/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0e64b9a5-4c64-4c5a-ae72-36864fbc69bf/aasu.jpg)
sonari com. college
ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰি কমাৰ্চ কলেজৰ ছাত্র একতা সভাৰ ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ। শনিবাৰে অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদককে ধৰি আটাইকেইটা পদত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে।
সেই অনুসৰি আছুৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে জয়লাভ কৰে, সভাপতি পদত মুন্না সিং, উপ- সভাপতি পদত জগন্নাথ তাঁতী, সাধাৰণ সম্পাদকৰ পদত অংকুৰ শইকীয়া, সহকাৰী সম্পাদিকা পদত মুনমী কন্দপান, সাংস্কৃতিক বিভাগত প্ৰিয়ম ফুকন আৰু সাহিত্য আৰু আলোচনী সম্পাদক হিচাপে আইক্য মৌন চাইলু ,গুৰু আৰু লঘু ক্ৰীড়া সম্পাদক ক্ৰমে হিচাপে দেৱজিৎ গগৈ,দ্বীপ জ্যোতি দুৱৰা আৰু সমাজ সেৱা সম্পাদক পদত দিগন্ত তাঁতীয়ে জয়লাভ কৰে। জয়ী হোৱা আটাইকেইগৰাকীকে সোনাৰি আছুৰ কাৰ্যালয়ত অভিনন্দন জনায় ৷