/asomiyapratidin/media/media_files/2025/06/05/TiesEpsFP8yZffgKgUJM.jpg)
ডিজিটেল ডেস্ক : খিতাপ জয়ৰ সুখে সুখী কৰিব পৰা নাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু তথা বিৰাট কোহলিক। আই পি এল -২০২৫ৰ খিতাপ জয়ৰ পাছতে হোম গ্ৰাউণ্ড এম চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা বিজয় উৎসৱত বুধবাৰে সংঘটিত হয় এক অনাকাঙ্খিত ঘটনা।
আৰ চি বিৰ এই বিজয় উৎসৱত ভাগ ল’বলৈ অসংখ্য অনুৰাগীৰ ভিৰ হৈছিল ষ্টেডিয়ামৰ বাহিৰত । কিন্তু নিৰ্ধাৰিত সময়ত প্ৰৱেশ দ্বাৰ খোলাৰ লগে লগে অনুৰাগী- সমৰ্থকসকলে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰাৰ বাবে হেতা-ওপৰা লগায়। ফলত পদপিষ্ট হৈ ১১ জন লোকে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়। নিহতসকলৰ মাজত এগৰাকী মহিলা অনুৰাগীও আছিল।
উল্লেখযোগ্য যে, এই পৰিস্থিতিৰ বাবে আৰক্ষীয়ে লাঠীচালনাপৰ্যন্ত কৰিব লগা হৈছিল। কিয়নো ষ্টেডিয়ামৰ বাহিৰত এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে, যি পৰিস্থিতি আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব লগা হৈছিল। তাৰ মাজতে ১১ গৰাকী লোক নিহত হ’বলগা হয়।
এই সমগ্ৰ ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কৰ্তপক্ষই। তাৰোপৰি বিৰাট কোহলিয়েও নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us