পুনৰ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে কচুতলি...

সোণাপুৰত কচুতলি উচ্ছেদৰ পাছত পুনৰ একাংশ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে কচুতলি অঞ্চল।তিৰপাল আৰু বাঁহেৰে নিৰ্মাণ কৰিছে বাসগৃহ সমূহ। এই উচ্ছেদিত

author-image
Asomiya Pratidin
New Update
ujujj

ডিজিটেল ডেস্কঃ  সোণাপুৰত কচুতলি উচ্ছেদৰ পাছত পুনৰ একাংশ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে কচুতলি অঞ্চল।তিৰপাল আৰু বাঁহেৰে নিৰ্মাণ কৰিছে বাসগৃহ সমূহ।এই উচ্ছেদিত লোক সকলে এতিয়া প্ৰতিদিনে ডিগাৰু নদীত অবৈধ ভাবে বালি খনন আৰম্ভ কৰিছে।

এই বালিসমূহ বিক্ৰী কৰিয়েই এতিয়া উচ্ছেদিত লোকসকলে মোকলাইছে পেটৰ ভাতমুঠি ।দিছে পৰিয়ালৰ ভৰণ -পোষণ । উচ্ছেদিত একাংশই বন বিভাগক মেনেজ কৰি চলাই গৈছে বালি খনন।

নিৰব দৰ্শকৰ ভূমিকাত পূব কামৰূপ বন সংমণ্ডলৰ ডিএফ অ' অশোক দেৱচৌধুৰী । নদীৰ সমান্তৰালভাৱে পথাৰত উচ্ছেদিত একাংশ লোকে গাঁত খান্দি চলাই আছে বালিৰ ৰমৰমীয়া ব্যৱসায় ।নিধিৰাম চৰ্দাৰৰ ভূমিকাত আৰক্ষী-প্ৰশাসন ।

সোণাপুৰ উচ্ছেদ