/asomiyapratidin/media/media_files/2025/07/30/aaju-30-2025-07-30-20-18-07.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ ‘মহান শিল্পী ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ কৰ্ম আৰু সাধনাৰ থলী ঐতিহাসিক তেজপুৰৰ চাৰিওদিশে থকা যাউতীযুগীয়া প্ৰত্নতাত্বিক সমলসমূহৰ উপযুক্তভাৱে সংৰক্ষণ আৰু সংবদ্ধৰ্নৰে তেজপুৰক নতুন ৰূপত তুলি ধৰাৰ বাবে আৰম্ভণিৰ পৰাই চেষ্টা কৰিম’৷- শোণিতপুৰৰ নৱনিযুক্ত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি তেজপুৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ বিষয়ববীয়াসকলৰ আগত এইদৰে কয়।
উল্লেখ্য যে,নৱনিযুক্ত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসক আজি সদৌ অসম সাংবাদিক সন্থা (আজু),শোণিতপুৰ জিলা সাংবাদিক সন্থা আৰু তেজপুৰ সাংবাদিক সন্থাৰ বিষয়ববীয়াসকলে আনুষ্ঠানিকভাৱে ফুলাম গামোছা, চেলেং, সৰুদৈয়া জাপি, জাতীয় প্ৰতীক চিহ্নৰ স্মাৰক আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনায়৷ এইক্ষেত্ৰত সভাকক্ষত সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সভাপতি পংকজ কুমাৰ নাথ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দিব্যজ্যোতি নাথ, শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মিন্টু হেমৰম, উপ সভাপতি প্ৰশান্ত কুমাৰ দাস, সাধাৰণ সম্পাদক অপূৰ্ব বৰাৰ লগতে তেজপুৰ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ছাইদুল ইছলাম, সহকাৰী সম্পাদক জয় প্ৰকাশ মিশ্ৰ আৰু সদস্য জুমন শইকীয়া উপস্থিত থাকে৷
উল্লেখ্য যে, সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিনিধিদলটোৰ সৈতে হোৱা এক সোহাদ্যপূৰ্ণ আলোচনাত জিলা আয়ুক্তগৰাকীক তেজপুৰকে ধৰি জিলাখনৰ বিভিন্ন সমস্যাসমূহৰ এটি প্ৰতিচ্ছবি দাঙি ধৰে৷ সেই অনুসৰি সভাপতি পংকজ কুমাৰ নাথে তেজপুৰৰ ঐতিহ্যশালী দ-পৰ্বতীয়া শিলৰ তোঁৰণ, বামুণী পাহাৰ আৰু গঢ়দৌলৰ পুৰাতাত্বিক সমলসমূহৰ উপযুক্ত সংৰক্ষণৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত এটি সংগ্ৰাহলয় নিৰ্মাণৰ হেতু এদোখৰ মাটিৰ ব্যৱস্থা কৰিবলৈ বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনায়৷
আনহাতে, সাংবাদিক দিব্যজ্যোতি নাথে বাণ ৰজাৰ কন্যা ঊষা দেৱীয়ে পূজা-অৰ্চনা কৰা ঐতিহাসিক ভৈৰৱী মন্দিৰৰ চাৰিওকাষে সিঁচৰতি হৈ থকা ভাস্কৰ্য খোদিত পৌৰাণিক সমলসমূহ দেশী-বিদেশী পৰ্যটকসকলৰ লগতে মন্দিৰলৈ যোৱা ভক্তপ্ৰাণ লোকেও যাতে চাব পাৰে তাৰবাবে সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷ এইক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে কয় তেজপুৰ তথা শোণিতপুৰৰ দৰে এখন সাংস্কৃতিক জিলালৈ জিলা আয়ুক্ত হিচাপে আহিবলৈ পাই মই নথৈ আনন্দিত আৰু মোৰ কাৰ্যকালত সৰ্বশ্ৰেষ্ঠ কামখিনি কৰি যাবলৈ সদায় চেষ্টা কৰি যাম৷
তদুপৰি যোগদানৰ পিছতে মোক ৰাইজে যিদৰে আদৰি লৈছে সেইদৰেই যাতে মই সকলোখিনি কাম সম্পূৰ্ণৰূপে কৰি তুলিব পাৰো তাৰবাবেও প্ৰয়াস কৰিম৷ আনহাতে, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত এটি সংগ্ৰাহলয় নিৰ্মাণ কৰিবৰ বাবে মাটি দিব নোৱাৰা কোনো কাৰণ নাই বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, ঐতিহ্যৰ ওপৰতে বৰভেটি গঢ় লৈ আৰু সেয়ে ঐতিহ্যক গুৰুত্ব দিবৈ লাগিব৷
শোণিতপুৰ জিলা আয়ুক্তগৰাকীয়ে লগতে কয় সীমাৰ ভিতৰত থাকি মই যিমানখিনি কৰিব পাৰো সেয়া কৰি যোৱাৰ কাৰণে সদায় চেষ্টা কৰিম৷ ইয়াৰোপৰি সাংবাদিক সন্থাৰ প্ৰতিনিধি দলটোৱে শোণিতপুৰ জিলাত ৰাজহ আইন উলংঘা কৰি কিদৰে জলাশয়, হোলাৰ মাটি আৰু কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ কেনেদৰে জধেমধে এফালৰ পৰা নিৰ্মাণকাৰ্য চলাই গৈছে সেই সন্দৰ্ভতো জিলা আয়ুক্তগৰাকীক সবিশেষ অৱগত কৰে৷