/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/45d2db47-1267-4f5a-99f3-403d005b7d60/bai_hat.jpg)
বিশেষ ভাৱে সক্ষম শিশুৰ প্ৰশিক্ষণ
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰীত বিশেষ ভাৱে সক্ষম শিশুৰ সাংকেতিক ভাষাৰ প্ৰশিক্ষণ। উদ্যোক্তা সমিতিয়ে জনোৱা মতে, মঙলবাৰৰ পৰা আৰম্ভ হোৱা বিশেষ ভাৱে সক্ষম শিক্ষাৰ্থী সকলৰ বাবে সমন্বিত শিক্ষা আৰু সাংকেতিক ভাষা সম্পৰ্কে ৫ দিনীয়াকৈ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ'ব বুলি জনায়।
আজিৰে পৰা আৰম্ভ হোৱা প্ৰশিক্ষণত জিলা সমগ্ৰ শিক্ষাৰ সমন্বিত শিক্ষাৰ সমল ব্যক্তি, খণ্ড সমল ব্যক্তি, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষককে ধৰি মুঠ ৫০ গৰাকী প্ৰশিক্ষাৰ্থী উপস্থিত থাকে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।
উল্লেখযোগ্য যে, হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজিৰ পৰা ১২ নৱেম্বৰলৈ ৫ ধৰি চলিবলগীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে জিলা অতিৰিক্ত উপায়ুক্ত হিতেশ মজুমদাৰে।
উক্ত কাৰ্যসূচীত জিলা আঁচনি বিষয়া ৰাফিউল আলম আহমেদ আৰু আওলাদ হুছেইন উপস্থিত থকাৰ লগতে প্ৰশিক্ষক হিচাপে গুৱাহাটীস্থ শিশু সাৰথিৰ প্ৰশিক্ষণ সঞ্চালক দীবা নাহিন আৰু সেচ্ছাসেৱী অনুষ্ঠান বানীৰ উপ প্ৰধান অজিতা গোহাই উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a12aa4cb-d2fc-491a-a11d-1350196097bd/bai_hat1.jpg)
জিলা খনৰ বিভিন্ন বিদ্যালয়ত অধ্যয়নৰত বিশেষভাৱে সক্ষম শিক্ষাৰ্থী সকলক সমন্বিত শিক্ষাৰ লগতে সাংকেতিক ভাষাৰ জৰিয়তে কিদৰে শিক্ষক সকলে শিক্ষা প্ৰদান কৰিব তাক লৈ প্ৰশিক্ষকদ্বয়ে প্ৰশিক্ষণ দিয়ে।