৰাই গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰ আৰম্ভ হয়। অনুষ্ঠান কাৰ্যবাহী বিষয়া ( পিছলৈ অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰিচালক) ওবেইদুল লতিফ বৰুৱা আৰু কলিকতা কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট পুৰুষোত্তম দাসে শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ কাম-কাজ আৰম্ভ কৰে।
১ জুন তাৰিখে ভূপেন হাজৰিকা, ফণী তালুকদাৰ আৰু বীৰেন্দ্ৰ কুমাৰ মহন্তক অনুষ্ঠান সহায়ক হিচাপে নিযুক্তি দিয়া হয়। মেহেৰা মাছনিক শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ পৰিচালিকা হিচাপে নিযুক্তি দিয়া হয় আৰু এই দলটিয়ে ১৯৪৮ চনৰ ১ জুলাই তাৰিখৰ পৰা শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰ আৰম্ভ কৰে। শ্বিলঙত গোপীনাথ বৰদলৈয়ে আৰু গুৱাহাটীত মৌলানা মহম্মদ তৈয়বুল্লাই আনুষ্ঠানিক কেন্দ্ৰ দুটি উদ্বোধন কৰে।
উদ্বোধনৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি সত্যপ্ৰসাদ বৰুৱা, ছৈয়দ আব্দুল মালিক, ৰৌশনাৰা খাতুন, নাৰায়ণ বেজবৰুৱা, ৰঞ্জন বৰা, মৃগেন্দ্ৰ নাথ ৰয়চৌধুৰীক নিযুক্তি দিয়া হয়। আৰম্ভণিৰ সময়ছোৱাত দৈনিক দুটাকৈ সম্প্ৰচাৰণ হৈছিল। ৰাতিপুৱাৰ সম্প্ৰচাৰণটি পুৱা সাত বজাৰ পৰা চাৰে ন বজালৈ আছিল আৰু আবেলিৰ সম্প্ৰচাৰণটি গধূলি পাঁচ বজাৰ পৰা ন বাজি পোন্ধৰ মিনিটলৈ চলিছিল। প্ৰাৰম্ভিক অৱস্থাত দুয়োটা কেন্দ্ৰ একোজনকৈ সহকাৰী কেন্দ্ৰ পৰিচালকে চোৱা-চিতা কৰিছিল আৰু এটা এক কিলোৱাটৰ মিডিয়াম ৱেভ ট্ৰান্সমিটাৰেৰে সম্প্ৰচাৰ চলোৱা হৈছিল।
শ্বিলঙৰ কেন্দ্ৰ পৰিচালকজন দুয়োটা কেন্দ্ৰৰে প্ৰধান বিষয়া আছিল। ১৯৫৩ চনত শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ সদৰ অফিচ গুৱাহাটীলৈ স্থানান্তৰ কৰা হয় আৰু জালুকবাৰীত ১০ কিলোৱাটৰ ট্ৰান্সমিটাৰৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰেৰক যন্ত্ৰ (transmitter) স্থাপন কৰা হয়। ফলত শ্বিলং কেন্দ্ৰৰ গুৰুত্ব ক্ৰমে হ্ৰাস পাই আহে আৰু সকলো অনুষ্ঠান গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰ হ'বলৈ ধৰে। শ্বিলঙক কেৱল ষ্টুডিঅ' হিচাপে ৰাখি তাত বাণীবদ্ধ কৰা সকলো অনুষ্ঠান গুৱাহাটীলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হয় আৰু ঠিক তেতিয়াৰ পৰাই অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী বুলি কোৱাৰ পৰিৱৰ্তে আকাশবাণী গুৱাহাটী নাম দিয়া হয়।
উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সমিটাৰটো লগোৱাৰ ফলত কামৰূপ, নগাঁও আৰু চুবুৰীয়া জিলাসমূহলৈও সংকেত পঠিয়াব পৰা হয়। ১৯৫৭ চনৰ মে' মাহত কেন্দ্ৰটো চানমাৰিৰ বৰ্তমানৰ স্থায়ী স্থানলৈ লৈ যোৱা হয়। গুৱাহাটী কেন্দ্ৰত এটা ১০ কিলোৱাটৰ শ্বৰ্টৱেভৰ ট্ৰানজিষ্টৰ লগোৱাত সমগ্ৰ অসমতেই ৰেডিঅ' সংকেত সম্প্ৰচাৰ কৰিব পৰা হয়। বৰ্তমান পূৰ্ণ পৰ্যায়ত অৱতীৰ্ণ অনাতাঁৰ কেন্দ্ৰটোৱে সাম্প্ৰতিকভাৱে দুটা এ.এম. আৰু এটা এফ. এম. চেনেলৰ জৰিয়তে কাৰ্যক্ৰম চলাই আছে।