চতিয়াৰ ইটাখোলাত চুৰি গাড়ী উদ্ধাৰ আৰক্ষীৰ

আৰক্ষীৰ অনুসন্ধান অব্যাহত থকাৰ মাজতে ইটাখোলা আৰক্ষীয়ে যোৱা নিশা এল্ট বাহন খন চতিয়াৰ চেঙামাৰিৰ পথৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  চতিয়াৰ ইটাখোলাত চুৰি গাড়ী উদ্ধাৰ আৰক্ষীৰ। বিশ্বনাথৰ বলোডোঙাৰ পৰা চুৰি হোৱা AS- 12- R- 7086 নম্বৰৰ  এখন এল্ট বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইটাখোলা আৰক্ষী।

WhatsApp Image 2025-12-23 at 10.52.56 AM

হানিফ আলি নামৰ যুৱকজনৰ এল্ট বাহনখন বিশ্বনাথ বলোডাঙৰ পৰা চুৰি হোৱাত বিশ্বনাথ আৰক্ষীক অৱগত কৰিছিল৷ আৰক্ষীৰ অনুসন্ধান অব্যাহত থকাৰ মাজতে ইটাখোলা আৰক্ষীয়ে যোৱা নিশা এল্ট বাহন খন চতিয়াৰ চেঙামাৰিৰ পথৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে৷

জামুগুৰিহাট