/asomiyapratidin/media/media_files/2025/03/28/ZsTZnxOxXsTNfJUy3HVZ.jpg)
ডিজিটেল সংবাদ, সোণাপুৰ: তেজ দিম মাটি নিদিওঁ, ডিগাৰু এয়াৰ ফ'ৰ্চ মুৰ্দাবাদ, এয়াৰ ফৰ্চৰ দপদপনি নচলিব আদি শ্লোগানেৰে সোণাপুৰ উত্তাল কৰি তোলে ৷ সোণাপুৰৰ মাজমজিয়াত স্থাপিত ডিগাৰু বায়ুসেনা বাহিনীৰ সীমাৰপৰা ৯০০ মিটাৰ দূৰত্বৰ ভিতৰত থকা সকলো নিৰ্মাণকাৰ্য্য বন্ধ কৰাৰ বাবে বায়ু সেনা বাহিনীয়ে যি জাননী প্ৰেৰণ কৰিছে তাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ সোণাপুৰ বাসী ৰাইজৰ মাজত ৷
প্ৰায় দহ হাজাৰ লোক উপস্হিতিত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ লোকে কয় কোনো কাৰণতে আমি মাটি নিদিও ৷সোণাপুৰৰ নিৰ্মাণ কাৰ্য কোনোপধ্যে বন্ধ কৰিব নোৱাৰিব । তেজ দিম খিলঞ্জীয়াৰ ভূমি কোনো কাৰণতে দিয়া নহব বুলি হুংকাৰ দিয়ে ৷ উল্লেখ্য যে সোণাপুৰ প্ৰাণকেন্দ্ৰত স্থাপিত ডিগাৰু বায়ুসেনাৰ ঘাটিৰ হেঁচাত প্রশাসনে প্রদান কৰা জাননীক লৈ এতিয়া সমগ্ৰ সোণাপুৰ বাসী শংকিত হৈ পৰিছে ৷
বৃহত্তৰ সোণাপুৰ অঞ্চলবাসী হৈছে অতি সহজ সৰল খিলঞ্জীয়া লোক ৷ ইয়াৰ জৰিয়তে চাৰিখন গাওঁ পঞ্চায়তৰ প্ৰায় দহ হাজাৰ খিলঞ্জীয়া লোকৰ ক্ষতিগ্ৰস্হ হব ৷ ৪০ - ৫০ বছৰ ধৰি এই অঞ্চলটোত খিলঞ্জীয়া লোকে ঘৰ সাজি ভোগদখল কৰি আছে তেওঁলোকে ৷ বহু লোক ৭০-৮০ বছৰ পুৰণি অথবা ১০০ বছৰৰো অধিক কাল এই অঞ্চলত বসবাস কৰি আছে।
তেনেক্ষেত্ৰত ডিগাৰু বায়ুসেনা বাহিনীৰ কাৰ্যালয়ৰ তৰফৰ পৰা স্হানীয় প্ৰশাসনক হেচাঁ দি বায়ুসেনা বাহিনীৰ চৌহদৰ পৰা ৯০০ মিটাৰ দূৰত্বৰ ব্যাসাৰ্ধলৈকে থকা ভূমিত নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ জাননী জাৰি কৰিছে ৷ ইয়াকে লৈ সমগ্ৰ খিলঞ্জীয়া বাসীৰ লোক সকল চিন্তিত হৈ পৰিছে ৷ ডিগাৰু এয়াৰ ফৰ্চৰ এই জাননীৰ ফলত সোণাপুৰ , বৰুৱাবাৰী, উৰল, এৰাবাৰী, বৰখাট, মিলনপুৰ, জ্যোতিনগৰ, ৰূপনগৰ, শান্তিনগৰ, কুশল নগৰ, বাৰঘৰীয়া, মহমাৰা, বালিগেট, দমৰা পথাৰ, বলিয়াস্থান, মৈৰাকুছি, ৰাজীৱ গান্ধীনগৰ, বটাকুছি, ডিগাৰু, চেনিমূৰ, বজৰাম আদি গাঁৱৰ লোকসকলক জীৱন যাপন ধংস হব ৷
ডিগাৰু এয়াৰ ফৰ্চৰ কামাণ্ডিং বিষয়া অজয় ৰানাক আজিৰ সভাৰ জৰিয়তে সঁকিয়াই দিয়ে যে কোনো কাৰণতে খিলঞ্জীয়া লোকক যাতে হাৰাশাস্তি নকৰে ৷ ৰাইজৰ হুংকাৰ প্ৰয়োজন হলে সোণাপুৰৰ পৰা ডিগাৰু বায়ু সেনা বাহিনী আঁতৰাই পঠিয়াব তথাপি আমি মাটি এৰি নিদিও ৷ বায়ু সেনা বাহিনীৰ এই নিৰ্দেশ বাতিল নকৰিলে পৰৱৰ্তী সময়ত পৰিস্থিতি ভয়ংকৰ হ'ব ৷
এসময়ত স্থানীয় ৰাইজৰ সহযোগিতাত স্থাপিত বায়ুসেনাৰ ডিগাৰু ঘাটিটোৱে এতিয়া স্থানীয় ৰাইজৰ বিৰুদ্ধে থিয় হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ লোকে কয় যে স্হানীয় লোকৰ কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতিৰে স্থাপিত এই বায়ুসেনাৰ ঘাটিতো এতিয়া থলুৱা বিৰোধী নীতিত লিপ্ত হৈছে। সোণাপুৰ নতুন বজাৰৰ মাজেৰে যোৱা অতি ব্যস্ততা পূৰ্ণ বায়ুসেনাৰ আবাসিক এলেকালৈ যোৱা পথতো বলপূর্বকভাৱে বেৰিকেড দিয়াৰ ফলত
