পাঁচ শতাধিক দৰিদ্ৰ লোকক পুৰণি বস্ত্ৰ বিতৰণ

আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অভিনৱ কাৰ্যসূচী
পাঁচ শতাধিক দৰিদ্ৰ লোকক পুৰণি বস্ত্ৰ বিতৰণ
পাঁচ শতাধিক দৰিদ্ৰ লোকক পুৰণি বস্ত্ৰ বিতৰণ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধাস্থিত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত শুকুৰবাৰে এক অভিনৱ কাৰ্যসূচীৰ জৰিয়তে বস্ত্ৰৰ অভাৱত থকা ৫ শতাধিক দৰিদ্ৰ লোকক বিনামুলীয়াকৈ পুৰণি বস্ত্ৰ বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে আজমল ফাউণ্ডেশ্বনৰ অধীনত থকা হাটশিঙিমাৰী আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত আজি জিলাখনৰ ৫ শতাধিক দৰিদ্ৰ লোকক পুৰণি বস্ত্ৰ বিতৰণ কৰে। Wall of Warmth অৰ্থাৎ সুখৰ প্ৰাচীৰ নামৰ এক অভিনৱ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা ধনী শ্ৰেণীৰ লোকসকলে ব্যৱহাৰ কৰি ঘৰৰ আলমাৰীত জমা কৰি ৰখা বস্ত্ৰসমূহ দান হিচাপে সংগ্ৰহ কৰি স্কুলখনৰ জৰিয়তে দৰিদ্ৰ লোকৰ মাজত বিনামুলীয়াকৈ বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে।

এই উপলক্ষে আজি দিনৰ প্ৰায় ২ বজাত সুখৰ প্ৰাচীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ওৱালিউল ইছলাম। এই কাৰ্যসূচীত কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুলজাৰ হুছেইন, ধুবুৰী আজমল ফাউণ্ডেশ্বন ভাৰপ্ৰাপ্ত কাৰ্যালয় বিষয়া আব্দুৰ ৰহিম, হাটশিঙিমাৰী আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছাইফুল ইছলামৰ, স্কুলখনৰ বিষয়-ববীয়া তথা ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

সুখৰ প্ৰাচীৰ কাৰ্যসূচীৰ শুভাৰাম্ভৰ পাছত দৰিদ্ৰ লোকসকলৰ মাজত মুখ্য অতিথিৰ সহযোগ বস্ত্ৰসমূহৰ লগতে ফল-মূল বিতৰণ কৰা হয়। কোনোবা লোকৰ ঘৰত যদি ব্যৱহাৰ নকৰা বস্ত্ৰ ঘৰতে জমা কৰি ৰাখিছে তেওঁ এই আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বস্ত্ৰ দান কৰিলে তেঁওৰ কাপোৰ সমূহ সুখৰ প্ৰাচীৰ কাৰ্যসূচীৰ জৰিয়তে দৰিদ্ৰ লোকক বিতৰণ কৰা হব বুলি আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছাইফুল ইছলামে জানিবলৈ দিয়ে।

মন কৰিবলগীয়া যে দৰিদ্ৰ হিতাধিকাৰী সকলে এই সুখৰ প্ৰাচীৰ কাৰ্যসূচীৰ জৰিয়তে বস্ত্ৰ লাভ কৰি নুৰ ইছলাম নামৰ এইগৰাকী অন্ধ হিতাধিকাৰীয়ে আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শ’লাগ লৈ কয় যে দৰিদ্ৰ আমি লোকসকলে নতুন কাপোৰ ক্ৰয় কৰাৰ বাবে আমাৰ ক্ষমতা নাই। এনে পৰিস্থিতিৰ মাজত এই সুখৰ প্ৰাচীৰ কাৰ্যসূচীৰে আমাক এখন কাপোৰ দিয়াত আমি অতিকৈ সুখী হৈছো। আৰু অদুৰ ভৱিষতে যাতে এইদৰে দৰিদ্ৰ লোকক এই অনুষ্ঠানৰ জৰিয়তে বস্ত্ৰ বিতৰণ কৰা হয় তাৰ বাবে আহ্বান থাকিল।

আজমল ফাউণ্ডেশ্বনৰ অধীনত থকা হাটশিমাৰী আজমল ছিনিয়ৰ ছেকেণ্ডাৰী মহাবিদ্যালয়ৰ এই সুখৰ প্ৰাচীৰ নামৰ অভিনৱ কাৰ্যসূচীয়ে জিলাবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আহক আমিও এই সুখৰ প্ৰাচীৰ কাৰ্যসূচীত আমাৰ ঘৰত থকা অদৰকাৰী তথা ব্যৱহাৰ নকৰা কাপোৰ সমূহ দৰিদ্ৰ লোকক বিতৰণ কৰাৰ বাবে দান কৰো বুলি উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in