সৃষ্টিৰ ৰহস্য উদঘাটনত পুনৰ এখোজঃ মহাকাশত পোৱা গ’ল ‘শৰ্কৰা’ৰ সন্ধান!

সৃষ্টিৰ ৰহস্য উদঘাটনত পুনৰ এখোজঃ মহাকাশত পোৱা গ’ল ‘শৰ্কৰা’ৰ সন্ধান!

author-image
asomiyapratidin
New Update
সৃষ্টিৰ ৰহস্য উদঘাটনত পুনৰ এখোজঃ মহাকাশত পোৱা গ’ল ‘শৰ্কৰা’ৰ সন্ধান!

ডিজিটেল ডেস্কঃ মহাকাশত সন্ধান পোৱা গৈছে জীৱনৰ অন্য এক উৎস। পুনৰ এবাৰ প্ৰমাণিত হৈছে, প্ৰাগ ঐতিহাসিক পৃথিৱীত উল্কাপিণ্ডৰ বিস্ফোৰণত জীৱনৰ স্পন্দন সৃষ্টিৰ কথা। এই প্ৰথম উল্কাপিণ্ডৰ শৰ্কৰাৰ অস্তিত্ব বিচাৰি পাইছে নাছাৰ মহাকাশ যানে।

Advertisment

'প্ৰ'ছিডিং অৱ দ্য নেছনেল অকাডেমী অব চায়েঞ্চ' আলোচনীত প্ৰকাশত এক নিবন্ধত জাপানৰ তোহোকু বিশ্ববিদ্যালয়ৰ মহাকাশ গৱেষণা বিভাগৰ প্ৰধান ইয়োছিহিৰো ফুৰুকাৱাই লিখিছে, 'ইয়াৰ পূৰ্বে উল্কাপিণ্ডৰ পৰা প্ৰাণৰ সৃষ্টি হোৱা সন্দৰ্ভত যথেষ্ট উপাদান পোৱা গৈছে, যাৰ ভিতৰত আছে এমিনো এছিড আৰু নিউক্লিওবেছ। কিন্তু প্ৰাণৰ উৎপত্তিৰ অন্যতম উপাদান শৰ্কৰা বা চেনীৰ অস্তিত্ব কোনোদিন পোৱা হোৱা নাছিল।'

ফুৰুকাৱাই নিবন্ধত উল্লেখ কৰা অনুসৰি, প্ৰথমবাৰৰ বাবে মহাকাশত আৰএনএৰ বাবে প্ৰয়োজনীয় শৰ্কৰা সংমিশ্ৰিত ৰাইবোজৰ নমুনাৰ সন্ধান পোৱা গৈছে। 'মহাকাশৰ এই শৰ্কৰাই প্ৰাগ ঐতিহাসিক পৃথিৱীত হয়তো আৰএনএ নিৰ্মাণত সহায় কৰিছিল আৰু তাৰ পৰাই ক্ৰমে প্ৰাণৰ সৃষ্টি হৈছিল।' -ফুৰুকাৱাৰ মহাকাশ সম্পৰ্কীয় নিবন্ধটোত এইদৰে উল্লেখ আছে।

জানিব পৰা মতে, মহাকাশত ৰাইবোজৰ সমান্তৰালভাৱে দুটি পৃথক উল্কাপিণ্ডত এৰাবিনোজ আৰু জাইলোজৰ দৰে জৈৱ অপৰিহাৰ্য্য শৰ্কাৰৰো সন্ধান লাভ কৰিছে গৱেষকসকলে। মহাকাশত লাভ কৰা এই নমুনাসমূহ এনডব্লিউএ ৮০১ আৰু মাৰ্চিছনৰ দৰে কাৰ্বন উপাদানেৰে সমৃদ্ধ বুলিও গৱেষকসকলে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, আৰএনএ গঠনত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰাইবোজে। দেহৰ ভিতৰত বাৰ্তাবাহক অনু হিচাপে কাম কৰে আৰএনএ-য়ে, যিয়ে ডিএনএ অনুৰ পৰা পোৱা নিৰ্দেশ কোষৰ ভিতৰত উপস্থিত থকা ৰাইবোজোম নামৰ আণবিক কাৰখানাই বোৱাই নিয়ে। যাৰ ফলত জীৱন প্ৰক্ৰিয়াৰ বাবে জৰুৰী নিৰ্দিষ্ট প্ৰটিন সমষ্টি সৃষ্টি কৰে ৰাইবোজোমে।