টি-২০ বিশ্বকাপঃ দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত ভাৰত...

বেটিংত ব্যৰ্থ হয় দলৰ আগশাৰীৰ বেটছমেন ৰোহিত,বিৰাট আৰু কে এল ৰাহুল

author-image
Asomiya Pratidin
New Update
টি-২০ বিশ্বকাপঃ দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত ভাৰত...

IND VS SA

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে টি-২০ বিশ্বকাপ। দেওবাৰে অনুষ্ঠিত লীগ পৰ্যায়ৰ এখন মেচত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হয় ভাৰতীয় ক্ৰিকেট দল। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে নিৰ্ধাৰিত ২০ অভাৰত ১৩৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে। সেই লক্ষ্য অনুসৰণ কৰি বাভুমা নেতৃত্বাধীন দক্ষিণ আফ্ৰিকাই মাৰ্কাৰাম আৰু মিলাৰৰ অৰ্ধশতকৰ সহায়ত বিজয় লক্ষ্যত উপনীত হয়।

Advertisment

উল্লেখ্য যে, ভাৰতৰ হৈ প্ৰতিভাৱান বেটছমেন সূৰ্য কুমাৰ যাদৱে অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে বেটিংত ব্যৰ্থ হয় দলৰ আগশাৰীৰ বেটছমেন ৰোহিত,বিৰাট আৰু কে এল ৰাহুল।

south africa icct20wc cricket india