‘ধৰ্ষণ কৰি হত্যা কৰা হৈছিল বিজেপি নেতা সোণালীক’ : অভিযোগ সোণালীৰ ভাতৃৰ…

‘ধৰ্ষণ কৰি হত্যা কৰা হৈছিল বিজেপি নেতা সোণালীক’ : অভিযোগ সোণালীৰ ভাতৃৰ…

author-image
asomiyapratidin
New Update
‘ধৰ্ষণ কৰি হত্যা কৰা হৈছিল বিজেপি নেতা সোণালীক’ : অভিযোগ সোণালীৰ ভাতৃৰ…

ডিজিটেল ডেস্ক : টিকটক তাৰকা আৰু বিজেপি নেতা সোণালী ফোগাটৰ মৃত্যুক লৈ ন ন তথ্য পোহৰলৈ আহিছে। হৃদৰোগত আক্ৰান্ত হৈ বিজেপি নেতাগৰাকীৰ মৃত্যু হৈছিল বুলি চিকিৎসকে জনাইছিল যদিও বৰ্তমান সময়ত আন কিছু ৰহস্য পোহৰলৈ আহিছে।

Advertisment

নেতা গৰাকীৰ ব্যক্তিগত সহায়ক ( পিএ) সুধীৰ চাংগবানৰ ওপৰত উঠিছে আঙুলি। এই ক্ষেত্ৰত সোণলী ফোগাটৰ ভাতৃয়ে গোৱা আৰক্ষীক জনাইছে যে সোনালীৰ মৃত্যু হৃদৰোগত আক্ৰান্ত হৈ নহয়, বৰঞ্চ তেওঁক হত্যা কৰা হৈছে। সোনালীৰ সৈতে যোৱা ব্যক্তিগত সহায়ক সুধীৰ চাংগবান আৰু সুখবীন্দৰ সাংগবানে সোণালীৰ সৈতে দুষ্কৰ্ম কৰাৰ লগতে হত্যা কৰাৰো অভিযোগ উত্থাপন কৰিছে ভাতৃয়ে।

সোনালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি আৰক্ষীৰ আগত অভিযোগ উত্থাপন কৰিছে সোণালীৰ ভাতৃয়ে। 'সোণালীৰ সৈতে শেষবাৰ কথা পাতোতে তেওঁ জনাইছিল যে তেওঁৰ খাদ্যত কিবা মিহলি কৰি দিয়া যেন অনুভৱ হৈছে আৰু অসুস্থ অনুভৱ কৰিছে।' এই কথা সোণালীৰ ভাতৃয়ে উল্লেখ কৰিছে।

ইয়াৰ উপৰিও তেওঁৰ ভনীয়েকে কৈছিল যে তিনি বছৰ আগতে সুধীৰ চাংবানে খাদ্যত ড্ৰাগছ মিহলি কৰি বাৰে বাৰে ধৰ্ষণ কৰিছিল আৰু এটা ভিডিঅ' কৰিছিল। তেওঁ ভিডিঅ'টো ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছিল।

লগতে পিএ সুধীৰ চাংৱানে কৈছিল যে যদি আপুনি কাৰোবাক যদি কিবা কয়, মই আপোনাৰ চলচ্চিত্ৰ আৰু ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰি দিম। তেতিয়াৰ পৰা, তেওঁ মানসিক ভাৱে দুৰ্বল হৈ পৰিছিল। ইয়াৰ উপৰিও সুধীৰ চাংবানে সোণালীৰ ফোন, সম্পত্তিৰ কাগজপত্ৰ, এটিএম আৰু ঘৰৰ চাবি নিজৰ ওচৰত ৰাখিছিল।

death bjp goa police