দক্ষিণ শালমাৰাত অনুসূচিত জনজাতিৰ বাবে সজাগতা সভা

জিলা প্ৰশাসন আৰু ‌জিলা আইনী সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা এই সজাগতা সভাত দক্ষিণ শালমাৰা‌ মানকাচৰ জিলা আইনী সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শ‌ইকীয়া উপস্থিত থাকে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
zxzxcc

ডিজিটেল সংবাদ,মানকাচৰঃ  দক্ষিণ শালমাৰা মানকাচৰ জিলা‌ৰ অয়ডোবাত হাজং, কোচ আৰু গাৰো জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত অনুসূচিত জনজাতীয় লোকৰ অধিকাৰ আৰু সুৰক্ষা আইন সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰা হয়। 

জিলা প্ৰশাসন আৰু ‌জিলা আইনী সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা এই সজাগতা সভাত দক্ষিণ শালমাৰা‌ মানকাচৰ জিলা আইনী সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শ‌ইকীয়া উপস্থিত থাকে।

তেওঁ সভাত থকা অনূসূচিত জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ আইন সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষন প্ৰদান কৰে। আজিৰ সভাত দুই শতাধিক অনুসূচিত জনজাতীয় সম্প্ৰদায়ৰ লোক উপস্থিত আছিল।

দক্ষিণ শালমাৰা