/asomiyapratidin/media/media_files/2025/03/12/WGhZ3odiyoV2FEKb3T4m.jpg)
ভয়ংকৰ অভিযোগ
ডিজিটেল সংবাদ: দক্ষিণ শালমাৰা থানাৰ এছ আই (ইউ বি) জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বৰ অভিযোগ। এছ আই গৰাকীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ লৈ দক্ষিণ শালমাৰা পাঁচ অধিবক্তাই ডিজিপিক দাখিল কৰিলে লিখিত অভিযোগ। সাধাৰণ ৰাইজৰ পৰা ধন দাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ ভয়ংকৰ অভিযোগ এছ আই গৰাকীৰ বিৰুদ্ধে। লগতে অবৈধ ড্ৰাগছ, টেবলেট সৰবৰাহকাৰীৰ লগত সুসম্পৰ্ক থকাৰ গুৰুত্বৰ অভিযোগো উত্থাপন হৈছে ।
আৰক্ষী গৰাকীৰ এনে কাণ্ডৰ বিৰুদ্ধে কোনো সাধাৰণ নাগৰিকে অভিযোগ দিব বিচাৰিলে ড্ৰাগছ, ছাইবাৰ অপৰাধ আদি মিছা কেচত ফচাই দিয়াৰ ভাবুকি প্ৰদান কৰি আৰক্ষী গৰাকীয়ে তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৫ অধিবক্তাই।
স্থানীয় ৰাইজে বিভিন্ন সময়ত এছ আই ৰাজখোৱাৰ বিৰুদ্ধে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক অভিযোগ কৰি আহিছে। অসম আৰক্ষী সঞ্চালক প্ৰধানক এখন লিখিল অভিযোগ দাখিল কৰি এছ আই জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। সমগ্ৰ বিষয় সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা ৰাইজৰ দলৰ মূখপাত্ৰ আনিচুৰ ৰহমানেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