হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ দক্ষিণৰ বিখ্যাত অভিনেতা...

হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ দক্ষিণৰ বিখ্যাত অভিনেতা...

author-image
Asomiya Pratidin
New Update
হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ দক্ষিণৰ বিখ্যাত অভিনেতা...

ডিজিটেল ডেস্কঃ দক্ষণিৰ ছুপাৰষ্টাৰ দৰ্শনক কামাক্ষীপাল্য়া আৰক্ষীয়ে এটা হত্যকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মেইচুৰৰ পৰা আৰক্ষীয়ে অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰি বাংগালুৰুলৈ সোধপোচৰ বাবে লৈ অহা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

Advertisment

চিত্ৰদুৰ্গাৰ ৰেণুকা স্বামী মাৰ্ডাৰ কেচৰ সৈতে নাম সাঙুৰ খাইছিল অভিনেতাগৰাকীৰ। আৰক্ষীয়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ পোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় অভিনেতাগৰাকীক। হত্যাকাৰীৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগত থকা বুলি আৰক্ষীয়ে প্ৰমাণ লাভ কৰিছে।

হত্যাকাণ্ডটোৰ সৈতে অভিনেতা দৰ্শন জড়িত থকা বুলি অভিযুক্তও ভাষ্য প্ৰদান কৰিছে। বৰ্তমানলৈকে এই হত্যাকাণ্ডৰ সৈতে জড়িত ৯গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰেণুকা স্বামী নামৰ যুৱতীগৰাকী চিত্ৰদূৰ্গৰ এখন ফাৰ্মাচীত কাম কৰিছিল। শেহতীয়াকৈ বিবাহ পাশত আৱদ্ধ হোৱা যুৱতীগৰাকী প্ৰথমে অপহৰণ হৈছিল আৰু তাৰ পাছতে কামাক্ষীপাল্য়াত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল।

হত্যাকাণ্ড