বাংলাদেশৰ নিৰ্বাচন কেতিয়া? ইউনুছে কৰিলে ঘোষণা...

ৰাজনৈতিক সংকটে লগ নেৰা হৈছে বাংলাদেশক। অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধেও শেহতীয়াকৈ দেশখনত আৰম্ভ হৈছে তীব্ৰ বিদ্ৰোহৰ। সেনা আৰু চৰকাৰৰ মাজত মত পাৰ্থক্য বৃদ্ধি পোৱাৰ সময়তে দেশখনত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপিত হৈছে।

New Update
bangladesh

ডিজিটেল ডেস্কঃ ৰাজনৈতিক সংকটে লগ নেৰা হৈছে বাংলাদেশক। অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধেও শেহতীয়াকৈ দেশখনত আৰম্ভ হৈছে তীব্ৰ বিদ্ৰোহৰ। সেনা আৰু চৰকাৰৰ মাজত মত পাৰ্থক্য বৃদ্ধি পোৱাৰ সময়তে দেশখনত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপিত হৈছে।

Advertisment

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছে ঘোষণা কৰিছে যে, ২০২৬ৰ এপ্ৰিল মাহত বাংলাদেশত অনুষ্ঠিত হব সাধাৰণ নিৰ্বাচন। ইউনুছৰ এই ঘোষণাৰ পাছতে এতিয়া দেশখনত কিছু পৰিমাণে শাম কাটিছে বিদ্ৰোহৰ।

উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশত শ্বেইখ হাছিনাৰ শাসনকালত আৰম্ভ হোৱা বিদ্ৰোহত ৩০০ৰো অধিক প্ৰতিবাদকাৰী নিহত হৈছিল। তাৰ পিছতে দেশখনত সৃষ্টি হোৱা অচলাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি দেশ ত্যাগ কৰিছিল হাছিনাই। তাৰ পিছতে মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হৈছিল অন্তৱৰ্তীকালীন চৰকাৰৰ।

বাংলাদেশ