/asomiyapratidin/media/media_files/2025/05/18/AGnQNesEE8RZfYnuu6LP.jpg)
ডিজিটেল সংবাদ, সোণাপুৰঃ সোণাপুৰৰ লুৰী গাঁৱত ৰংজালী বৈশাগু ফৌথাৰত আজি এদিনীয়াকৈ অনুষ্ঠিত হয় ত্ৰয়োদশ আন্তঃ ডিমৰীয়া সন্মিলিত ৰংজালী বৈশাগু উৎসৱ। নিখিল বড়ো ছাত্ৰ সন্হাৰ ডিমৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰংজালী বৈশাগুৰ দিনা অগনন লোকৰ সমাৱেশ ঘটে উৎসৱ স্হলিত।
লোক শিল্পী মোহিনী ৰামচিয়াৰী,কণ্ঠশিল্পী গীতাশ্ৰী ৰামচিয়াৰীকে মুখ্য কৰি বিশিষ্ট লোক সকলে অংশ গ্ৰহণ কৰে মুকলি ৰংজালী বৈশাগু। য'ত স্হানীয় কেইবা খনো গাঁৱৰ যুৱক-যুৱতী,পুৰুষ-মহিলা সকলে বড়ো নৃত্য-গীতত অংশ গ্ৰহণ কৰে। উল্লেখ্য অনুষ্ঠানত শিশুৰ পৰা বৃদ্ধ লৈ সকলোৱে খাম-চিফুঙৰ তালে তালে সমূহীয়া নৃত্য-গীতত ভাগ লৈ পাৰ ভঙা আনন্দত মতলীয়া হৈ পৰে।
উৎসৱৰ লগত সংগতি ৰাখি কণিষ্ঠ সকলে বয়ো জ্যেষ্ঠ ব্যক্তি সকলক চৰণ চুই আৰ্শীবাদ গ্ৰহণ কৰে।উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন পৰম্পৰাগত খেল-ধেমালিও অনুষ্ঠিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us