Advertisment

কংগ্ৰেছক 'গাড্ডাৰ' আখ্যা! কি জগৰ লগালে অখিল গগৈয়ে?

সোণাপুৰৰ আতিথ্য ৰিৰ্জটৰ বিৰোধীৰ বৈঠকত সূত্ৰপাত হোৱা বাক-বিতণ্ডাৰ পিছতে ইয়াৰ কিছু ভিতৰুৱা তথ্য পোহৰলৈ আহিছে। বৈঠকস্থলীত উপস্থিত থকা এক সূত্ৰই সদৰি কৰা অনুসৰি, বৈঠক আৰম্ভ হোৱা প্ৰথম প্ৰায় ৪৫মিনিট সময় ভালদৰেই অতিবাহিত হৈছিল সময়।

author-image
Asomiya Pratidin
New Update
new ap web 5

ডিজিটেল ডেস্কঃ সোণাপুৰৰ আতিথ্য ৰিৰ্জটৰ বিৰোধীৰ বৈঠকত সূত্ৰপাত হোৱা বাক-বিতণ্ডাৰ পিছতে ইয়াৰ কিছু ভিতৰুৱা তথ্য পোহৰলৈ আহিছে। বৈঠকস্থলীত উপস্থিত থকা এক সূত্ৰই সদৰি কৰা অনুসৰি, বৈঠক আৰম্ভ হোৱা প্ৰথম প্ৰায় ৪৫মিনিট সময় ভালদৰেই অতিবাহিত হৈছিল সময়। দিল্লীৰ পৰা এই বৈঠকৰ উদ্দেশ্য ফোনযোগেৰে সকলোৰে আগত ব্যক্ত কৰিছিল বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে।

Advertisment

তাৰ পিছতে আৰম্ভ হৈছিল আলোচনা। কিন্তু এই আলোচনাৰ মাজতে লাগিল কেনা। কংগ্ৰেছৰ আসন সম্পৰ্কীয় কিছু কথা বতৰাত অসন্তুষ্টি প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক গাড্ডাৰ আৰু ফেচিষ্ট বুলি আখ্যা দিয়াৰ পাছতে জাঙুৰ খাই উঠে বৈঠকত উপস্থিত থকা কংগ্ৰেছ নেতৃত্ব।

অখিল গগৈৰ এই কথাৰ বিৰোধিতা কৰি উচ্চ বাচ্য প্ৰয়োগ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে। অৱশেষত তেওঁ অখিল গগৈৰ এই কথাৰ তীব্ৰ বিৰোধিতা কৰি বৈঠক ত্যাগ কৰে। সাংসদগৰাকীৰ পিছে পিছে ওলাই আহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও। বৰাই বৰদলৈক বুজনি দিবলৈ চেষ্টা কৰে যদিও সাংসদগৰাকীয়ে সেই স্থান ত্যাগ কৰে।

ইফালে ফোন যোগে কাৰোবাৰ সৈতে কথা পতাৰ অন্তত পুনৰ বৈঠকত অংশৰ বাবে ভিতৰলৈ সোমাই যায় কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। বৰ্তমানেও চলি আছে এই বিৰোধীৰ এই বৈঠক। 

অখিল গগৈ