স্বাস্থ্য পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে ন ন তথ্য

মেডিকেল ৰিপৰ্টত সোণমৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন পোৱা নগ’ল। পিছে এই স্বাস্থ্য পৰীক্ষাৰ অন্তত সোণমৰ অন্তঃসত্ত্বাৰ সন্দেহ কৰা হৈছে। বৰ্তমানলৈ পোহৰলৈ অহা নাই সোণমৰ গৰ্ভত থকা সন্তানৰ পিতৃৰ পৰিচয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
৩ মাহৰ অন্তঃসত্ত্বা আছিল সোণম!

৩ মাহৰ অন্তঃসত্ত্বা আছিল সোণম!

ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে। সোমবাৰে গাজীপুৰত তেওঁৰ পত্নী সোণম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। গাজীপুৰৰ জিলা চিকিৎসালয়ত সোণমৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছিল। মেডিকেল ৰিপৰ্টত সোণমৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন পোৱা নগ’ল। পিছে এই স্বাস্থ্য পৰীক্ষাৰ অন্তত সোণমৰ অন্তঃসত্ত্বাৰ কথা সন্দেহ কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ পোহৰলৈ অহা নাই সোণমৰ গৰ্ভত থকা সন্তানৰ পিতৃৰ পৰিচয়।

Advertisment

তথ্য অনুসৰি, তিনিগৰাকী মহিলা চিকিৎসকৰ এটা দলে সোণমৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰিছিল। সোণমৰ গৰ্ভাৱস্থা পৰীক্ষাৰ বাবে চিকিৎসকে এসপ্তাহৰ পিছত আল্ট্ৰাছাউণ্ড কৰাৰ পৰামৰ্শ দিছে।  চিকিৎসকৰ দলটোৱে সদৰি কৰে যে, গৰ্ভাৱস্থাৰ আৰম্ভণিতে সঠিক ফলাফল পোৱাটো কঠিন, গতিকে অলপ অপেক্ষা কৰাটো প্ৰয়োজনীয়। সোমবাৰে তিনিগৰাকী মহিলা চিকিৎসকৰ দলে তেওঁৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ বুজ লোৱাৰ বাবে এই পৰীক্ষা কৰিছিল।

চিকিৎসা সূত্ৰই জনোৱা মতে, পৰীক্ষাৰ সময়ত সোণমক অত্যন্ত ভয়ংকৰ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত যেন দেখা গৈছিল। সোণম শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল। তেওঁক এনাৰ্জি ড্ৰিংক আৰু জুচ দিব লগা হৈছিল। অৱশ্যে চিকিৎসকে সোণমক শৰীৰত কোনো বাহ্যিক আঘাত পোৱা নাই। এসপ্তাহৰ পাছত আল্ট্ৰাছাউণ্ডতহে জানিব পৰা যাব প্ৰকৃত সত্য।

ৰাজা ৰঘুবংশী মেঘালয় আৰক্ষী