/asomiyapratidin/media/media_files/2025/06/14/r3dyb6cxdCjCHePHzE7J.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত শাপমুক্ত হ’ল দক্ষিণ আফ্ৰিকা। সুদীৰ্ঘ ২৭ বছৰৰ পিছত দক্ষিণ আফ্ৰিকাই জয় কৰিলে আই চি চিৰ ট্ৰফী। এই সুদীৰ্ঘ সময়ত কেইবাবাৰো দলটোৱে আই চি চিৰ কেইবাখনো মেগা ইভেণ্টত ট্ৰফীৰ কাষ চাপিছিলগৈ যদিও সেই ট্ৰফী হাতত তুলি লোৱাৰ সুযোগ পোৱা নাছিল।
১৪ জুন, ২০২৫ ত ক্ৰিকেটৰ মক্কা স্বৰূপ লৰ্ডছত আহিল সেই মহেন্দ্ৰ ক্ষণ। এইডেন মাৰক্ৰামৰ শতক, অধিনায়ক টেম্বা বভোমাৰ অৰ্ধশতক আৰু কাগিছ ৰাদাবা, লুঙ্গী নিগিদিৰ পৰাক্ৰমত দখল কৰিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ। অন্ত পৰিল ২৭ বছৰীয়া শূন্যতা।
টেষ্ট ক্ৰিকেট মানেই ধৈৰ্য্য। খেল পথাৰত তিষ্ঠি থকাৰ পৰীক্ষা। লৰ্ডছত সেই পৰীক্ষাত উত্তীৰ্ণ হ’ল দক্ষিণ আফ্ৰিকা। টছত জয় লাভ কৰি দক্ষিণ আফ্ৰিকাই বেটিং কৰিবলৈ আমন্ত্ৰণ কৰিছিল অষ্ট্ৰেলিয়াক।
প্ৰথম ইনিংছত কাগিছ ৰাবাদাৰ ৫ টা, মাৰ্কো জেনছেনৰ ৩ টা, কেশৱ মহাৰাজ আৰু এইডেন মাৰক্ৰামে লাভ কৰা এটাকৈ উইকেটৰ জৰিয়তে অষ্ট্ৰেলিয়াক ২১২ ৰাণতে সীমাবদ্ধ কৰি ৰাখে দলটোৱে। তাৰ পিছত বেটিং কৰিবলৈ আহে দক্ষিণ আফ্ৰিকা দলটো।
কিন্তু অষ্ট্ৰেলিয়ান দলটোৰ বলিং পৰাক্ৰমৰ সন্মুখত ক্ৰিজত অধিক সময় থিয় হৈ থকাটো সম্ভৱ হৈ নাথাকিল তেওঁলোকৰ বাবে। অধিনায়ক পেট কামিনছৰ ৬ টা, মিচেল ষ্টাৰ্কৰ ২ টা, হেজেলহুডৰ এটা উইকেট লাভেৰে দক্ষিণ আফ্ৰিকাক মাত্ৰ ১৩৮ ৰাণতে আৱদ্ধ কৰি ৰাখে ডিফেণ্ডিং চেম্পিয়ন দলটোৱে।
প্ৰথম ইনিংছত অধিনায়ক বভোমাৰ ৩৬, ৰিয়ান ৰেকেলটনৰ ১৬, বেভিড বেডিংহামৰ ৪৫ ৰাণৰ সহায়ত দলীয় স্ক'ৰ হয় ১৩৮। সেই মুহূৰ্তত সকলোৰে ধাৰণা আছিল এইবাৰো নাৰ্ভাছ হ’ল দক্ষিণ আফ্ৰিকা।
পুনৰ এবাৰ চেম্পিয়ন হোৱাৰ দিশে অষ্ট্ৰেলিয়া। কিন্তু টেষ্ট ক্ৰিকেটত থাকে দ্বিতীয় সুযোগ। সেই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলেই আহে সফলতা। টেম্বা বভোমা, এইডেন মাৰক্ৰাম, কাগিছ ৰাবাদা, লুঙ্গী নিগিদিয়ে সেয়াই কৰিলে।
দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়ান দলটোৰ এলেস্ক কেৰী, মিচলে ষ্টাৰ্কৰ বাহিৰে আটাইবোৰ বেটছমেনেই বিফল হয়। দ্বিতীয় ইনিংছত দলটোৰ সংগ্ৰহ মাত্ৰ ২০৭ ৰাণ। দলটোৰ এনে প্ৰদৰ্শনৰ মূলতে আছিল কাগিছ ৰাদাবা, লুঙ্গী নিগিদিৰ বলিং বিক্ৰম। দুয়োগৰাকী বলাৰে ক্ৰমে ৪ আৰু ৩ টাকৈ উইকেট লাভ কৰে।
২৮২ ৰাণৰ লক্ষ্য লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা দক্ষিণ আফ্ৰিকাই পূৰ্বে কৰি অহা ভুল এইবাৰ নকৰিলে। নাৰ্ভাছ নহ’ল পূৰ্বৰ আই চি চিৰ মেগা ইভেণ্টছসমূহত হোৱাৰ দৰে। হাৰিব নিবিচৰা যুঁজাৰু মানসিকতা লৈয়ো অসীম পাৰক্ৰম আৰু ধৈৰ্যৰে ইনিংছ আগবঢ়াই নিলে তেওঁলোকে।
বল অনুসৰি সঠিক শ্বট নিৰ্বাচন কৰাত মাৰক্ৰামে ভুল নকৰিলে। আঘাতৰ যন্ত্ৰণায়েও ৰোধিব নোৱাৰিলে অধিনায়ক বভোমাক। সৰ্বকাললৈ চিৰ স্মৰণীয় হৈ পৰিব পৰা ১৩৬ ৰাণৰ এক উপহাৰ দিলে এইডেন মাৰক্ৰামে।
কঠিন প্ৰত্যাহ্বান নেওচি দলটোক বিজয়ৰ দুৱাৰ মুখলৈ নি বিজয়ৰ বাবে মাত্ৰ ৬ ৰাণ বাকী থকা অৱস্থাত তেওঁ ঘূৰিবলগীয়া হ’ল পেভিলয়নলৈ। তেতিয়ালৈকে তেওঁৰ ওপৰত থকা দায়িত্ব সঠিকভাৱেই পালন কৰিলে।
অধিনায়ক বভোমাই আঘাতৰ দেহৰেই কৰিলে ৬৬ ৰাণ। ডেভিড বেডিংহামে অপৰাজিতভাৱে কৰিলে ২১ ৰাণ। ৰচনা হ'ল এক নতুন ইতিহাস। ৫ উইকেটত বিজয়ী দক্ষিণ আফ্ৰিকা।
এই ইতিহাসৰ বাবে দক্ষিণ আফ্ৰিকা দলটোৱে সহ্য কৰিছে বহু সমালোচনা। ব্যক্তিগতভাৱে টেম্বা বভোমাই সহ্য কৰিছে সামাজিক মাধ্যমৰ অসংখ্য ট্ৰ’ল। আনকি তেওঁৰ দলত স্থানক লৈয়ো প্ৰশ্ন উঠিছিল। ঠাট্টা কৰা হৈছিল তেওঁৰ দেহৰ উচ্চতাক লৈ। সেই সকলো ঠাট্টা, সকলো সমালোচনাৰ উত্তৰ দিলে প্ৰটিয়াছ বাহিনীয়ে। উত্তৰ দিলে টেম্বা বভোমাই।
এয়াই টেষ্ট ক্ৰিকেট। এয়াই টেষ্ট ক্ৰিকেটৰ সৌন্দৰ্য। আৰম্ভণি যিয়েই নহওঁক, শেষ কি হ'ব তাক পূৰ্বেই কোৱা সহজ নহয়। কিয়নো টেষ্টত থাকে দ্বিতীয় সুযোগ। এই সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলেই আহে সফলতা ।