/asomiyapratidin/media/media_files/2025/06/10/YK8A2KrMMuiFm7VkzZeW.jpg)
ডিজিটেল ডেস্কঃ সোনম আৰু ৰাজা ৰঘূবংশীৰ বিয়া হৈছিল ১১মে, ২০২৫ত। তাৰ ৪দিনৰ পিছতে সোনম স্বামী গৃহৰ পৰা গৈছিল পিতৃ গৃহলৈ। ১৬মে, ২০২৫ত পিতৃৰ ফেক্টৰীত কাম কৰা পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে মিলি স্বামী ৰাজাক হত্যাৰ সকলো পৰিকল্পনা কৰিছিল সোনমে। তাৰ পিছতে শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰি দুয়ো মিলি টিকট কাটিছিল গুৱাহাটীলৈ।
সোনম আৰু ৰাজ কুশৱাহাৰ প্ৰেম বহুদিনীয়া। পিতৃৰ ফেক্টৰীত কাম কৰা যুৱক ৰাজলৈ সহজে যে সোনমক বিয়া নিদিয়ে সেই কথা দুয়ো জানিছিল। সেয়েহে সোনমে ৰাজক প্ৰতিশ্ৰুতি দিছিল যে, স্বামী ৰাজা ৰঘূবংশীক হত্যা কৰি বিধৱা হোৱাৰ পাছত ৰাজৰ সৈতে বিয়াত বহিব। বিধৱা হোৱাৰ পাছত সোনমৰ ঘৰৰ কোনো লোকে ৰাজলৈ বিয়া হোৱাত বাধা নিদিব বুলি ভাৱিয়েই এই সমস্ত পৰিকল্পনা কৰা হৈছিল বুলি পৰকীয়া প্ৰেমিক ৰাজে আৰক্ষীক কৈছে।
ৰাজাৰ যি অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল সেই চুৰিখন গুৱাহাটীৰ পৰা অনলাইন অৰ্ডাৰ কৰা হৈছিল বুলি ৰাজে সদৰি কৰিছে আৰক্ষীক। সোনম আৰু স্বামী ৰাজা যিখন হোম ষ্টেত আছিল তাৰ প্ৰায় ১কিলোমিটাৰ নিলগতে আছিল ৰাজ আৰু দুই চুপাৰী কিলাৰ। সময়ে সময়ে লোকেশ্যন শ্বেয়াৰ কৰি আছিল সোনমে।
ফটো উঠাৰ চলেৰে পাহাৰৰ নিৰ্জন স্থানলৈ লৈ সোনমে লৈ গৈছিল ৰাজাক। সেই সময়তে ৰাজা আৰু সোনমৰ আগে আগে গৈ আছিল দুই হত্যাকাৰী। সোনমে নিৰ্দেশ দিয়াৰ লগে লগে আক্ৰমণ কৰিছিল ৰাজাক। প্ৰথমে আগফালে আৰু তাৰ পিছতে পিছফালৰ পৰা সোনমে নিজেই আক্ৰমণ কৰিছিল স্বামীক। তাৰ পিছতে দ খাৱৈত পেলাই দিয়া হৈছিল ৰাজাৰ নশ্বৰ দেহ। এই সকলো ঘটনা কোনেও নেদেখে তাৰ বাবে দুৰৈত তিনিগৰাকী হত্যাকাৰীৰ ভিতৰত এজনে বাইকত উঠি পৰিৱেশ পৰ্যবেক্ষণ কৰি আছিল।
মুঠৰ ওপৰত সম্পূৰ্ণ প্লেনিং কৰি শ্বিলঙত হত্যা কৰা হল ৰাজাক। এতিয়া সকলোৱে আশা কৰিছে সোনমৰ লগতে আন তিনিগৰাকী হত্যাকাৰীয়ে পাওক উচিত শাস্তি।