/asomiyapratidin/media/media_files/2025/08/26/182-2025-08-26-14-59-57.jpg)
ডিজিটেল সংবাদ,শোণিতপুৰঃ অসমত বিজেপি চৰকাৰৰ শাসনকালত স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন সাধন হোৱা বুলি বিগত দিন ধৰি একাংশ মন্ত্ৰী-বিধায়কে সভাই সমিতিয়ে ৰাজহুৱাকৈ ঘোষণা কৰি আহিছে। এনে সময়তে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে উলংঘা কৰি বিভাগীয় নিৰ্দেশ নমনাকৈয়ে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কাঠ ফুলাৰ দৰে একাধিক নাৰ্ছিংহোম চলি আছে।
এইক্ষেত্ৰত অস্ত্ৰোপচাৰৰ পিছৰ লেতেৰা আৱৰ্জনা দাহনৰ কোনোধৰনৰ ব্যৱস্থা নোহোৱাকৈ বিভাগীয় নিৰ্দেশ অমান্য কৰি তেজপুৰকে ধৰি শোণিতপুৰ জিলাত ১৮ খন ব্যক্তিগত চিকিৎসালয় চলি থকাৰ বিস্ফোৰক তথ্য অসমীয়া প্ৰতিদিনৰ অনুসন্ধানত পোহৰলৈ আহিছে।
ইমানেই নহয় অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ নিজ গৃহ সমষ্টি ঢেকিয়াজুলিৰ এলেকাতে নতুনকৈ স্থাপিত হোৱা নাৰ্ছিংহোমেই স্বাস্থ্য বিভাগৰ নিৰ্দেশ মতে আৱৰ্জনা দাহনৰ ইনচিনেৰেটৰ যন্ত্ৰ স্থাপন নকৰাকৈ মুকলি ভাৱেই চলি আছে।
ইফালে ঠেলামৰাৰ আৰ জি নাৰ্ছিংহোম স্থাপন কৰা ভূমিৰ সন্দৰ্ভত আজিলৈকে ঠেলামৰাৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰাই যোগান নধৰিলে। উল্লেখ্য যে অসমীয়া প্ৰতিদিনৰ তেজপুৰ সদৰৰ সাংবাদিক দিব্যজ্যোতি নাথে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্যতে সকলো পোহৰলৈ আহিছে।
এইক্ষেত্ৰত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে প্ৰদান কৰা তথ্য মতে, নৰেশ্বৰী বড়ো নামৰ এগৰাকী মহিলাই ঠেলামৰা তিনিআলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে স্থাপন কৰা আৰ জি নাৰ্ছিং হোমত অস্ত্ৰোপচাৰৰ পিছত ওলোৱা আৰু আন লেতেৰা আৱৰ্জনা দাহনৰ বাবে আজিলৈকে ইনচিনেৰেটৰ যন্ত্ৰৰ ব্যৱহাৰ কৰা নাই।
অভিযোগ মতে বিভাগীয় নিৰ্দেশনা মতে ব্যক্তিগত চিকিৎসালয় সমুহত লেতেৰা আৱৰ্জনাবোৰ দহনৰ কাৰণে ইনচিনেৰেটৰ ব্যৱস্থা বাধ্যতামূলক হোৱাৰ পিছতো আৰ জি নামৰ নাৰ্চিংহোমখনে সেই নিৰ্দেশ পালন নকৰাকৈ কাৰ আশীৰ্বাদত এনেদৰে মুকলি ভাৱে চলি থাকিব পাৰিছে সেয়াহে অতি ৰহস্যজনক বিষয় হৈ পৰিছে।
আনহাতে বৰ্তমান সময়ত ১০ জন চিকিৎসকৰে পঞ্চাছখন বিচনাযুক্ত আৰ জি নাৰ্ছিং হোমখন ইনচিনেৰেটৰ ব্যৱস্থা নোহোৱাকৈয়ে কোনে চলাই কিদৰে চলাই যাবলৈ অনুমতি প্ৰদান কৰিছে সেয়াই স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপটোক সম্পুৰ্ণৰূপে উদঙাই দিছে।
