জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

দেওবাৰে বিজেপিয়ে এক্সত ধাৰাবাহিকভাৱে পোষ্ট কৰি কয় যে, ছোনিয়া গান্ধী ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ সভাপতিত্বত থকাৰ সময়ত জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে অংশীদাৰিত্বত আছিল।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ  "কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী ভাৰতৰ পৰা কাশ্মীৰক পৃথক কৰাৰ পোষকতা কৰা ফ’ৰাম অৱ ডেম’ক্ৰেটিক লিডাৰ্ছ ইন এছিয়া পেচিফিক (এফডিএল-এপি)ৰ সৈতে জড়িত"- দেওবাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই অভিযোগ কৰে বিজেপিয়ে। বিজেপিৰ অভিযোগ অনুসৰি, উল্লেখিত সংগঠনটোৱে জৰ্জ ছ’ৰ’ছৰ সংগঠনৰ পৰা ধন লাভ কৰে আৰু ছোনিয়া গান্ধী এই সংগঠনৰ সহ-সভানেত্ৰী।

Advertisment

দেওবাৰে বিজেপিয়ে এক্সত ধাৰাবাহিকভাৱে পোষ্ট কৰি কয় যে, ছোনিয়া গান্ধী ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ সভাপতিত্বত থকাৰ সময়ত জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে অংশীদাৰিত্বত আছিল। ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিছিল ছ’ৰ’ছৰ পুঁজিৰে পুষ্ট অপেন ছ’চাইটি ফাউণ্ডেশ্যনৰ উপ-সভাপতি ছালিল শ্বেট্টীয়ে।

ইয়াৰ পূৰ্বে সংসদত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল যে, অ’চিচিআৰপিয়ে জৰ্জ ছ’ৰ’ছৰ পৰা ধন লাভ কৰে। এই সংগঠন আৰু কংগ্ৰেছে মিলি ভাৰতৰ অৰ্থনীতি দুৰ্বল কৰি মোডী চৰকাৰক বদনাম কৰিবলৈ চেষ্টা কৰিছে।

লগতে উল্লেখ কৰে যে, তেওঁলোকৰ শক্তিশালী আৰু দেশৰ বাবে বিপজ্জনক সম্পৰ্কটোৰ ভালদৰে পৰিলক্ষিত হৈছে। উল্লেখ্য যে, সোমবাৰে বিজেপিয়ে সংসদত ছোনিয়াৰ বিষয়টো উত্থাপন কৰিব পাৰে।ইফালে শনিবাৰে আমেৰিকাৰ দূতাবাসৰ এগৰাকী মুখপাত্ৰই এই অভিযোগসমূহক ‘হতাশাজনক’ বুলি অভিহিত কৰে।

ছোনিয়া গান্ধী