গ্ৰেপ্তাৰ হ’ব পাৰে ছোনিয়া গান্ধী!

গ্ৰেপ্তাৰ হ’ব পাৰে ছোনিয়া গান্ধী!

author-image
asomiyapratidin
New Update
গ্ৰেপ্তাৰ হ’ব পাৰে ছোনিয়া গান্ধী!

অস্তমিত হোৱাৰ দিশে নেকি গান্ধীৰাজ? যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ছোনিয়া গান্ধী। নেশ্যনেল হেৰল্ড গোচৰত কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ইডিয়ে গ্ৰেপ্তাৰ কৰিব নেকি? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন…

Advertisment

সাজু দিল্লী আৰক্ষী। সাজু মোডী চৰকাৰ। ল'ব পাৰে যিকোনো মুহুৰ্ততে ডাঙৰ সিদ্ধান্ত। তেনে এক ইংগিতেই এতিয়া দিল্লীত। ছোনিয়া গান্ধী বাসভৱনৰ সন্মুখত দিল্লী আৰক্ষীৰ বিশেষ দল। বিশাল বাহিনীয়া গঢ়ি তুলিছে বেৰিকেড। ১০ জনপথৰ সন্মুখত কিয় ইমান আৰক্ষী? প্ৰশ্ন এতিয়া তাতেই।

একেই পৰিৱেশ কংগ্ৰেছৰ দিল্লীৰ মুখ্য কাৰ্যলয়ৰ সন্মুখত। কিবা ইংগিত পাইছে নেকি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। হঠাৎ আয়োজন কৰা হৈছে দলটোক জ্যেষ্ঠ নেতা সকলৰ এক বৈঠক। এই বৈঠকত উপস্থিত আছে ছলমান খুৰচিদ, মলিকাৰ্জুন খৰ্গে, পৱন বাঞ্চাল, পি চিদম্বৰমকেই ধৰি কেইবাজনো জ্যেষ্ঠ নেতা।

উল্লেখ্য যে, নেশ্যনেল হেৰল্ড গোচৰত নাম সাঙোৰ খাইছিল ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ। জৱহাৰলাল নেহৰু, বল্লৱভাই পেটেলে এছোচিয়েট জাৰ্নেল লিমিটেড গঠনেৰে প্ৰকাশ কৰিছিল বাতৰি কাকত। ইংৰাজী ভাষাত উলিয়াইছিল নেশ্যনেল হেৰল্ড।

লোকচানৰ বাবে বন্ধ কৰিব লগা হৈছিল এই কাকতখন। কিন্তু এছোচিয়েট জাৰ্নাল লিমিটেডৰ নামত থকা সম্পত্তি ইয়ং ইণ্ডিয়া নামৰ এটা নতুনকৈ গঠন কৰা কোম্পানীলৈ হস্তান্তৰ কৰাক লৈ উঠিছিল প্ৰশ্ন। যিটো কোম্পানীৰ ২০১০ চনৰ ১৩ ডিচেম্বৰত ৰাহুল গান্ধীক সঞ্চালক আৰু ২০১১ চনৰ ২২ জানুৱাৰীত ছোনিয়া গান্ধী সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছিল।

প্ৰশ্ন উঠিছিল তাতেই। আন অংশীদাৰত্ব থকা সকলৰ নজনোৱাকৈ কেনেকৈ নতুন কোম্পানীলৈ এই সম্পত্তি হস্তান্তৰ কৰা হ'ল। বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে ৰুজু কৰিছিল গোচৰ। প্ৰশ্ন তুলিছিল ৭ মহলীয়া দিল্লীত থকা নেশ্যনেল হেৰল্ডৰ কাৰ্যলয়টো কাক সুধি গান্ধী পৰিয়ালে পাছপোৰ্ট সেৱা কেন্দ্ৰ খুলিবলৈ ভাড়াত দিছিল।

কেনেকৈ কোটি কোটি টকাৰ ঋণ মাফ কৰা হ'ল। ইডিয়ে চলাইছিল তদন্ত। কেইবাবাৰো চমন দিয়াৰ পাছত ইডিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। মঙলবাৰে নেশ্যনেল হেৰল্ডৰ মুখ্য কাৰ্যলয়ত ইডিয়ে অভিযান চলাইছিল। সমান্তৰালভালে এই নেশ্যনেল হেৰল্ডৰে জড়িত দেশৰ ১২ টা স্থানত অভিযান চলাই বুধবাৰে দিল্লীল নেশ্যনেল হেৰল্ডৰ মুখ্য কাৰ্যলয় অস্থায়ীভাৱে চীল কৰি দিছিল।

তাৰ পাছতেই এই তৎপৰতা দিল্লী পুলিচৰ। সেয়েহে সন্দেহ হৈছে যিকোনো মুহুৰ্ততে নেশ্যনেল হেৰল্ড গোচৰত ছোনিয়া গান্ধী, ৰাহুল গান্ধীক ইডিয়ে গ্ৰেপ্তাৰ কৰিব পাৰে। নহ'লে কিহৰ বাবে দিল্লী আৰক্ষীৰ এই তৎপৰতা। কংগ্ৰেছে ছোনিয়া, ৰাহুলক ইডিয়ে জেৰা কৰাৰ বিৰুদ্ধে দেশ জুৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। কৈছিল ৰাজনৈতিক প্ৰতিহিংসাৰ বাবেই মোডী তথা বিজেপি চৰকাৰে এইবোৰ কৰি আছে।

আৰু পঢ়ক: নেশ্যনেল হেৰাল্ড গোচৰত অস্তমিত হোৱাৰ দিশে কংগ্ৰেছ, গান্ধী পৰিয়াল !

rahul gandhi ed sonia gandhi bjp