ইফালে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ে শোণিতপুৰত তেজপুৰৰ ব্যাপ্তিষ্ট খ্ৰীষ্টান মিছন হাস্পতালৰ বাহিৰে আন কোনো নাৰ্ছিং হোমত আৱৰ্জনা দহনৰ হেতু ইনচিনেৰেটৰ ব্যৱস্থা নাই বিস্ফোৰক তথ্য প্ৰদান কৰিছে। উল্লেখ্য যে জিলাখনৰ প্ৰতিখন নাৰ্ছিং হোমত প্ৰতিদিনে অন্যান্য চিকিৎসাৰ সমান্তৰালকৈ একাধিক ৰোগীৰ বিভিন্ন ধৰনৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়।
সেই মতে ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্নৰ পিছত লেতেৰা বেণ্ডেজ, কাপোৰ আৰু আন আন সামগ্ৰী বোৰ যাতে মুকলি ঠাইত সিচৰতি হৈ সাধাৰণলোকৰ বাবে বিপদজনক হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যবিভাগৰ নিৰ্দেশ অনুসৰি নাৰ্ছিংহোম কৰ্তপক্ষই ইনচিনেৰেটৰৰ জৰিয়তে দহন কৰিব লাগে যদিও সেয়া মুঠেই নকৰে।
তেনেক্ষেত্ৰত নাৰ্ছি হোমসমূহৰ পৰা ওলোৱা এনে আৱৰ্জনাবোৰ ক'ত কিদৰে নষ্ট কৰা হয় সেয়া সকলোৰে বাবেই সম্প্ৰতি এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এইক্ষেত্ৰত এনে ধৰনৰ লেতেৰা আৱৰ্জনাবোৰ ইনচিনেৰেটৰ ব্যৱস্থা নথকা নাৰ্ছিং হোমে সমূহে কি দৰে ক'ত নষ্ট কৰে সেয়া ৰাজহুৱা কৰিবৰ কাৰনে ৰাইজে দাবী জনাইছে।
আন এক অভিযোগ মতে নাৰ্চিংহোম সমূহত থাকিবলগীয়া পাৰ্কিং ব্যৱস্থাৰ লগতে অন্যান্য বহু সুবিধাই নেথাকে । ইয়াৰোপৰি তেজপুৰচহৰ এলেকাত থকা গৰিষ্ঠ সংখ্যক নাৰ্ছিংহোমতে পৌৰসভাৰ নিৰ্দেশনা মতে কোনো ধৰণৰ পাৰ্কিং ব্যৱস্থা নথকাত ব্যাপক সমস্যা হোৱা দেখা যায়।
এইক্ষেত্ৰত নাৰ্ছিংহোমলৈ অহা বহু ৰোগীয়ে পথৰ ওপৰত যানবাহন ৰখোৱা পৰিলক্ষিত হয়। ইফালে জিলা স্বাস্থ্যসেৱা সঞ্চালকে জনোৱা মতে মাত্ৰ ২০২৪ বৰ্ষত ঠেলামৰাত স্থাপিত আৰ জি নাৰ্ছিং হোমকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ ১৮ খন নাৰ্চিংহোমতে কোনো ইনচিনেৰেটৰ ব্যৱস্থা নাই।
আনহাতে আৰ জি নাৰ্ছিং হোম স্থাপন কৰা ভূমিৰ সন্দৰ্ভত তথ্য বিচাৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ যোগেদি ঠেলামৰা ৰাজহ বিষয়াৰ পৰা সাংবাদিক গৰাকীয়ে ১০ জুনত আবেদন জনাইছিল যদিও একমাত্ৰ কাৰ্যালয়ৰ দুৰ্নীতি অনিয়ম ফাদিলৰ ভয়তে আজিকোপতি সেই তথ্য চক্ৰ বিষয়া হিমাদ্ৰী বৰাই যোগান নধৰিলে।