Advertisment

দক্ষিণ কামপুৰ সমবায় স্থায়ী কাৰ্যালয় আৰু গুদাম গৃহৰ শুভ উদ্বোধন

সমবায় খনৰ নিজা পুঁজিৰে ২৯ লাখ ১৯ হাজাৰ ৭১১ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কাৰ্যালয় আৰু গুডামঘৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।

author-image
Asomiya Pratidin
New Update
one

ডিজিটেল সংবাদ,কামপুৰ:  দেওবাৰে এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানৰ মাজৰে নগাঁও জিলা যোগান বিভাগৰ অধিনষ্ঠ কামপুৰৰ দক্ষিণ কামপুৰ সমবায় স্থায়ী কাৰ্যালয় আৰু গুদামগৃহৰ শুভ উদ্বোধন কৰা হয়। সমবায় খনৰ নিজা পুঁজিৰে ২৯ লাখ ১৯ হাজাৰ ৭১১ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কাৰ্যালয় আৰু গুডামঘৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।

Advertisment

ুি

এই সম্পৰ্কত অনুষ্ঠিত এখন সভাত বিধায়ক জিতু গোস্বামীয়ে আগন্তুক দিনত গুদাম ঘৰটোত খাদ্য-বস্তু সমূহ যতনাই ৰখাৰ ক্ষেত্ৰত আৰু কাৰ্যালয়টোৰ জৰিয়তে অঞ্চলবাসী বিভিন্ন কাৰ্যসূচী ৰূপায়ণত সহায় লাভ কৰিব বুলি মত ব্যক্ত কৰে।

িুপ

সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰ মাজৰে অনুষ্ঠিত হোৱা উদ্বোধনী কাৰ্যসূচীত বিধায়কৰ লগত উপস্থিত থাকে দক্ষিণ কামপুৰ সমবায় সমিতিৰ সভাপতি বাবুল শইকীয়া, নগাঁও জিলাৰ উপ পঞ্জীয়ক মৰমী ভকট আৰু নগাঁও মহকুমাৰ সহকাৰী পঞ্জীয়ক ইভা বৰা, কামপুৰ বিজেপি মণ্ডলৰ সভাপতি,ৰাতুল বৰা, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, শান্তি ৰাম বৰা আদি উপস্থিত থাকে।

কামপুৰ