সৰ্বভাৰতীয় পৰ্য্যায়ত উজ্বলিল সোণাপুৰ মহাবিদ্যালয়...

, মহাবিদ্যালয়খনে লাভ কৰা এনে ৰেংকিংত শিক্ষক, ছাত্ৰ- ছাত্ৰী,অংশীদাৰ আৰু স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰে আৰু  ৰাইজৰ মাজত আনন্দৰ বন্যা বোৱা দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,সোণাপুৰঃ  নাকৰ এ প্লাছ গ্ৰেড লাভ কৰা সোণাপুৰ মহাবিদ্যালয়ে ইণ্ডিয়া টুডে চলোৱা সমীক্ষাত ৰাজ্যখনৰ ভিতৰত স্নাতক কলা শাখাত তৃতীয় স্থান লাভ কৰি সোণাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Advertisment

স্বাভাৱিকতে, মহাবিদ্যালয়খনে লাভ কৰা এনে ৰেংকিংত শিক্ষক, ছাত্ৰ- ছাত্ৰী,অংশীদাৰ আৰু স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰে আৰু  ৰাইজৰ মাজত আনন্দৰ বন্যা বোৱা দেখা গৈছে। মহাবিদ্যালয় খনে ২০১৯ৰ পৰা বৰ্তমানলৈ একেৰাহে ইণ্ডিয়া টুডে ৰেংকিং লাভ কৰিবলৈ সক্ষম হৈ আহিছে।

এইবছৰ সৰ্বভাৰতীয় পৰ্যায়ত ১৩৭ নং স্থান আৰু ৰাজ্য খনৰ ভিতৰত তৃতীয় ৰেংকিং লাভ কৰে। ইণ্ডিয়া টুডেয়ে ভাৰতবৰ্ষৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ মাজত  কিছুমান বিশেষ বৈশিষ্ট্যৰ ওপৰত সমীক্ষা তথা অধ্যয়ন চলায়।

সেইসমূহৰ ভিতৰত- Intake Quality and Governance(IQG),Academic Excellence (ACE) Infrastructure and Living Experience (ILE), Personality and Leadership Development (PLD), Placement and Career Progression (PCP), Objective Score (OS) আৰু Perceptual Score (PS).

উল্লেখযোগ্য যে, সোণাপুৰ কলেজে ৰাজ্যখনৰ আন কলেজ সমূহৰ ভিতৰত- Academic Excellence (ACE) আৰু Placement and Career Progression (PCP) সৰ্বোচ্চ নম্বৰ লাভ কৰে।

মহাবিদ্যালয় খনক কেইদিনমান আগতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্ব শাসিত মহাবিদ্যালয় হিচাবে স্বীকৃতি প্ৰদান কৰা হৈছিল। ইফালে মহাবিদ্যালয় খনৰ এই কৃতিত্বত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে সমূহ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অংশীদাৰ সকলক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে।

সোণাপুৰ