সোনম সহ চাৰি অভিযুক্তক আজি কৰাব আদালতত হাজিৰ...

ৰাজা ৰঘূবংশীৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তসকলকল বুধবাৰে হাজিৰ কৰা হ'ব মেঘালয়ৰ আদালতত। অভিযুক্তসকলৰ ভিতৰত ৰাজা ৰঘূবংশীৰ পত্নী তথা এই হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘূবংশী।

New Update
sonaaamm

ডিজিটেল ডেস্কঃ ৰাজা ৰঘূবংশীৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তসকলকল বুধবাৰে হাজিৰ কৰা হ'ব মেঘালয়ৰ আদালতত। অভিযুক্তসকলৰ ভিতৰত ৰাজা ৰঘূবংশীৰ পত্নী তথা এই হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘূবংশী। মঙলবাৰে তেওক উত্তৰ প্ৰদেশৰ পৰা মেঘালয় আৰক্ষীয়ে নিজৰ জিম্মাত লৈ শ্বিলঙলৈ আনিছে।

Advertisment

শ্বিলঙৰ পুলিচ বজাৰত থকা সদৰ থানাত তেওক মেঘালয় আৰক্ষীয়ে সোধ-পোচ কৰে এই ঘটনাৰ সন্দৰ্ভত। নিশা মহিলা লকআপত ৰখোৱা হয় সোনমক। ইতিমধ্যে আন চাৰিগৰাকী অভিযুক্তকো লৈ যোৱা হৈছে শ্বিলঙৰ সদৰ আৰক্ষী থানালৈ। আজি আদালতত হাজিৰ কৰোৱাব লগা অভিযুক্ত কেইগৰাকী ক্ৰমে- বিশাল সিং চৌহান, আকাশ ৰাজপুত, ৰাজ কুশ্বৱাহা আৰু আনন্দ কুৰ্মী। 

সোনম ৰঘূবংশীকো আজি আদালতত হাজিৰ কৰোৱাব আৰক্ষীয়ে। ইফালে আদালতত হাজিৰ কৰাই মেঘালয় আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক নিজৰ জিম্মাত লোৱাৰ পাছতে এই ঘটনাৰ সন্দৰ্ভত মেঘালয় আৰক্ষীয় শ্বিন ৰিক্ৰেশ্যন কৰাবলৈ ঘটনাস্থলীলৈ লৈ যাব।

আদালতত হাজিৰ কৰাৰ পূৰ্বেই আটাইকেইজন অভিযুক্তৰে পুনৰ স্বাস্থ্য পৰীক্ষা কৰাব মেঘালয় আৰক্ষীয়ে। কালিৰে পৰা মেঘালয় আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত সোনমক ভিন্ন তথ্য জানিবলৈ চেষ্টা কৰিছে যদিও তেও কোনো প্ৰশ্নৰে উত্তৰ দিয়া নাই। 

 

অসম