ৰাজ-সোণমৰ প্ৰেম কাহিনীঃ ক'ত, কেতিয়া, কেনেকৈ হৈছিল আৰম্ভ...

এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ৰাজ পেছাগত ভাৱে এজন একাউণ্টেণ্ট আছিল। ৰাজ কুশৱাহাই পূৰ্বে সোণমৰ দেউতাকৰ ফাৰ্মত কাম কৰিছিল। সোণমেও দেউতাক আৰু ভায়েকক তেওঁলোকৰ ব্যৱসায়ত সহায় কৰিছিল। তাতে তাইৰ ৰাজ কুশৱাহাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে।

author-image
Asomiya Pratidin
New Update
কোন এই ৰাজ কুশৱাহা ?

কোন এই ৰাজ কুশৱাহা ?

ডিজিটেল ডেস্কঃ মধুচন্দ্ৰিকাৰ বাবে মেঘালয়লৈ আহি স্বামীক হত্যা কৰা সোণম ৰঘুবংশীৰ খবৰে তোলপাৰ লগাইছে সমগ্ৰ দেশত। এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ সোণম আৰু ৰাজ কুশৱাহাৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। তাৰ মাজতে পোহৰলৈ আহিছে সোণমৰ প্ৰেমিক ৰাজ কুশৱাহা সন্দৰ্ভত ন ন তথ্য।

Advertisment

এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ৰাজ পেছাগত ভাৱে এজন একাউণ্টেণ্ট আছিল। ৰাজ কুশৱাহাই পূৰ্বে সোণমৰ দেউতাকৰ ফাৰ্মত কাম কৰিছিল। সোণমেও দেউতাক আৰু ভায়েকক তেওঁলোকৰ ব্যৱসায়ত সহায় কৰিছিল। তাতে তাইৰ ৰাজ কুশৱাহাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে।

পৰৱৰ্তী সময়ত এই সম্পৰ্ক প্ৰেমত পৰিণত হ’ল। সোণমৰ পৰিয়ালে সামাজিক ৰীতি-নীতিৰে বিয়া দিব বিচাৰিছিল কন্যাক। যাৰবাবে ঘৰৰ বিৰুদ্ধে যাবলৈ সাহস নাছিল সোণমৰ। তাৰ পৰিণতিতেই বিয়া হোৱাৰ লগে লগে স্বামী ৰাজাক বাটৰ পৰা আঁতৰাই নিয়াৰ পৰিকল্পনা কৰিছিল।

ইফালে সোণমৰ পিতৃৰ ভাষ্য অনুসৰি দুদিন আগলৈকে ৰাজ কামলৈ আহি আছিল। কিন্তু তাৰ পিছত আৰু ৰাজ কামলৈ নাহিল। উল্লেখযোগ্য যে, বিয়া হোৱাৰ পাছতো ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজ কুশৱাহাৰ লগত কথা পাতিছিল সোণমে। তেওঁৰ ফোন ডিটেইলৰ জৰিয়তে আৰক্ষীৰ মাজত সন্দেহৰ সৃষ্টি হয়। তাৰ পাছতে মেঘালয় আৰক্ষীয়ে তেওঁৰ বিষয়ে ইন্দোৰ আৰক্ষীক অৱগত কৰে। অৱশেষত সোমবাৰে ওলায় পৰে সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য। 

ৰাজা ৰঘুবংশী মেঘালয় আৰক্ষী মেঘালয়