জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপক লৈ অতিষ্ঠ জনতা...

শোনিতপুৰৰ জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ লগতে জীয়াভৰলী নদীৰ ওপৰৰ পকীৰ দলং খনৰ কদৰ্য্য ৰূপটিয়ে যাতায়ৰ ক্ষেত্ৰত জ্বলাকলা খুৱাইছে শোনিতপুৰৰ জামুগুৰিহাটৰ

author-image
Asomiya Pratidin
New Update
hjshh

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোনিতপুৰৰ জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ লগতে জীয়াভৰলী নদীৰ ওপৰৰ পকীৰ দলং খনৰ কদৰ্য্য ৰূপটিয়ে যাতায়ৰ ক্ষেত্ৰত জ্বলাকলা খুৱাইছে জনসাধাৰণক৷ জিলাখৰ বালিপৰাৰ পৰা  খনামুখ, তৌভঙা, টুপিয়া, ধলাইবিল আৰু চৈবাৰী হৈ  জামুগুৰিহাটৰ  চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈকে এই ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ লগতে জীয়াভৰলী নদীৰ ওপৰত থকা অতি পুৰণি প্ৰায় এক কিলো মিটাৰ দৈৰ্ঘ্যৰ পকীৰ দলঙখনৰ মাজটো সৃষ্টি হৈছে পুখুৰী সদৃশ গাত ।

Advertisment

সুদীৰ্ঘ বছৰ ধৰি দলং খনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ  মেৰামতিৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোনিতপুৰ জিলা সংমণ্ডলৰ কতৃপক্ষই । এই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ ওপৰেদি তেজপুৰ -জামুগুৰিহাট তথা বিশ্বনাথ চাৰিআলিলৈকে সংযোগ কৰি দৈনিক কেইবা শতাধিক সৰু বৰ যান বাহনৰ লগতে  যাত্ৰীবাহী বাচ সমুহো  নিতৌ চলাচল কৰি থকাটো পৰিলক্ষিত হৈ আহিছে ।

মন কৰিবলগীয়া বিষয়টো হল স্বাধীনোত্তৰ কালতে নিৰ্মাণ কৰা জীয়াভৰলী নদীৰ ওপৰৰ পকীৰ দলং খনৰ ইতিমধ্যেই ম্যাদ ওকলি গৈছে । অভিযোগ মতে পথচাৰী তথা গধুৰ ও লঘু যান বাহন আৰু যাত্ৰীবাহী বাচ সমুহ এই দলং খনৰ ওপৰেৰে পাৰ হৈ যোৱাৰ ক্ষেত্ৰত ভয় আৰু শংকাৰ সৃষ্টি হৈছে । কিয়নো ক্ৰমশঃ দলং খন তললৈ বহি যোৱাৰ আশংকা কৰি এই অংশ অতিক্ৰম কৰাৰ পূৰ্ব্বে চালক ও যাত্ৰী সকলে এশবাৰ ঈশ্বৰকেই চিন্তা কৰিব লগা হয় ।

সুদীৰ্ঘ বছৰ ধৰি এই বৃহৎ দলং খন এনেদৰেই আছে যদিও বিভাগীয় কৰ্তৃপক্ষই দলংখন যাতায়তৰ উপযোগী কৰাৰ ক্ষেত্ৰত কোনো ধৰনৰ  চিন্তা নকৰাটো পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে। বাৰিষাৰ সম্পূৰ্ণ সময়চোৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ ওপৰত পানীৰে পৰিপূৰ্ণ হৈ থকাৰ ফলত চলন্ত যান বাহন সমুহৰ চকাৰ পৰা পানী চিটিকি আহি আন বাহনত পৰি যাতায়ত বিঘ্নিত কৰাই নহয় বিশেষকৈ পথচাৰীক দুখ লগাকৈ বোকা পানীৰে ধুই নিয়া দেখা যায়৷

গহপুৰ