নগাঁৱত ভূ-লণ্ঠিত মানৱতা, জন্মদাত্ৰী মাতৃক দু-ব্যৱহাৰ পুত্ৰ-বোৱাৰীৰ...

নগাঁৱত পুনৰ মানৱতাক ভূলুন্ঠিত কৰিলে কুলাংগাৰ পুত্ৰ-বোৱাৰীয়ে । বিকলাংগ আশী উদ্ধৰ মাতৃক খেদি দিলে নিজ বাসগৃহৰ পৰা । 

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল সংবাদ,বঢ়মপুৰঃ নগাঁৱত পুনৰ মানৱতাক ভূলুন্ঠিত কৰিলে কুলাংগাৰ পুত্ৰ-বোৱাৰীয়ে । বিকলাংগ আশী উদ্ধৰ মাতৃক খেদি দিলে নিজ বাসগৃহৰ পৰা । 

নগাঁৱৰ ননৈ পানীখাইটিত পুৱাবেলাই পথৰ দাঁতিত ৰাইজে প্ৰত্যক্ষ কৰে এগৰাকী বৃদ্ধাক। বৃদ্ধাগৰাকীৰ দুইপুত্ৰক পানীখাইটিৰ ৰাইজে যোগাযোগ কৰাতো নিবলৈ নাহিল মাতৃগৰাকীক।

পিছত ননৈ আৰক্ষী চকীৰ আৰক্ষীয়ে বৃদ্ধাগৰাকীক বৃদ্ধাশ্ৰমলৈ লৈ যায় ।বৃদ্ধাগৰাকীক বৰপুত্ৰ-বোৱাৰীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ কথা উল্লেখ কৰে ভুক্তভোগী বৃদ্ধাগৰাকীয়ে । পানীখাইটি বজাৰ সমিতি আৰু সুহৃদয়বান ৰাইজে যাৱতীয় খৰচৰ বাবে বৃদ্ধাগৰাকীক প্ৰদান কৰে কিছু আৰ্থিক সাহাৰ্য ।

বঢ়মপুৰ