/asomiyapratidin/media/media_files/2025/06/17/wo8Yo4Pz9tttk0KlH9hM.jpg)
yuhhss Photograph: (yuhhss)
ডিজিটেল ডেস্কঃ সোণম বাইদেউৰ সৈতে মোৰ কোনো প্ৰেমৰ সম্পৰ্ক নাই- আৰক্ষীৰ জেৰাত বাৰে বাৰে এই কথা কৈছে সোণমৰ পৰকীয়া প্ৰেমিক ৰাজ কুশ্বৱাহাই। উল্লেখ কৰা প্ৰয়োজন যে, সোণমতকৈ বয়সত প্ৰায় ৫বছৰ সৰু ৰাজ। গতিকে সমগ্ৰ ঘটনাক নতুন মূৰ দিবলৈ এই বায়েক-ভায়েকৰ নাটক ৰাজে ৰচনা কৰিছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
আৰক্ষীয়ে এই সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে। পৰ্যায়ক্ৰমে এই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে আৰক্ষীয়ে। ৫গৰাকী অভিযুক্ত সোধ-পোচৰ কৰি নিতৌ ন ন তথ্য লাভ কৰিছে তদন্তকাৰী বিষয়াই। ইফালে আৰক্ষীক ৰাজে কৈছে যে, সোণম বাইদেউৰ সৈতে মোৰ কোনো প্ৰেমৰ সম্পৰ্ক নাই, কিন্তু ৰাজাক আমি হত্যা কৰাতো সত্য।
মেঘালয় আৰক্ষীয়ে সন্দেহ কৰিছে যে, এই সমগ্ৰ ঘটনাত হয়তো ত্ৰিকোণীয় প্ৰেমৰ এটা দিশো থাকিব পাৰে। সমগ্ৰ বিষয়টো যিহেতু যথেষ্ট স্পৰ্শকাতৰ, সেয়েহে অতি সাৱধানতাৰে আগবাঢ়িছে আৰক্ষী। তদন্তকাৰী আৰক্ষীয়ে সোণম আৰু ৰাজ হাৱালা কাণ্ডৰে জড়িত থকাৰো প্ৰমাণ লাভ কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২০মেত নিৰুদ্দিষ্ট হৈছিল ৰাজা। ৩জুনত উৱলি যোৱা ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল দ' খাৱৈত। পৰৱৰ্তী সময়ত ৯জুনত সন্ধানহীন হৈ থকা সোণমৰ সন্ধান ওলাইছিল উত্তৰ প্ৰদেশৰ গাজীপুৰত। আৰু সোণমৰ সন্ধান ওলোৱাৰ পাছতে সমগ্ৰ ঘটনা আহে পোহৰলৈ।