/asomiyapratidin/media/media_files/2025/06/15/JN6yKm4EIG68UEPJrFoa.jpg)
ডিজিটেল ডেস্কঃ ৰাজা ৰঘুবংশী হত্যাকাণ্ডক লৈ প্ৰতিদিনে ন ন তথ্য পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই প্ৰকাশ কৰিছে যে গাজীপুৰত আত্মসমৰ্পণৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে মূল অভিযুক্ত সোণম ৰঘুবংশীৰ সৈতে তেওঁ বাছত যাত্ৰা কৰিছিল ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মূল সাক্ষী উজালা যাদৱে কয় যে কেনেকৈ সোণমে তেওঁৰ ঠিক কাষতে উক্ত গোচৰৰ বিষয়ে চলি থকা ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’ক “আজে বাজে কথা” বুলি উলাই কৰিছিল।
গাজীপুৰৰ ছাত্ৰী যাদৱে যোৱা ৮ জুনৰ নিশা সোণমৰ সৈতে হোৱা মুখামুখিৰ বিশদ বিৱৰণ দি কয় যে, বাৰাণসী কেণ্ট ষ্টেচনত সোণমক মই লগ পাইছিলো। তাইৰ মুখখন দুপাট্টাৰে ঢাকি থোৱা আছিল আৰু দুজন মানুহ লগত আছিল, এজনৰ মুখত বগা কাপোৰ মেৰিয়াই থোৱা আছিল।
ঘৰলৈ গৈ থকা যাদৱে কয় যে সোণমে তেওঁক সুধিছিল যে কোনোবা বাছ গোৰখপুৰ বা গাজীপুৰলৈ যায় নেকি? যাদৱে সোণমক বাছ ষ্টেণ্ডলৈ নিৰ্দেশ দিলে। শেষত ৭ নম্বৰ প্লেটফৰ্মৰ পৰা একেখন বাছতে উঠিছিল, প্ৰথমতে পৃথকে পৃথকে বহিছিল।
তাৰ পাছত তেওঁ কয়, সোণমে মূৰ তল কৰি বহিছিল আৰু মাস্কো পিন্ধিছিল। এজন পুৰুষ যাত্ৰীয়ে নিজৰ আসন খালী কৰাৰ পিছত যাদৱে সোণমৰ কাষত বহিবলৈ আগবাঢ়িল। যাত্ৰাৰ সময়ত এগৰাকী দুৰ্দশাগ্ৰস্ত সোণমে যাদৱৰ ফোনটো বিচাৰি, এটা নম্বৰ টাইপ কৰিলে, কিন্তু তাৰ পিছত সেইটো ডিলিট কৰি পেলালে আৰু কোনো ফোন নকৰাকৈয়ে ডিভাইচটো ঘূৰাই দিলে।
আটাইতকৈ আচৰিত মুহূৰ্তটো আহিল যেতিয়া যাদৱে ইয়াৰফোন লৈ ফোনত ইনষ্টাগ্ৰাম ৰিল এটা চাই আছিল। ভিডিঅ’টোত ৰাজা ৰঘুবংশীৰ শোকগ্ৰস্ত মাতৃয়ে বোৱাৰীক নিৰাপদে ঘূৰি অহাৰ বাবে কাতৰ অনুৰোধ জনাইছিল।
যাদৱে কয়, "মই ভিডিঅ'টো চাই আছিলো আৰু সোণমে কৈছিল, 'আপুনি কি কি আজে বাজে ভিডিঅ' চাই আছে, নাচাব।' তাই আপত্তি কৰাৰ পিছত মই বন্ধ কৰি দিছিলো।"
যাদৱৰ মতে, সোণমে গোৰখপুৰৰ দূৰত্বৰ বিষয়ে বাৰে বাৰে সোধা-পোছা কৰিছিল, ইয়াৰ পৰা অনুমান কৰা হৈছিল যে গাজীপুৰ নহয়, সেয়া তেওঁৰ উদ্দেশ্যপ্ৰণোদিত গন্তব্যস্থানহে। তাইৰ ষ্টপেজত যাদৱ নামি আহিল, সোণম বাছতে গুচি গ’ল।
পিছদিনা পুৱা সোণমৰ আত্মসমৰ্পণৰ বাতৰি আৰু ফটো দেখি যাদৱে সতীৰ্থ ভ্ৰমণকাৰীৰ পৰিচয় উপলব্ধি কৰিলে।ধাবাৰ পৰা ভাইৰেল ফটোখনত সোণমে বাছ যাত্ৰাৰ সময়ত পিন্ধা কাপোৰ পিন্ধিছিল বুলিও কয় ছানীয়ে। লগে লগে স্থানীয় আৰক্ষী আৰু ৰাজা ৰঘুবংশীৰ পৰিয়াল দুয়োৰে সৈতে তেওঁ যোগাযোগ কৰে।
উল্লেখ্য যে, ১১ মে’ত ইন্দোৰত বিবাহপাশত আবদ্ধ হোৱা ৰাজা ৰঘুবংশী (২৯) আৰু সোণম (২৫) হানিমুনৰ বাবে মেঘালয়লৈ যাত্ৰা কৰিছিল। ২৩ মে’ত পূৱ খাছি পাহাৰৰ ছ’হৰাৰ পৰা নিৰুদ্দেশ হৈছিল দম্পতীটো। ২ জুনত ৰাজাৰ মৃতদেহ হৈছিল। সোণম, তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহা আৰু আন তিনিজন সহযোগী - বিশাল চৌহান, আনন্দ কুৰ্মি, আৰু আকাশ ৰাজপুত এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ আৰক্ষীৰ।