পথটো যাতায়তৰ বাবে সৰু হৈ পৰাত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা বুলিও কয় সমবেত ৰাইজে ৷কেৱল কেইজনমান বিষয়াৰ মইমতালিৰ বাবে ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হৈছে। বায়ু সেনা বাহিনীৰ এই সকল লোকে বিগত ৫০ বছৰ ধৰি স্থানীয় লোকৰ পৰা কোনো ধৰণৰ অসুবিধা পোৱাৰ নজিৰ নাই। বায়ুসেনাত বহু কৰ্মৰত লোকে তেওঁলোকৰ থকা সু ব্যৱস্হা নথকাত সোণাপুৰৰ ৰাইজে তেওঁলোকক বছৰ বছৰ ধৰি ভাৰাঘৰ প্ৰদান কৰি থকাৰ সুব্যৱস্থা কৰি দিছে।
বজাৰ সমাৰৰ ক্ষেত্ৰটো সকলো ধৰণৰ বস্তু যোগানৰ ক্ষেত্ৰত সোণাপুৰবাসী ৰাইজৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেনেক্ষেত্ৰত সোণাপুৰ বাসীক জাননী জাৰি কৰি যি হাৰাশাস্তি কৰি আহিছে তাক শীৰ্ঘে বন্ধ কৰিবলৈ দাবী জনায় ৷ অন্যথা ডিগাৰু বায়ু সেনা বাহিনীৰ বিৰুদ্ধে সমগ্ৰ ৰাইজ ৰাজপথত নামি আন্দোলনৰ কাৰ্যসূচী হাতত লব ৷ ইপিনে আজি সভাৰ শেষত হেমন্ত কলিতা সভাপতি আৰু দিগন্ত লহকৰক সম্পাদক হিচাপে লৈ পৰৱৰ্তী সময়ত বায়ু সেনা বাহিনীৰ বিৰুদ্ধে কেনেদৰে কাৰ্যসূচী হাতত লব তাৰ বাবে এখন ৪০ জনীয়া সমিতি গঠন কৰিছে ৷আজিৰ সভাৰ প্ৰাকমূহুৰ্তত সোণাপুৰৰ সকলো দোকানীয়ে দোকান বজাৰ বন্ধ ৰাখি এক প্ৰতিবাদ সাব্যস্ত কৰে ।
আজিৰ সভাৰ শেষত ডিগাৰু বায়ু সেনা বাহিনীৰ আগ্ৰাসন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাৰস্থ হবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ডিগাৰু বায়ু সেনাৰ কামাণ্ডিং বিষয়া অজয় ৰাণাৰ অহা ৩ এপ্ৰিলত প্ৰৰ্তিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।
আনহাতে ,সোণাপুৰ এলেকাত থকা বায়ু সেনাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীক অনাগত ১৫দিনৰ ভিতৰত সোণাপুৰৰ ভাড়া ঘৰ সমূহ খালী কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সোণাপুৰৰ বজাৰত বায়ুসেনাৰ লোক সকলক শাক পাছলি,ফল মূল,মাছ মাংস বিক্ৰী নকৰাৰ সিদ্ধান্ত আজিৰ সভাই গ্ৰহণ কৰে ।
আনহাতে ,ডিমৰীয়া সমজিলা আয়ুক্তই ২৭জানুৱাৰী, ২০২৫ ত দিয়া নিৰ্দেশনা বাতিল কৰিবলৈ ১০দিনৰ সময় সীমা বান্ধি দিয়াৰ লগতে অহা ১০দিনৰ ভিতৰত নতুন বজাৰৰ পৰা আৱাসিক এলেকালৈ যোৱা পথত দিয়া বেৰিকড আৰু পহৰা চকী উঠাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।প্ৰশাসনে উচ্ছেদ নকৰিলে ৰাইজ ৰাজপথলৈ ওলাই আহিব আৰু প্ৰতিবাদ সাব্যস্ত কৰিব ।
সমগ্ৰ বিষয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী,ভাৰতৰ প্ৰধানমন্ত্ৰী,গৃহ মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে এখন ৰাজহুৱাু স্বাৰ্থজড়িত আবেদনৰ জড়িয়তে বায়ুসেনাৰ ঘাটি সোণাপুৰৰ পৰা স্থানান্তৰিত কৰাৰ বাবে আদালতৰ দাৰস্থ হবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।