/asomiyapratidin/media/media_files/2025/07/28/south-salmara-28-2025-07-28-22-03-26.jpg)
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ চাৰিখন জিলা পৰিষদ সদস্যক লৈ গঠন হ’বলগীয়া দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত কৰা হয়। প্ৰথম বৈঠকত কংগ্ৰেছৰ দুগৰাকী সদস্যা উপস্থিত থকাৰ লগতে এগৰাকী কংগ্ৰেছৰ সদস্যাসহ দুই সদস্য অনুপস্থিত থকাৰ বাবে প্ৰথম বৈঠকত সভাপতি, উপ-সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া বাতিল কৰা হয়।
উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচনত ১ নং কাকৰিপাৰা জিলা পৰিষদৰ পৰা আৰ এইছ খানৰ ভাতৃ বোৱাৰী তথা মনু খানৰ পত্নী তানজিনা খান, ২ নং কালাপানী জিলা পৰিষদৰ পৰা নুৰ ইয়াচমিন সেখ, ৪ নং জিলা পৰিষদ সমষ্টিৰ পৰা মাৰজুনা বেগম কংগ্ৰেছৰ পৰা জিলা পৰিষদৰ সদস্যা হিচাপে জয়লাভ কৰিছে। একেদৰে ৩ নং ফেকামাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছক পৰাস্ত কৰি নিৰ্দলীয় প্ৰাৰ্থী ওৱাহিদুৰ ৰহমান আদো জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।
এই চাৰিখন জিলা পৰিষদ সদস্যক আজি লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদ গঠনৰ বাবে জিলা প্ৰশাসনে পুৱা ১০ বজাত সদস্য কেইজনক জিলা আয়ুক্তৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশনা দিছিল। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে চাৰিখন আসনৰ তিনিখনে কংগ্ৰেছে দখল কৰা সদস্যাসকলৰ ভিতৰত দুগৰাকী সদস্যা আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত থকাৰ বিপৰীতে তানজিনা খান আৰু নিৰ্দলীয় সদস্যা ওৱাহিদুৰ ৰহমান আদো অনুপস্থিত থাকে।
পঞ্চায়ত আইন অনুসৰি জিলা পৰিষদ গঠনৰ বাবে দুই তৃতীয়াংশ সদস্য প্ৰথম বৈঠকত উপস্থিত থাকিলেহে জিলা পৰিষদ গঠন কৰিব পাৰি। ফলত আজি শপতগ্ৰহণ আৰু সভাপতি, উপ-সভাপতি বাচনিৰ সভাখন জিলা পৰিষদৰ পৰা বাতিল কৰা হয়।
অহা ১৫ দিনৰ ভিতৰত জিলা প্ৰশাসনে নতুন দিন তাৰিখ দিয়াৰ পাচত দ্বিতীয় বৈঠক অনুষ্ঠিত কৰা হ’ব। দ্বিতীয় বৈঠকত বেছি সংখ্যক সদস্য অনুপস্থিতি থাকিলেও জিলা পৰিষদ গঠন কৰা হ’ব বুলি জানিব পৰা গৈছে।
লক্ষণীয় যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদ গঠক লৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাচৰে পৰা ৰাজনৈতিক মহলত বিভিন্ন ধৰণৰ আলোচনা হৈ আহিছে। বিশেষকৈ ধুবুৰী জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী তথা আৰ এইছ খানৰ ভাতৃ মনু খানৰ পত্নী তানজিনা খানৰ নামত চৰ্চাত দেখা গৈছিল।
দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল আৰু তেঁওৰ পুত্ৰ মহিবুৰ ৰহমান মণ্ডলৰ সৈতে মনু খানৰ সম্পৰ্ক মধুৰ নোহোৱাৰ বাবে জিলা কংগ্ৰেছৰ পৰা মনু খান পত্নীক সভানেত্ৰী হিচাপে দায়িত্ব দিয়াটো নিবিচাৰে। ইফালে শক্তিশালী দাবীদাৰ ৪ নং জিলা পৰিষদৰ সদস্যা মিৰজুনা বেগমক জিলা পৰিষদৰ সভানেত্ৰী পাতিবলৈ দেওবাৰে জিলা কংগ্ৰেছ ৰাজীৱ ভৱনত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰে।
বৈঠকত মনু খানৰ লগতে জয়লাভ কৰা তিনিওগৰাকী সদস্যাৰ স্বামী উপস্থিত আছিল। জিলা কংগ্ৰেছৰ পৰা মিৰজুনা বেগমক সভানেত্ৰী হিচাপে বাচনি কৰাৰ লগতে উপসভানেত্ৰী হিচাপে তানজিনা খানৰ নাম প্ৰস্তাৱ কৰা হয়। প্ৰথম পৰ্যায়ত মিৰজুনা বেগম আঢ়ৈ বছৰৰ বাবে সভানেত্ৰী থকাৰ পাচত দ্বিতীয় আঢ়ৈ বছৰৰ বাবে তানজিনা খানক সভানেত্ৰী দিয়া হ’ব বুলি কংগ্ৰেছে প্ৰস্তাৱ লৈছিল।
কিন্তু বৈঠকখনৰ পৰা তানজিনাৰ মনু খান উঠি যোৱাৰ পাচত মিৰজুনাক জিলা কংগ্ৰেছে সভানেত্ৰী হিচাপে বাচনি কৰে। জিলা কংগ্ৰেছৰ পৰা সদস্যা কেইগৰাকীক মিৰজুনাক সভানেত্ৰী হিচাপে সমৰ্থন দিবলৈ লিখিত পত্ৰ প্ৰদান কৰে।
ফলত আজি ১০ বজাত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত অসুস্থতাৰ দোহাই দি তানজিনা খান অনুপস্থিত থাকে। নিৰ্দলীয় ওৱাহিদুৰ ৰহমান আদোও তানজিনা খানৰ পক্ষত থকাৰ বাবে তেওঁ আজি প্ৰথমখন সভাত অনুপস্থিত আছিল।
দ্বিতীয় বৈঠকত কংগ্ৰেছৰ বাচনি কৰা সভানেত্ৰীক তানজিনা খান সমৰ্থন নকৰিলে তেওঁৰ জিলা পৰিষদৰ সদস্যা পদ খাৰিজ হোৱাৰ সম্ভাৱনা আছে। পঞ্চায়তৰ আইনত স্পষ্টভাৱে এই নীতি উল্লেখ কৰা আছে।
দলীয় ভাৱে দিয়া প্ৰাৰ্থীকহে জয়লাভ কৰা সদস্যই সমৰ্থন কৰিব লাগিব বুলি নিৰ্দেশনা দিয়া আছে। ফলত মিৰজুনা বেগম জিলা পৰিষদৰ সভানেত্ৰী হোৱাটো প্ৰায় নিশ্চিত বুলি আশা কৰিব পাৰি।
লক্ষণীয় যে, তানজিনা খান গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনৰ সৈতে ইতিমধ্যে যোগাযোগ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন তানজিনা খানৰ সপক্ষে হুইপ জাৰি কৰিলে জিলা কংগ্ৰেছে জাৰি কৰা নিৰ্দেশনা বাতিল হ’ব।
তেনে ক্ষেত্ৰত তানজিনা খান সভানেত্ৰী হোৱাৰ সম্ভাৱনা আছে। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এনে কৰিলে জিলা সভাপতি ডাঃ মতিউৰ ৰহমান মণ্ডল কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। জিলা পৰিষদ গঠনৰ নতুন দিন তাৰিখ ঠিক হোৱাৰ পাছত কি পৰিস্থিতিৰ সৃষ্টি হয় সেয়া সময়তহে স্পষ্ট হ’ব।