Advertisment

ভয়ংকৰ অঘটনঃ অবৈধভাৱে খন্দা সুৰংগত আৱদ্ধ হৈ নিহত ১০০ৰো অধিক শ্ৰমিক...

অবৈধভাৱে খনন কাৰ্যই প্ৰাণ ল'লে শতাধিক শ্ৰমিকৰ। এতিয়াও আৱদ্ধ প্ৰায় ৫০০শ্ৰমিক। ঘটনাটো সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাত। অবৈধভাৱে খন্দা এক সোণৰ খনিৰ সুৰংগত আৱদ্ধ হৈ শতাধিক শ্ৰমিকৰ মৃত্যুৰ খবৰে এতিয়া বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে।

author-image
Asomiya Pratidin
New Update
 দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকা Photograph: ( দক্ষিণ আফ্ৰিকা)

ডিজিটেল ডেস্কঃ অবৈধভাৱে খনন কাৰ্যই প্ৰাণ ল'লে শতাধিক শ্ৰমিকৰ। এতিয়াও আৱদ্ধ প্ৰায় ৫০০শ্ৰমিক। ঘটনাটো সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাত। অবৈধভাৱে খন্দা এক সোণৰ খনিৰ সুৰংগত আৱদ্ধ হৈ শতাধিক শ্ৰমিকৰ মৃত্যুৰ খবৰে এতিয়া বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, দক্ষিণ আফ্ৰিকাৰ পশ্চিম প্ৰান্তত থকা এই অবৈধ সোণৰ খনিটোত ১০জানুৱাৰীৰে পৰা আৱদ্ধ হৈ আছিল প্ৰায় ৬শতাধিক শ্ৰমিক। ভোক-পিয়াহত ইতিমধ্যে ১০০ৰো অধিক শ্ৰমিকৰ সুৰংগৰ ভিতৰতে মৃত্যু হৈছে। 

এতিয়ালৈকে সুৰংগটোৰ ভিতৰৰ পৰা ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে ২৬গৰাকী শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দল। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰয়োজনকৈ অধিক দ' লৈকে এই সুৰংগটোৰ খন্দাৰ বাবেই এনে অঘটন সংঘটিত হবলৈ পালে।

সমগ্ৰ বিষয়টোক লৈ চৰকাৰে তদন্ত ঘোষণা কৰাৰ লগতে উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰি তুলিছে। 

অবৈধ কয়লাখনন