Advertisment

মাংস খোৱাত বাধা! লক্ষাধিক হাঁহ-কুকুৰা কিয় হত্যা কৰিছে প্ৰশাসনে...

হাঁহ-কুকুৰাৰ মাংস খাওঁতে সাৱধান হওঁক। কিয়নো দেশত পুনৰ বাৰ্ডফ্লুৱে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ দক্ষিণ ভাৰতত বাৰ্ডফ্লুৱে সংহৰী ৰূপ ধাৰণ কৰিছে। অন্ধ্ৰপ্ৰদেশ, তেলেংগানাৰ

author-image
Asomiya Pratidin
New Update
বাৰ্ডফ্লু

বাৰ্ডফ্লু Photograph: (বাৰ্ডফ্লু)

ডিজিটেল ডেস্কঃ হাঁহ-কুকুৰাৰ মাংস খাওঁতে সাৱধান হওঁক। কিয়নো দেশত পুনৰ বাৰ্ডফ্লুৱে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ দক্ষিণ ভাৰতত বাৰ্ডফ্লুৱে সংহৰী ৰূপ ধাৰণ কৰিছে। অন্ধ্ৰপ্ৰদেশ, তেলেংগানাৰ দৰে ৰাজ্যত প্ৰশাসনে পৰাপক্ষত হাঁহ-কুকুৰাৰ মাংসৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে জনতাক।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪বৰ্ষৰ পৰাই বাৰ্ডফ্লুৱে সংহাৰী ৰূপ ধাৰণ কৰিছিল দক্ষিণ ভাৰতত। ২০২৫বৰ্ষৰ ১১ফেব্ৰুৱাৰীত অন্ধ্ৰপ্ৰদেশৰ কানৰু আগ্ৰাহৰুম গাঁৱত প্ৰায় ২লাখ কুকুৰা নিধন কৰিছে প্ৰশাসনে। তেলেংগানাতো ফেব্ৰুৱাৰী মাহত ইনফ্লুয়েঞ্জাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কথা সদৰি কৰিছে স্বাস্থ্য বিভাগে। কেৰালাতো যোৱা কেইদিনমানৰ ভিতৰত প্ৰায় ৬০হাজাৰ হাঁহ নিধন কৰিছে প্ৰশাসনে।

ইফালে স্বাস্থ্য বিভাগে সদৰি কৰিছে, এই দিনকেইটাত হাঁহ-কুকুৰাৰ সংস্পৰ্শলৈ অহাৰ পৰা পৰাপক্ষত আতঁৰি থাকক। লগতে হাঁহ বা কুকুৰাৰ মাংস সেৱন কৰিলে ভালকৈ সিজাই খাবলৈহে পৰামৰ্শ প্ৰদান কৰিছে স্বাস্থ্য বিভাগে। লোকসকলক যথেষ্ট সাৱধানতাৰে থাকিবলৈও আহ্বান জনাইছে প্ৰশাসনে। 

 

তেলেংগানা