সমাজ ভাল পোৱা যুৱকজনক লাগে আপোনাৰ সহায়...

প্ৰতিমূৰ্হুততে কেৱল সমাজৰ বাবে চিন্তা আৰু কাম কৰা যুৱকগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। কলেজীয়া জীৱনৰে পৰা সন্মুখৰ পৰা নেতৃত্ব দি অহা

author-image
Asomiya Pratidin
New Update
SAMIR

ডিজিটেল ডেস্কঃ প্ৰতিমূৰ্হুততে কেৱল সমাজৰ বাবে চিন্তা আৰু কাম কৰা যুৱকগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। কলেজীয়া জীৱনৰে পৰা সন্মুখৰ পৰা নেতৃত্ব দি অহা সোণাপুৰৰ চেনিমূৰৰ নিৱাসী সমীৰ সিং কৰ্কট ৰোগত আক্ৰান্ত হৈ এতিয়া ভৰ্তি হৈ আছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত। 

Advertisment

সোণাপুৰ কলেজৰ দুবাৰকৈ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা সমীৰক এতিয়া লাগে আপোনাৰ সহায়।  পিতৃহীন সমীৰ হৈছে অতি দৰিদ্ৰ পৰিয়ালৰ। কৰ্কট ৰোগৰ সৈতে যুঁজ দিবলৈ অৰ্থৰ সাহস নাই পৰিয়ালটিৰ। সেয়েহে এতিয়া পৰিয়ালটোৱে বিচাৰিছে ৰাইজৰ সহায়।

ছাত্ৰ অৱস্থাৰে পৰা সামাজিক জীৱনৰ সৈতে ওতঃপোতভাৱে জড়িত হৈ পৰা সমীৰে সাধাৰণ সম্পাদক হৈ থাকোতেই কামৰূপ মেট্ৰৰ সকলো শিক্ষানুষ্ঠানৰ সাধাৰণ সম্পাদকসকলক লৈ এটা অনুষ্ঠানৰো জন্ম দিছিল। সামাজিক কাম-কাজত অতিকৈ সক্ৰিয় সমীৰক যদিহে আপুনি সহায় কৰিব খোজ তেন্তে তলত দিয়া বেংক নাম্বাৰত আগবঢ়াব পাৰে অৰ্থ সাহায্য।

সমীৰৰ বেংক সবিশেষঃ- 

BANK NAME- UCO BANK

BRANCH NAME- SONAPUR

BANK ACCOUNT NO- 05000110118313

IFSC CODE- UCBA0000500

ACCOUNT HOLDER- SAMIR SINGH

PHONE NO- 9126559116

G PAY NO- 9126559116

ড০ হিমন্ত বিশ্ব শৰ্মা