/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5e062ce0-595a-48fa-970b-26cd1de304e1/BORA_12.jpg)
SONAI BORA SONAI BORA
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত নসত্ৰ গাঁৱৰ বয়োজেষ্ঠ নাগৰিক, তথা সমাজৰ মূলৰ শাৰীৰ ভকত সোনাই বৰাৰ দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিয়োগ হয়। ৯০ বছৰীয়া বৰা যোৱা শনিবাৰে পুৱা চোতালত বহি থকা অৱস্থাতে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ ঢলি পৰে।
লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও, ভকতগৰাকীক তাত উপযুক্ত চিকিৎসা প্ৰদান নকৰাত তেওঁক সেই নিশাই গুৱাহাটীলৈ লৈ যোৱা হয়। তাতে চিকিৎসাৰত অৱস্থাত দেওবাৰে বিয়োগ হয়।
অঞ্চলটোৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত বৰাই সুন্দৰকৈ বাঁহ, বেতৰ সামগ্ৰী প্ৰস্তুত কৰিব পাৰিছিল আৰু গাঁৱৰ ৰাইজক বনৌষধি চিকিৎসা কৰিছিল। অত্যন্ত উদ্যমী সোনাই বৰাই ১৯৯১ চনত চাইকেল চলাই কাশী, গয়া, বৃন্দাবন, জগন্নাথ আদি দেশৰ বিভিন্ন তীৰ্থস্থান সমূহ দৰ্শন কৰিছিল।
বৰাৰ মৃত্যুত বটদ্ৰৱা, ৰাইডঙীয়া, নসত্ৰ অঞ্চলৰ বহুজনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত সোনাই বৰাই তিনি জন পুত্ৰ, বোৱাৰী, এগৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।