ভাৰত জোড়ো যাত্ৰাত যোগদান ছোনিয়া গান্ধীৰ...

author-image
Asomiya Pratidin
New Update
ভাৰত জোড়ো যাত্ৰাত যোগদান ছোনিয়া গান্ধীৰ...

ডিজিটেল ডেস্ক : সোমবাৰে মহীশূৰত উপস্থিত হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে । বিগত কেইবাটাও বছৰত কংগ্ৰেছে অনুষ্ঠিত কৰা এই সৰ্ববৃহৎ ৰাজহুৱা অনুষ্ঠানত ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ওলোৱা পদযাত্ৰাত দুৰ্গা পূজা উপলক্ষে দুদিনীয়া বিৰতিৰ পিছত বৃহস্পতিবাৰে যোগদান কৰে সভানেত্ৰী গৰাকীয়ে ।

এই সন্দৰ্ভত কংগ্ৰেছে প্ৰকাশ কৰা টুইট অনুসৰি, "দেশৰ অত্যাচাৰী আৰু বিভাজনকাৰী শাসকৰ বিৰুদ্ধে কংগ্ৰেছে চলাই যোৱা যুজঁখনত এতিয়া সভানেত্ৰী ছোনিয়া গান্ধীৰ যোগদানত আৰু অধিক শক্তিশালী হৈ উঠিছে কংগ্ৰেছ । এতিয়া কংগ্ৰেছ অবিচলিত, উৎসাহিত আৰু একত্ৰিত ।"

কংগ্ৰেছী নেতা জয়ৰাম ৰমেশে জানিবলৈ দিয়া মতে, শোভাযাত্ৰাৰ ২৯ নং দিনা ৰাতিপুৱা ৫.৩০ বজাত পতাকা উত্তোলনৰ পাছত কৰ্ণাটকাৰ মান্দ্যাৰ পৰা আৰম্ভ কৰে এই পদযাত্ৰাত য'ত ৰাহুল গান্ধী তথা আন দলীয় নেতাসকলক যোগদান কৰে সভানেত্ৰী গৰাকীয়ে ।

আনহাতে, বৃহস্পতিবাৰেই দিল্লীলৈ উভতাৰ পাছত ছোনিয়া গান্ধীৰ ঠাইত ৰাহুল গান্ধীক পদযাত্ৰাত শুক্ৰবাৰে সংগী দিব প্ৰিয়ংকা গান্ধীয়ে ।

bharat jodo yatra rahul gandhi sonia gandhi indian national congress