/asomiyapratidin/media/media_files/2025/07/14/space-14-2025-07-14-17-09-01.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ সতীৰ্থসকল মহাকাশৰ পৰা পৃথিৱী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে তেওঁলোকৰ আনডকিং প্ৰক্ৰিয় সফলতাৰে সম্পন্ন হৈছে। জানিব পৰা মতে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ ভাৰতীয় সময় অনুসৰি বিয়লি ৪:৪৫ বজাত মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী অভিমুখে ৰাওনা হয় শুভাংশু শুক্লাৰ মহাকাশযানখন।
যদি সকলো ঠিকেই থাকে তেন্তে ভাৰতীয় সময় অনুসৰি কালিলৈ তিনি বজাত আমেৰিকাৰ কেলিফৰ্ণিয়াৰ নিৰ্ধাৰিত স্থানত আহি অৱতৰণ কৰিব তেওঁলোকে। উল্লেখ্য যে, যোৱা ২৫ জুনত স্পেছএক্সৰ ড্ৰেগন মহাকাশযানত উঠি শুভাংশু শুল্কা আৰু তেওঁৰ সতীৰ্থই আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ উৰা মাৰিছিল। তেওঁৰ সতীৰ্থ কেইজন হৈছে এক্সিয়াম-৪ৰ ক্ৰু কমাণ্ডাৰ পেগী হুইটছন, মিছন বিশেষজ্ঞ স্ল’ছ ৱ’জনাৰ’ভস্কি-ৱ’জনাৰ’ভস্কি আৰু টিবৰ কাপু।
তেওঁলোকে ১৮ দিন মহাকাশত কটোৱাৰ পিছত সোমবাৰে পৃথিৱী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত শুভাংশু আৰু তেওঁৰ তিনি সতীৰ্থ মহাকাশচাৰীক বিদায় সম্বৰ্ধনা জনোৱা হয়।
মহাকাশ কেন্দ্ৰৰ পৰা বিদায় লোৱাৰ সময়ত শুভাংশুৱে ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাৰ বক্তব্যৰ উদ্ধৃতিৰে কয়, "ভাৰত এতিয়াও 'সাৰে জাহান ছে আটছা'।" শুভাংশু আৰু তেওঁৰ সতীৰ্থই পৃথিৱী অভিমুখে ৰাওনা হোৱাৰ সন্দৰ্ভত নাছাই কয় যে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ পৰা তেওঁলোক যাত্ৰা কৰা কেপচুল পৃথিৱীৰ ফালে গতি কৰাৰ সময়ত গতি হ্ৰাস কৰিবলৈ এবাৰ ৰকেট নিক্ষেপ কৰা হ’ব।
ইয়াক ‘ৰেট্ৰ’গ্ৰেড বাৰ্ন’ বোলা হয়। এই ‘ৰেট্ৰ’গ্ৰেড বাৰ্ন’ৰ দ্বাৰা মহাকাশযানখনে নিৰাপদে আৰু মসৃণভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিত প্ৰৱেশ কৰিব। তেওঁলোকে যাত্ৰা কৰা কেপচুলে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে ই তীব্ৰ তাপ আৰু ঘৰ্ষণৰ সন্মুখীন হ’ব।
এই সময়ত কেপচুলৰ গতিবেগ হ’ব ঘণ্টাত ২৮ হাজাৰ কিলোমিটাৰ। এই গতি ক্ৰমান্বয়ে হ্ৰাস পাই প্ৰতি ঘণ্টাত ২৪ কিলোমিটাৰত উপনীত হ’ব। পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছত সেই কেপচুলৰ পৰা দুটা পেৰাচুট খোল খাব।
প্ৰথমটো সৰু। ফলত গতি হ্ৰাস পাব।ইয়াৰ পিছত এটা নিৰ্দিষ্ট দূৰত্ব পোৱাৰ পিছত মূল পেৰাচুটটো খোল খাব। নাছাই কয় যে বতৰ অনুকূল হ’লে শুভাংশুৰ কেপচুল কেলিফৰ্ণিয়াৰ উপকূলৰ পৰা প্ৰশান্ত মহাসাগৰলৈ লাহে লাহে নামি যাব।
সাগৰত অৱতৰণ কৰাৰ পিছত স্পেছএক্সৰ এটা দলে দ্ৰুতগতিত শুভাংশুৰ কেপচুলৰ কাষত উপস্থিত হ’ব আৰু সাগৰৰ পৰা সেই কেপচুল জাহাজৰ ওপৰলৈ তুলি অনা হ’ব।ইয়াৰ পিছতে এজন এজনকৈ মহাকাশচাৰীসকল ওলাই আহিব।