/asomiyapratidin/media/media_files/2025/06/11/hHfin9aRvn7UdwtNodhf.jpg)
ডিজিটেল ডেস্কঃ সোনম আৰু ৰাজাৰ বিয়াক লৈ নানান তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। ৰাজা ৰঘূবংশীৰ পৰিয়ালৰ লোকে শেহতীয়াকৈ বহু কথা সংবাদ মাধ্যমক সদৰি কৰিছে। ৰাজা ৰঘূবংশীৰ এগৰাকী সম্পৰ্কীয় ভগ্নীয়ে এন এন আইৰ আগত সদৰি কৰিছে যে, সোনম আৰু ৰাজাৰ বিয়াৰ প্ৰস্তুতিৰ আৰম্ভণিৰে পৰাই ভিন্ন ক্ষেত্ৰত বাধা আহিছিল।
জ্যোতিষ শাস্ত্ৰৰ মতেও তেওলোকৰ মিলনক লৈ আছিল বহু বাধা। জ্যোতিষীয়ে ৰাজাৰ পৰিয়ালক সকিয়াই দিছিল যে, ৰাজা ৰঘূবংশীৰ বাবে সোনম বিপদজনক হিচাপে বিবেচিত হব পাৰে। জ্যোতিষীয়ে এই কথাও সকিয়াই দিছিল যে, বিয়াৰ পিছতে তেওলোকে যাতে কোনো দূৰণিবটীয়া ভ্ৰমণ নকৰে। এনে ভ্ৰমণে ৰাজাৰ জীৱনলৈ বিপদ আনিব পাৰে বুলি ৰাজাৰ মাতৃক সদৰি কৰিছিল জ্যোতিষীয়ে।
জ্যোতিষীৰ কথা মানি চলিবলৈ ৰাজাক মাতৃয়ে বাৰে বাৰে অনুৰোধ জনাইছিল। তথাপিও ৰাজাই মাতৃক কামাখ্যাৰ দৰে ধৰ্মপীঠলৈ যোৱাৰ বাবে কোনো বিপদ নহয় বুলি কৈছিল। মাতৃয়েও মা কামাখ্যাৰ দৰ্শনত বাধা দিয়াতো উচিত নহয় বুলি পুত্ৰ আৰু নবোৱাৰীক বাধা দিয়া নাছিল।
গুৱাহাটীলৈ আহি কামাখ্যা দৰ্শন কৰাৰ পাছতহে ৰাজাই পৰিয়ালক শ্বিলঙলৈ যোৱাৰ পৰিকল্পনাৰ কথা কৈছিল। সোনমেও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্বিলং ভ্ৰমণৰ কথা পৰিয়ালক নকবলৈ ৰাজাক কৈ থৈছিল। ৰাজাইও পত্নীৰ কথা শুনি গুৱাহাটীলৈ আহিহে হঠাতে এই পৰিকল্পনা কৰা বুলি পৰিয়ালক জনাইছিল।
সোনমৰ পৰিকল্পনা অনুসৰিয়েই সকলো হৈছিল আৰু অৱশেষত প্ৰাণ হেৰুৱাইছিল ৰাজাই।