দক্ষিণ কামপুৰ সমবায় সমিতিৰ মাধৱপাৰাৰ সুলভ মূল্যৰ এজেন্টৰ লুন্ঠন

চাউল নাপাই মাধৱপাৰা গাঁৱৰ নবি হুছেইনৰ পত্নী ফিৰুজা খাতুনে ন্যায় বিচাৰি কচুৱা থানাত এজাহাৰ দাখিল কৰিছে ৷ আন এক অভিযোগ মতে উল্লেখিত এজেন্ট চাহেৰা খাতুন আৰু তেওঁৰ জীয়েক হুছনাৰা খাতুনে নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ বাবতো বহু লোকৰ পৰা অবাধে ধন সংগ্ৰহ কৰিছে ৷

author-image
Asomiya Pratidin
New Update
 bv

ডিজিটিল সংবাদ,কামপুৰঃ  নগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিষয়াৰ দক্ষিণ কামপুৰ সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত বহু সুলভ মূল্যৰ এজেন্টে গ্ৰাহকৰ বিনামূলীয়া চাউল কৰ্তন কৰাৰ লগতে গ্ৰাহকৰ চাউল নিদি কলা বজাৰত মাজে সময়ে চাউল বিক্ৰী কৰাৰ অভিযোগ উঠিছে ৷

Advertisment

মাধৱপাৰা গাঁৱৰ এজেন্ট চাহেৰা খাতুনে প্ৰতি মাহত গ্ৰাহক সকলৰ ৰেছন কাৰ্ড পিছে দুই কিঃগ্ৰামকৈ চাউল কৰ্তন কৰে ৷ সুলভ মূল্যৰ দোকানখন একৰ পৰা ১০ তাৰিখৰ ভিতৰত প্ৰায়েই বন্ধ ৰাখি সাত তাৰিখৰ পিছত অহা গ্ৰাহকৰ আঙুলিৰ চাপটো ৰাখি চাউল বহুত কম আহিছে ,অহা মাহত মিলাই দিম" বুলি কৈ পঠিয়াই দিয়াৰো অভিযোগ উঠিছে ৷

চাউল নাপাই মাধৱপাৰা গাঁৱৰ নবি হুছেইনৰ পত্নী ফিৰুজা খাতুনে ন্যায় বিচাৰি কচুৱা থানাত এজাহাৰ দাখিল কৰিছে ৷ আন এক অভিযোগ মতে উল্লেখিত এজেন্ট চাহেৰা খাতুন আৰু তেওঁৰ জীয়েক হুছনাৰা খাতুনে নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ বাবতো বহু লোকৰ পৰা অবাধে ধন সংগ্ৰহ কৰিছে ৷

স্মৰ্তব্য যে দক্ষিণ কামপুৰ সমবায় সমিতিৰ সভাপতি বাবুল শইকীয়াৰ ছত্ৰ ছায়াত সুলভ মূল্যৰ দোকানী গৰাকীয়ে গ্ৰাহকৰ চাউল কৰ্তন কৰি কলা বজাৰত বিক্ৰী কৰাৰ পিছতো খাদ্য আৰু যোগান বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত পৰি থকাৰ অভিযোগ উঠিছে ৷

কামপুৰ