স্বাগতম ! সোণাপুৰ কলেজৰ নৱাগত আদৰণি সভা, দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয় ৰূপে গঢ়িবলৈ শিক্ষাৰ্থীক আহ্বান অধ্যক্ষৰ...

সোণাপুৰ কলেজৰ ৩২ সংখ্যক নবাগত আদৰণি সভা

author-image
Asomiya Pratidin
New Update
স্বাগতম ! সোণাপুৰ কলেজৰ নৱাগত আদৰণি সভা, দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয় ৰূপে গঢ়িবলৈ শিক্ষাৰ্থীক আহ্বান অধ্যক্ষৰ...

sonapur college

ডিজিটেল সংবাদ সোণাপুৰ: মহানগৰীৰ পাৰ্শ্ববৰ্তী সোণাপুৰ কলেজৰ ৩২ সংখ্যক নবাগত আদৰণি সভাখনি যোৱা ২০ ছেপ্টেম্বৰত পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰা হয়। শুভাৰম্ভ কৰে অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে।

Advertisment

ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰে মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ড০ প্ৰশান্ত শইকীয়াই। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খনিকৰে ভূগোল বিভাগৰ প্ৰাচীৰ পত্ৰিকা "বসুন্ধৰা" উন্মোচন কৰে।

বানপানীক বিষয় বস্তু হিচাপেলৈ সুন্দৰকৈ উপস্থাপন কৰা প্ৰাচীৰ প্ৰত্ৰিকাখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। উল্লেখযোগ্য যে, নবাগত আদৰণি সভা উপলক্ষে অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰৰ সঞ্চালনাত এখনি মুকলি সভা অনুষ্ঠিত হয়। ইয়াৰ পূর্বে মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক আকৰ্ষণীয় অন্তৰংগ আলাপ অনুষ্ঠিত হয়।

অনুষ্ঠানটো ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীতৰে মুখৰিত কৰি তোলে। অনুষ্ঠানত প্ৰতিভাৰ আকৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰে। ইফালে মুকলি সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খনিকৰে আদৰণি ভাষণ প্ৰদান কৰি সোণাপুৰ মহাবিদ্যালয়খন দেশৰ ভিতৰতে এখন শ্রেষ্ঠ মহাবিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক, কৰ্মচাৰীক আহ্বান জনায় ।

ইতিমধ্যে NRIF, ইণ্ডিয়া টুডে আদিৰ ৰেংক লাভ কৰা মহাবিদ্যালয়খনৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কৰণীয় যথেষ্ট বুলি কয়। তদুপৰি ছাত্ৰ সমাজৰ গভীৰ দায়িত্ব থকা বুলি মন্তব্য কৰে। আনহাতে নবাগত আদৰণি সভাৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰফেছৰ অফ এমেৰিতাচ তথা প্লাজমা ফিজিক্স বিজ্ঞানী আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অসমৰ প্ৰাক্তন সঞ্চালক ড° জয়ন্তী চুতীয়া।

ড০ চুতীয়াই ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ লগতে বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে আহ্বান জনায়। প্ৰসংগ ক্ৰমে বিশ্বৰ বহু ৰাষ্ট্ৰ এতিয়া ৰবট নিৰ্ভৰশীল হোৱা বুলি মন্তব্য কৰে। এসময়ত মানুহ ৰবটৰ নিৰ্ভৰশীল হোৱাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে।

ছাত্ৰ-ছাত্ৰীসকলক পাৰিপাৰ্শ্বিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈও তেওঁ আহ্বান জনায়। মুকলি সভাত আন এগৰাকী অতিথি - ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি ৰঞ্জন বেজবৰুৱা উপস্থিত থাকি ছাত্ৰ সমাজক অসমীয়া আৰু সংস্কৃত গীত পৰিবেশনেৰে মনোৰঞ্জন প্ৰদান কৰে।

বেজবৰুৱাই অনুষ্ঠানত ভাগৱত গীতাৰ পৰা আৰম্ভ কৰি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কেইবাটিও কালজয়ী গীত অসমীয়া আৰু সংস্কৃতত পৰিৱেশন কৰে। অনুষ্ঠানত একেলগে মহাবিদ্যালয়ৰ কেইবাটাও শৈক্ষিক বঁটা আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা প্ৰদান কৰা হয়।

এইবছৰ শ্রেষ্ঠ স্নাতকৰ বঁটা লাভ কৰে সোণাপুৰ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ ছাত্ৰী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী জুমী ৰংচনে। বঁটাটিত নগদ ১০ হাজাৰ টকাৰ লগতে এখন মান পত্ৰ প্ৰদান কৰা হয়।

উক্ত বঁটাটিৰ দাঁতা ভূগোল বিভাগৰ সহযোগী অধ্যাপক ড০ আনন্দ দাস। তদুপৰি অনুষ্ঠানত সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক উপেন বৰাই আগবঢ়োৱা বঁটা লাভ কৰে ক্ৰমে -জুমী ৰংচন, ধীৰাজ টুমুঙে।

অনুষ্ঠানত প্রিয় বৰদলৈ বঁটা লাভ কৰে - পূজা সিংহ , সুনিতা টেৰণে ক্ৰমে ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰি নিৰু মহন্ত বঁটা, অসমীয়াত সৰ্বোচ্চ নম্বৰ লাভ কৰি ৰবীন চৌধুৰী বঁটা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা বাবে কলেজ কৰ্তৃপক্ষৰ বঁটা লাভ কৰে। তদুপৰি অৰ্থনীতি বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা বাবে শৰ্মিলা দেৱীক অৰ্থনীতি বিভাগৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়। বিয়লি কণ্ঠ শিল্পী বিদিশা দেৱীৰ গীতৰ অনুষ্ঠানে ছাত্ৰ-ছাত্ৰী সকলক আপ্লুত কৰে।

sonapur college