শ্বিলঙলৈ নিয়া হ’ল স্বামীহন্তা সোনম ৰঘুবংশীক

বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে মেঘালয়ৰ শ্বিলঙলৈ নিয়া হ’ল স্বামীহন্তা সোনম ৰঘুবংশীক। মঙলবাৰে সন্ধিয়া ইন্দোৰৰ পৰা মেঘালয় আৰক্ষীয়ে বিমানযোগে গুৱাহাটীলৈ আনিছিল সোনমক।

author-image
Asomiya Pratidin
New Update
sonam

ডিজিটেল ডেস্ক : বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে মেঘালয়ৰ শ্বিলঙলৈ নিয়া হ’ল স্বামীহন্তা সোনম ৰঘুবংশীক। মঙলবাৰে সন্ধিয়া ইন্দোৰৰ পৰা মেঘালয় আৰক্ষীয়ে বিমানযোগে গুৱাহাটীলৈ আনিছিল সোনমক।

ইয়াৰ পাছতে নিশা প্ৰায় ১০-৩০ বজাত বৰঝাৰ বিমান বন্দৰৰ পৰা আৰক্ষীয়ে পোনে পোনে শ্বিলঙলৈ নিয়ে স্বামীহন্তা সোনমক। উল্লেখযোগ্য যে, ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত সোনম ৰঘুবংশী। মেঘালয়ৰ নৈসৰ্গিক পৰিৱেশত মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ আহোতে নৱবিবাহিত স্বামীক হত্যা কৰাৰ অভিযোগ পত্নী সোনমৰ বিৰুদ্ধে।

ইফালে আজিয়েই সোনমৰ লগতে আন ৩টা অভিযুক্তকো নিয়া হৈছে শ্বিলঙলৈ। জানিব পৰা মতে শ্বিলঙত আটাইকেইগৰাকী অভিযুক্তৰ উপৰি সোনমৰ কৰা হ’ব স্বাস্থ্য পৰীক্ষা। তাৰ পাছতে কৰা হ’ব ক্ৰাইম চিন ৰিক্ৰিয়েট।

meghalaya