Advertisment

এক হোৱাৰ সলনি প্ৰথমখন বৈঠকতে মেলিল ফাঁট! বিৰোধীৰ বৈঠক আধাতে এৰি খঙেৰে ওলাই গ'ল প্ৰদ্যুৎ বৰদলৈ...

বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে যি আশাৰে বিৰোধীক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল, সেই আশাত যেন চেচাঁপানী পৰিল। সোণাপুৰৰ আতিথ্য ৰিৰ্জটত  বিৰোধীক একত্ৰিত

author-image
Asomiya Pratidin
New Update
new ap web 3

ডিজিটেল ডেস্কঃ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে যি আশাৰে বিৰোধীক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল, সেই আশাত যেন চেচাঁপানী পৰিল। সোণাপুৰৰ আতিথ্য ৰিৰ্জটত  বিৰোধীক একত্ৰিত কৰিবলৈ আয়োজন কৰা বৈঠকত কেনা লাগিল। বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান কৰা বৈঠকত নিজৰ মাজতে যুজঁ লাগিল বিৰোধীৰ।

Advertisment

আতিথ্য ৰিৰ্জটৰ এটা বিশেষ কোঠাত বিয়লি ভাগৰ পৰা আৰম্ভ হৈছিল এই বৈঠকখন। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ, অজাপৰ লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈৰ লগতে বহুকেইটা ৰাজনৈতিক দলৰ নেতৃত্ব সমৱেত হৈছিল সোণাপুৰত। কিন্তু বৈঠক আৰম্ভ হোৱা এঘন্টা নৌহওঁতেই খঙেৰে বৈঠক এৰিলে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

অতি উষ্মাৰে সেই বিশেষ বৈঠকখন অনুষ্ঠিত হৈ থকা কোঠাটোৰ পৰা কংগ্ৰেছৰ সাংসদগৰাকী ওলাই অহাৰ পাছতে তেওঁক বুজনি দিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ওলাই আহিছিল যদিও সাংসদগৰাকীয়ে নিজৰ বাহনত উঠি উক্ত স্থান ত্যাগ কৰে।

ইফালে বৈঠক অনুষ্ঠিত হৈ থকা কোঠাটোৰ বাহিৰতে ৰৈ থকা সাংবাদিকসকলে সদৰি কৰা অনুসৰি, সাংসদ প্ৰদ্যুত বৰদলৈ ওলাই অহাৰ পূৰ্বে বৈঠকত যথেষ্ট হুলস্থুলীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল।  বৈঠকত উচ্চ বাচ্য প্ৰয়োগ কৰাৰ পাছতে এনেদৰে প্ৰদ্যুত বৰদলৈয়ে ত্যাগ কৰে বৈঠক।

ইফালে বৈঠকত ৰাইজৰ দলৰ সভাপতিৰ সৈতে আসন বিতৰণ সম্পৰ্কীয় কিছু কথাক লৈ তৰ্কাতৰ্কি হোৱা বুলি আশংকা প্ৰকাশ কৰা হৈছে। কিয়নো বৈঠক ত্যাগ কৰি খঙেৰে ওলাই অহা প্ৰদ্যুত বৰদলৈয়ে অখিল গগৈ সম্পৰ্কীয় সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে, কংগ্ৰেছে যদি ৰামঠগন দিয়ে বুলি অখিল গগৈয়ে কৈছে, তেনেহলে কিয় কংগ্ৰেছৰ সৈতে কাম কৰিবলৈ আহিছে।

এনেবোৰ কথা বতৰালৈ চাই বিৰোধী মিত্ৰজোঁটৰ প্ৰথমখন বৈঠকতে কেনা লাগিল বুলি কলেওঁ হয়তো ভুল কোৱা নহব। ইফালে প্ৰদ্যুত বৰদলৈয়ে বৈঠক ত্যাগ কৰাৰ পাছতে পুনৰ বৈঠক চলি আছে আতিথ্য ৰিৰ্জটত। 

সোণাপুৰ